உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ৰাজপথত নামিব ৯ হাজাৰ অস্থায়ী কৰ্মচাৰী, ১৬ আগষ্টৰ পৰা আৰম্ভ প্ৰতিবাদ

    ৰাজপথত নামিব ৯ হাজাৰ অস্থায়ী কৰ্মচাৰী, ১৬ আগষ্টৰ পৰা আৰম্ভ প্ৰতিবাদ

    বছৰ বছৰ ধৰি চৰকাৰৰ দ্বাৰা শোষিত হৈ অহা বুলি অভিযোগ।

    বছৰ বছৰ ধৰি চৰকাৰৰ দ্বাৰা শোষিত হৈ অহা বুলি অভিযোগ।

    বছৰ বছৰ ধৰি চৰকাৰৰ দ্বাৰা শোষিত হৈ অহা বুলি অভিযোগ।

    • Share this:

      ১৬ আগষ্টৰ পৰা অসমৰ জনস্বাস্থ‍্য কাৰিকৰী বিভাগৰ পানী যোগান বন্ধ হৈ পৰিব। কাৰণ চাকৰি নিয়মীয়াকৰণ আৰু দৰমহাৰ দাবীত সেইদিনাখনৰ পৰা সমগ্ৰ অসমৰ প্ৰায় ৯ হাজাৰ কৰ্মচাৰীয়ে অনিৰ্দিষ্ট কাললৈ কৰ্মবিৰতি পালন কৰিব।


      এইসকল কৰ্মচাৰীয়ে এটা দশকতকৈও অধিক সময় কাম কৰিছে যদিও ২০১৩- ২০১৪ বৰ্ষত কিছুসংখ্যক আঁচনিত কমিটী গঠন কৰি ছমাহৰ বাবে পাঁচ হাজাৰকৈ টকা দিয়া হৈছিল। কিন্তু ছমাহৰ পিছত সেইখিনি মাননিও বন্ধ কৰি দিয়া হয়।


      বছৰ বছৰ ধৰি চৰকাৰৰ দ্বাৰা শোষিত হৈ অহা বুলি অভিযোগ আনি এইসকল পাম্প অপাৰেটৰে চৰকাৰলৈ অনুৰোধ জনাইছে তেওঁলোকৰ প্ৰাপ্য আদায় দিবলৈ। অন‍্যথা অনাগত দিনৰ অনাহুত পৰিস্থিতিৰ বাবে চৰকাৰ জগৰীয়া হ'ব বুলি সকীয়াই দিয়ে।

      Published by:Gautam Barman
      First published: