মুখ্যপৃষ্ঠা » খবৰ

» অসম

»মাটিৰ দালালৰ বিৰুদ্ধে যোৰহাটতো আৰক্ষীৰ অভিযান, কিমানজন দালাল পৰিল আৰক্ষীৰ জালত?

মাটিৰ দালালৰ বিৰুদ্ধে যোৰহাটতো আৰক্ষীৰ অভিযান, কিমানজন দালাল পৰিল আৰক্ষীৰ জালত?

News18 Assam | News18-Assam
Updated:September 21, 2021, 12:27 PM IST
মাটিৰ দালালৰ বিৰুদ্ধে যোৰহাটতো আৰক্ষীৰ অভিযান, কিমানজন দালাল পৰিল আৰক্ষীৰ জালত?
এই লোকসকলক সোধা–পোছা কৰিলে যোৰহাটৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়সমূহত চলি অহা দালালৰাজৰ বহু তথ্য পোহৰলৈ অহাৰ পূৰ্ণ সম্ভাৱনা আছে।

এই লোকসকলক সোধা–পোছা কৰিলে যোৰহাটৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়সমূহত চলি অহা দালালৰাজৰ বহু তথ্য পোহৰলৈ অহাৰ পূৰ্ণ সম্ভাৱনা আছে।

  • News18 Assam
  • Last Updated: September 21, 2021, 12:27 PM IST
  • Share this:
মুখ্যমন্ত্রীৰ নিৰ্দেশৰ পিছতে মাটিৰ দালাল তথা ভূ-মাফিয়াৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে যোৰহাট আৰক্ষী। সোমবাৰে নিশাৰে পৰা যোৰহাট আৰক্ষীয়ে অভিযান চলাই আটক কৰিছে মাটি দালালিৰ সৈতে জড়িত থকাৰ অভিযোগত ইজনৰ পিছত সিজন লোকক। এই ঘটনাই যোৰহাটৰ বিভিন্ন মহলত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

শেহতীয়াকৈ যোৰহাট আৰক্ষীৰ হাতত আছে যোৰহাটত দীৰ্ঘদিন ধৰি মাটিৰ দালালৰূপে অবৈধভাৱে কাম চলাই অহা একাংশ লোকৰ তালিকা। অভিযোগৰ ভিত্তিত যোৰহাট আৰক্ষীয়ে সোমবাৰে নিশা নজন লোকক সোধা–পোছাৰ বাবে আটক কৰিছে। আৰক্ষীয়ে আটক কৰা লোককেইজন হ’ল মঞ্জিৎ চাংমাই, ধৰণি চেতিয়া, পংকজ বৰুৱা, জ্ঞানমণি বৰবৰা, দীপ নেওগ, দিগন্ত গগৈ, বিজয় বৰা, চিৰঞ্জিত ৰাজখোৱা আৰু বাবু বৰা। নিৰ্দিষ্ট অভিযোগৰ ভিত্তিত যোৰহাটত মাটি দালাল আৰু ভূ-মাফিয়াৰ বিৰুদ্ধে আৰু অভিযান চলিব বুলি জানিব পৰা গৈছে।

আনহাতে, ইতিমধ্যে আৰক্ষীয়ে আটক কৰা এই লোকসকলক সোধা–পোছা কৰিলে যোৰহাটৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়সমূহত চলি অহা দালালৰাজৰ বহু তথ্য পোহৰলৈ অহাৰ পূৰ্ণ সম্ভাৱনা আছে। সেয়ে হ’লে একাংশ মণ্ডলকে ধৰি একাংশ কৰ্মচাৰীও তদন্তৰ আওতালৈ অহাৰ পূৰ্ণ সম্ভাৱনা আছে।

উল্লেখযোগ্য যে News18ত বহু পূৰ্বৰে পৰা এই সন্দৰ্ভত বাতৰি সম্প্ৰচাৰ কৰি অহা হৈছে। যোৰহাটত এনে উদাহৰণো আছে য'ত মাটিৰ ব্যৱসায়ৰ সৈতে জড়িত লোকে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত নিশা মণ্ডলৰ চকীত বহি মাটিৰ নথি–পত্ৰ পৰীক্ষা কৰি থাকিব পাৰে। কিন্তু শেহতীয়াকৈ দিছপুৰৰ নিৰ্দেশত আৰক্ষীয়ে দালাল চক্ৰৰ বিৰুদ্ধে গ্ৰহণ কৰা এই পদক্ষেপৰ শলাগ লৈছে সাধাৰণ লোকসকলে। কিন্তু এয়া ক্ষন্তেকীয়া চমক নে সঠিকভাৱে তদন্তই গতি ল’ব সেয়া পিছতহে গম পোৱা যাব।
Published by: Sanjay Kumar Das
First published: September 21, 2021, 12:27 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি