সংগ এৰিছে ৰকিবুল হুছেইনৰ! উপ-সভাপতি, সাধাৰণ সম্পাদক সহ ৯গৰাকী জ্যেষ্ঠ কংগ্ৰেছীৰ দলত্যাগ

News18 Assam | News18-Assam
Updated:February 15, 2020, 2:41 PM IST
সংগ এৰিছে ৰকিবুল হুছেইনৰ! উপ-সভাপতি, সাধাৰণ সম্পাদক সহ ৯গৰাকী জ্যেষ্ঠ কংগ্ৰেছীৰ দলত্যাগ
বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ এটা বছৰ থকাৰ অৱস্থাত আকৌ এবাৰ বিসম্বাদে দহিছে দলটোক!

বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ এটা বছৰ থকাৰ অৱস্থাত আকৌ এবাৰ বিসম্বাদে দহিছে দলটোক!

  • Share this:
ইটোৰ পিছত সিটো নিৰ্বাচনত বিপৰ্যয়ৰ সন্মুখীন হৈ ক্ৰমাৎ শক্তিহীন হৈ পৰিছে কংগ্ৰেছ। বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ এটা বছৰ থকাৰ অৱস্থাত আকৌ এবাৰ বিসম্বাদে দহিছে দলটোক! এইবাৰ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ গৃহ সমষ্টিত দেখা দিছে বিসম্বাদ।

বিগত ২০বছৰে কংগ্ৰেছৰ দখলত থকা তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে প্ৰতিনিধিত্ব কৰা চামগুৰি সমষ্টিৰ ভুৰবন্ধা মণ্ডল কংগ্ৰেছৰ ৪জন সাধাৰণ সম্পাদক আৰু দুগৰাকী উপসভাপতি সহ ৩জন কাৰ্যকৰী সদস্যই আজি ব্যক্তিগত অসুবিধাৰ দোহাই দি ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ লগতে বিষয়বাব ত্যাগ কৰে।

উল্লেখযোগ্য যে প্ৰতিবাৰ নিৰ্বাচনতে ভুৰবন্ধা মণ্ডল কংগ্ৰেছে আটাইতকৈ বৃহৎ ব্যৱধানত ৰকিবুল হুছেইনক অগ্ৰগতি প্ৰদান কৰিছিল। বিগত সময়ছোৱাত ৰকিবুল হুছেইনৰ অতিশয় ঘণিষ্ঠ হিচাপে পৰিচিত কংগ্ৰেছ নেতা নুৰ ইছলাম, আমিনুল হক খান, হাছেন আলী, আবুজাৰ আহমেদ, আব্দুল কাদিৰ আৰু ছাইফ উদ্দিন আহমদৰ লগতে কেইবাগৰাকীও নেতাই কংগ্ৰেছ ত্যাগ কৰিছে। ইতিমধ্যে আটাইকেইগৰাকী কংগ্ৰেছ নেতাই ব্যক্তিগত অসুবিধাৰ দোহাই দি ব্লক কংগ্ৰেছৰ সভাপতিৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰিছে। ২১ৰ নিৰ্বাচনৰ পূৰ্বে চামগুৰি কংগ্ৰেছৰ নেতাৰ দলত্যাগে চিন্তিত কৰি তুলিছে নগাঁৱৰ কংগ্ৰেছ মহলক।
আৰু চাওক
পৰৱৰ্তী বাতৰি