ৰাজ্যত হাজাৰৰ ঘৰৰ দিশে কোৰোণাত আক্ৰান্তৰ সংখ্যা, আৰু ৯জনৰ দেহত কোভিড–১৯ পজিটিভ

News18 Assam | News18-Assam
Updated:May 28, 2020, 8:05 AM IST
ৰাজ্যত হাজাৰৰ ঘৰৰ দিশে কোৰোণাত আক্ৰান্তৰ সংখ্যা, আৰু ৯জনৰ দেহত কোভিড–১৯ পজিটিভ
Source-Google

বুধবাৰৰ দিনটোত অসমত মুঠ ১০১জন লোক আক্ৰান্ত হয় কোভিড–১৯ত।

  • Share this:
ৰাজ্যত হাজাৰৰ ঘৰৰ দিশে কোৰোণা ভাইৰাছত আক্ৰান্তৰ ৰোগীৰ সংখ্যা। ৭৮৩জনলৈ বৃদ্ধি পালে অসমত কোভিড–১৯ত আক্ৰান্ত ৰোগীৰ সংখ্যা। নিশা আৰু ৯জন লোকৰ দেহত ধৰা পৰে কোৰোণা ভাইৰাছৰ অৱস্থিতি। ইয়াৰ ভিতৰত ৫জন হোজাইৰ, এজন নগাঁৱৰ, এজন মৰিগাঁৱৰ, এজন কামৰূপৰ আৰু এজন যোৰহাটৰ। এইকথা টুইটাৰযোগে জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বুধবাৰৰ দিনটোত অসমত মুঠ ১০১জন লোক আক্ৰান্ত হয় কোভিড–১৯ত।

বৰ্তমানলৈ অসমত সক্ৰিয় অৰ্থাৎ চিকিৎসাধীন হৈ থকা লোকৰ সংখ্যা ৬৮৯জন। চাৰিজনৰ মৃত্যু হোৱাৰ বিপৰীতে সুস্থ হৈছে ৮৭জন। তিনিজন লোক ৰাজ্যৰ বাহিৰলৈ ওলাই গৈছে।

First published: May 28, 2020, 8:05 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি