গণৰাজ্য দিৱস উপলক্ষে দেশৰ ৯০১ গৰাকী আৰক্ষীলৈ বিশেষ সন্মান। ১৪০ গৰাকী আৰক্ষীলৈ আগবঢ়োৱা হৈছে সাহসিকতাৰ পদক। ৯৩ গৰাকী আৰক্ষীলৈ ৰাষ্ট্ৰপতিৰ পদক আগবঢ়োৱা হৈছে। ৬৬৮ গৰাকী আৰক্ষীলৈ বিশেষ যোগ্যতাৰ পদক।
অসমৰ ১৫ গৰাকীলৈ ৰাষ্ট্ৰপতিৰ বিশেষ পদক আগবঢ়োৱা হৈছে। DIG কংকনজ্যোতি শইকীয়ালৈ বিশেষ সেৱাৰ বাবে আগবঢ়োৱা হৈছে আৰক্ষী পদক।
আনহাতে, অসমৰ ১৪ গৰাকী আৰক্ষী বিষয়া–কনিষ্টবললৈ কৃতিত্বমূলক সেৱাৰ বাবে আগবঢ়োৱা হৈছে ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক। গুৱাহাটীৰ CP দিগন্ত বৰালৈ আগবঢ়োৱা হৈছে ৰাষ্ট্ৰপতিৰ পদক। SP মজিবুৰ ৰহমান আৰু ড০ ৰ’জী কলিতালৈও ৰাষ্ট্ৰপতিৰ পুলিচ পদক আগবঢ়োৱা হৈছে।
আনহাতে, পৰিদৰ্শক অনুকুল মালাকৰ, কনিষ্টবল ছিকাৰি ইংতি, কনিষ্টবল দিলীপ কলিতা, লেঞ্চ নায়ক মজিবুৰ ৰহমান চৌধুৰী, নায়ক মাণিক কাংছা বণিক, কনিষ্টবল সুমেশ্বৰ মুদৈ, কনিষ্টবল সুনীল ফুকন, কনিষ্টবল জোনমণি তামুলী, লেঞ্চ নায়ক আনন্দ ৰংহাং, ASI ঋতুমণি বৈৰাগী আৰু কনিষ্টবল সুভাষ ৰাভালৈ ৰাষ্ট্ৰপতিৰ পুলিচ পদক আগবঢ়োৱা হৈছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|