• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam Boat Accident : নিমাতীঘাটৰ নাও দুৰ্ঘটনাত আৰু কিমানজন সন্ধানহীন? ড্ৰোণেৰে চলোৱা হ’ব নিৰীক্ষণ

Assam Boat Accident : নিমাতীঘাটৰ নাও দুৰ্ঘটনাত আৰু কিমানজন সন্ধানহীন? ড্ৰোণেৰে চলোৱা হ’ব নিৰীক্ষণ

আজি পুৱা ৬ বজাৰ পৰা পুনৰ আৰম্ভ কৰিছে উদ্ধাৰ অভিযান। উদ্ধাৰ অভিযানৰ বাবে সহায় বিচৰা হৈছে সেনা বাহিনীৰ।

আজি পুৱা ৬ বজাৰ পৰা পুনৰ আৰম্ভ কৰিছে উদ্ধাৰ অভিযান। উদ্ধাৰ অভিযানৰ বাবে সহায় বিচৰা হৈছে সেনা বাহিনীৰ।

আজি পুৱা ৬ বজাৰ পৰা পুনৰ আৰম্ভ কৰিছে উদ্ধাৰ অভিযান। উদ্ধাৰ অভিযানৰ বাবে সহায় বিচৰা হৈছে সেনা বাহিনীৰ।

  • Share this:
নিমাতীঘাটৰ ভয়ংকৰ নাও দুৰ্ঘটনাৰ ফলত এতিয়াও ৭জন লোক সন্ধানহীন হৈ আছে। ASDMAৰ তথ্য অনুসৰি, নাৱত থকা ৯০জন লোকৰ ৮২জনক উদ্ধাৰ কৰা হৈছে। দুৰ্ভাগ্যজনকভাৱে পৰিমিতা দাস নামৰ এগৰাকী শিক্ষয়িত্ৰীৰ মৃত্যু হৈছে। আন ৭জন লোক সন্ধানহীন হৈ আছে। সন্ধানহীনসকলৰ ভিতৰত আছে লখিমপুৰৰ জান বৰুৱা আৰু যোৰহাটৰ ডাঃ বিক্ৰমজিত বৰুৱা।

এনডিআৰএফে জানিবলৈ দিয়া মতে, নিশা আঢ়ৈ বজালৈ অভিযান চলায় এনডিআৰএফ বাহিনীয়ে। আজি পুৱা ৬ বজাৰ পৰা পুনৰ আৰম্ভ কৰিছে উদ্ধাৰ অভিযান। উদ্ধাৰ অভিযানৰ বাবে সহায় বিচৰা হৈছে সেনা বাহিনীৰ। ব্যৱহাৰ কৰা হ’ব ড্ৰোণ আৰু হেলিকপ্টাৰ। ইফালে, আজি ঘটনাস্থলীলৈ যাব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

উল্লেখযোগ্য যে বুধবাৰে দুখন নাৱৰ মাজত হোৱা সংঘৰ্ষৰ ফলতে সংঘটিত হৈছিল এই ভয়ংকৰ দুৰ্ঘটনাটো। আভ্যন্তৰীণ জল পৰিবহণৰ এখন ফেৰী মাজুলীৰ ফালৰ পৰা আহি ঘাত পাইছিল। সেইসময়তে যোৰহাটৰ ফালৰ পৰা মাজুলী অভিমুখে যাবলৈ সাজু হোৱা নাওখনত পেছেঞ্জাৰ লোড কৰি ৰখা হৈছিল। মাজুলীৰ ফালৰ পৰা আহি থকা ফেৰীখন চাপিবলৈ ঠাই উলিয়াই দিবলৈ আগলৈ আগবাঢ়ি যাওঁতেই মুখামুখি সংঘৰ্ষ হয়। ফলত ব্ৰহ্মপুত্ৰৰ বুকুত ডুব যায় নাওখন।
Published by:Sanjay Kumar Das
First published: