মুখ্যপৃষ্ঠা » খবৰ

» অসম

»ৰাজস্থানৰ পৰা ট্ৰেভেলাৰ ভাড়া কৰি মৰিয়নীত উপস্থিত নিজামুদ্দিনলৈ যোৱা ৯জন লোক, তীব্ৰ আতংক

ৰাজস্থানৰ পৰা ট্ৰেভেলাৰ ভাড়া কৰি মৰিয়নীত উপস্থিত নিজামুদ্দিনলৈ যোৱা ৯জন লোক, তীব্ৰ আতংক

News18 Assam | News18-Assam
Updated:May 15, 2020, 9:43 AM IST
ৰাজস্থানৰ পৰা ট্ৰেভেলাৰ ভাড়া কৰি মৰিয়নীত উপস্থিত নিজামুদ্দিনলৈ যোৱা ৯জন লোক, তীব্ৰ আতংক
Photo : askgif.com

আৰক্ষীয়ে লোক কেইজনৰ শৰীৰত কোনো ৰোগৰ লক্ষণ নথকাত হোম কোৱাৰেণ্টাইনত থাকিব বুলি উল্লেখ কৰে।

  • Share this:
দিল্লী নিজামুদ্দিনৰ তবলিগী জামাতত অংশগ্ৰহন কৰা ৯জন লোক আজি মৰিয়নীৰ দেবেৰাপাৰাৰ নিজ নিজ গৃহত উপস্থিত হয়। সম্প্ৰতি হোম কোৱাৰেণ্টাইনৰ নিৰ্দেশ দিয়া লোকসকলৰ আগমনক লৈ নকচাৰীবাসীৰ মাজত আতংকৰ সৃষ্টি হৈছে। জানিব পৰা মতে, নিজামুদ্দিনৰ তবলিগী জামাতত অংশগ্ৰহণৰ পিছত এই লোকসকল ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে ৰাজস্থানলৈ গৈছিল।

লকডাউনৰ ফলত দলটো ৰাজস্থানতে আৱদ্ধ হৈ পৰাৰ লগতে দিল্লী তবিলগী জামাত কোৰোণা সংক্ৰমণৰ হটস্পট হিচাপে চিনাক্ত হোৱাত স্থানীয় প্ৰশাসনে লোককেইজনক স্বাস্থ্য পৰীক্ষা কৰি ১৪ দিন কোৱাৰেণ্টাইনত ৰাখে।

আনহাতে, লকডাউন কিছু শিথিল হোৱাত চৰকাৰী অনুমতি লৈ ছফিউল হুছেইন, মুন্না খান, আকিব আলী, জফিক আলী বৰা, আলতাফ আহমেদ, মুস্তাক আহমেদ, জনেদ আলম, আতাউৰ ৰহমান নামৰ লোককেইজনে ৰাজস্থানৰ পৰা এখন ট্ৰেভেলাৰ ভাড়া কৰি মৰিয়নীৰ নকছাৰীত উপস্থিত হয়।

এই দলটোৰ সন্দৰ্ভত প্ৰশাসনৰ লগত যোগাযোগ কৰাত জনায় যে, লোককেইজনক ইতিমধ্যে ৰাজস্থানত কোৱাৰেণ্টাইন কৰা হৈছিল আৰু কোৰোণা ৰোগত আক্ৰান্ত নহয় বুলি স্বাস্থ্য পৰীক্ষাৰ প্ৰমাণ পত্ৰও তেওঁলোকৰ হাতত আছে বুলি জানিবলৈ দিয়ে। ইয়াৰ উপৰি যোৰহাট জিলাত প্ৰৱেশ কৰাৰ পূৰ্বে কাকডোঙাত লোককেইজনৰ স্বাস্থ্য পৰীক্ষা কৰা হয় বুলিও অৱগত কৰে।

আনহাতে, মৰিয়নী আৰক্ষীয়ে বৃহস্পতিবাৰে বিয়লি লোককেইজনক নিজ গৃহত থ’বলৈ অহা অৱস্থাত স্থানীয় ৰাইজে লোককেইজনক আছুতীয়াকৈ কোৱাৰেণ্টাইনত ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাই আৰক্ষীক। কিন্তু আৰক্ষীয়ে লোক কেইজনৰ শৰীৰত কোনো ৰোগৰ লক্ষণ নথকাত হোম কোৱাৰেণ্টাইনত থাকিব বুলি উল্লেখ কৰে।

কিন্ত স্থানীয় ৰাইজে অভিযোগ কৰা মতে, লোক কেইজন ঘৰত উপস্থিত হোৱা সময়ত আৰক্ষীৰ বাহিৰে কোনো স্বাস্থ্যকৰ্মী উপস্থিত নথকাৰ লগতে হোম কোৱাৰেণ্টাইনত থকাৰ নীতি–নিৰ্দেশনাসমূহো তেওঁলোকক বুজাই দিয়া হোৱা নাছিল। ফলত ৰাজস্থানৰ পৰা অহা লোককেইজনক লৈ নকছাৰী দেৱেৰাপাৰবাসী আতংকিত হৈ পৰিছে।

ৰেড জ'ন অঞ্চল পাৰ হৈ অহা লোক কেইজনক প্ৰশাসনে কোৱাৰেণ্টাইন কৰাৰ কিয় ব্যৱস্থা গ্ৰহণ নকৰিলে বুলি স্থানীয় ৰাইজে প্ৰশ্ন উত্থাপন কৰাৰ লগতে এই লোকসকলৰ মাজত কোনো লোক যদি কোভিড-১৯ পজিটিভ ওলাই তাৰ বাবে যোৰহাট জিলা প্ৰশাসনে জগৰীয়া হ'ব বুলিও সকীয়াই দিয়ে। আনহাতে প্ৰশাসনে ৰাইজক আশ্বস্ত কৰিব পৰাকৈ বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় সচেতন মহলে অনুৰোধ জনাইছে।
First published: May 15, 2020, 9:43 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি