আৰক্ষী বাবে প্ৰত্যাহ্বান হৈ পৰিছে কোৰোণা ভাইৰাছ৷ ৰাজ্যজুৰি কোৰোণা ৰোগীৰ সংখ্যা দিনে দিনে বৃদ্ধি পাই আহিছে৷ লাহে লাহে ৰাজ্যত বিশেষকৈ গুৱাহাটী মহানগৰীত আৰম্ভ হৈছে গণ সংক্ৰমণ! গুৱাহাটী মহানগৰীত বৰ্তমানলৈকে ওলাইছে দৈনিক গড়ে ৩০ৰ পৰা ৫০জন লোকৰ দেহত কোভিড–১৯ পজিটিভ৷ ইয়াৰ সমান্তৰালকৈ কোৰোণা ভাইৰাছৰ সংক্ৰমণ হৈছে আৰক্ষীৰ মাজতো৷
২১ জুনৰ দিনা গুৱাহাটী মহানগৰীত কোভিড পজিটিভ পোৱা গৈছে ৫জনকৈ আৰক্ষীৰ লোক৷ ৫জনৰ এগৰাকী পাণবজাৰ আৰক্ষী থানাৰ হাবিলদাৰ, তিনিজন পাণবজাৰৰ যান–বাহন আৰক্ষী আৰু এজন অসম আৰক্ষীৰ আইন শৃংখলা শাখাৰ মহাপৰিদৰ্শক দীপক কেডিয়াৰ দেহৰক্ষী৷ এতিয়ালৈকে গুৱহাটীতে ৯জনৰ দেহত দেহত কোৰোণা ভাইৰাছৰ উপস্থিতি পোৱাৰ লগতে প্ৰায় ১০০জন আৰক্ষীৰ নমুনা সংগ্ৰহ কৰা হৈছে৷
আৰক্ষী কোৰোণা পজিটিভ হোৱাৰ পিছত সমগ্ৰ পৰিস্থিতিক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰিছে গুৱাহাটী আৰক্ষীয়ে৷ ৯জনকৈ আৰক্ষীৰ লোক পজিটিভ পোৱাৰ লগে লগে কোৱাৰেণ্টাইন কৰা হৈছে প্ৰায় ১০০ আৰক্ষী আৰু তেওঁলোকৰ পৰিয়ালক৷
আনহাতে অকল আৰক্ষীয়ে নহয়, গুৱাহাটীত বৰ্তমানলৈকে প্ৰায় ১৮১টা কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰিছে, ইয়াৰ ভিতৰত ১৪৫টা বৰ্তমান সক্ৰিয় হৈ আছে৷ ইয়াৰ উপৰি, ৰাজ্যৰ বাহিৰৰ পৰা বিমানত অহা লোকৰ বাবে এতিয়াৰ পৰা স্ক্ৰীণিং হ’ব সৰুসজাই ষ্টেডিয়ামত৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|