• Home
  • »
  • News
  • »
  • assam
  • »
  • 90 year Old National Flag : ৯০ বছৰ পুৰণি জাতীয় পতাকা উদ্ধাৰ, চৰাইদেউ জিলাৰ বেঙেনাবাৰী সৰুপথাৰ গাঁৱত চাবলৈ ৰাইজৰ ভিৰ

90 year Old National Flag : ৯০ বছৰ পুৰণি জাতীয় পতাকা উদ্ধাৰ, চৰাইদেউ জিলাৰ বেঙেনাবাৰী সৰুপথাৰ গাঁৱত চাবলৈ ৰাইজৰ ভিৰ

নয়নমণিৰ ককাক পদ্মেশ্বৰ ৰাজখোৱা আছিল এজন স্বাধীনতা সংগ্ৰামী।

নয়নমণিৰ ককাক পদ্মেশ্বৰ ৰাজখোৱা আছিল এজন স্বাধীনতা সংগ্ৰামী।

নয়নমণিৰ ককাক পদ্মেশ্বৰ ৰাজখোৱা আছিল এজন স্বাধীনতা সংগ্ৰামী।

  • Share this:
চৰাইদেউ জিলাৰ সোণাৰিৰ বেঙেনাবাৰী সৰুপথাৰ গাঁৱত ৯০ বছৰ পুৰণি জাতীয় পতাকা উদ্ধাৰ।

এক ঐতিহাসিক ক্ষণৰ সাক্ষী চৰাইদেউ (Charaideo) জিলাৰ সোণাৰিৰ বেঙেনাবাৰী সৰুপথাৰ গাঁৱৰ ৰাইজ। ১৯৩১ চনৰ এখন জাতীয় পতাকা উদ্ধাৰ হোৱা পিছত ৰাইজৰ মাজত ব্যাপক উৎকণ্ঠা (90 year old national flag found in Sonari)।

স্বাধীন ভাৰতৰ পূৰ্বৰখন পতাকা উদ্ধাৰ হৈছে সোণাৰিৰ সৰুপথাৰ নিৱাসী নয়নমণি ৰাজখোৱাৰ বাসগৃহত। অতি পৌৰাণিক জাতীয় পতাকাখন নয়নমণিৰ বাসগৃহত উদ্ধাৰ হোৱাৰ পিছতে স্বাধীন ভাৰতৰ গৌৰৱময় পতাকাখন দৰ্শন কৰিবলৈ স্থানীয় ৰাইজে লগাই হেতাওপৰা।

নয়নমণিৰ ককাক পদ্মেশ্বৰ ৰাজখোৱা আছিল এজন স্বাধীনতা সংগ্ৰামী। নয়নমণিৰ কণমানি কন্যাই ঘৰত আইতাকক এখন জাতীয় পতাকা বিচৰাত ঘৰৰ পুৰণি এটা বাকচত উদ্ধাৰ হয় এই পুৰণি ঐতিহাসিক ৯০ বছৰ পুৰণি জাতীয় পতাকাখন।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি