বিয়া আৰু কামৰ প্ৰলোভনেৰে বহিঃৰাজ্যলৈ নি লিপ্ত কৰাইছিল দেহ ব্যৱসায়ত, হোজাই আৰক্ষীৰ অভিযানত উদ্ধাৰ অসমৰ ৯ যুৱতী

News18 Assam | News18-Assam
Updated:July 22, 2021, 5:31 PM IST
বিয়া আৰু কামৰ প্ৰলোভনেৰে বহিঃৰাজ্যলৈ নি লিপ্ত কৰাইছিল দেহ ব্যৱসায়ত, হোজাই আৰক্ষীৰ অভিযানত উদ্ধাৰ অসমৰ ৯ যুৱতী
যুৱতীকেইগৰাকীক দেহ ব্যৱসায়ত লিপ্ত কৰোৱা অসমৰ শোণিতপুৰ আৰু হোজাইৰ ৰকবুল হুছেইন আৰু মফজুল হক নামৰ নাৰী দেহ ব্যৱসায়ী চক্ৰটোৰ সদস্য দুজনকো গ্ৰেপ্তাৰ কৰিছিল।

যুৱতীকেইগৰাকীক দেহ ব্যৱসায়ত লিপ্ত কৰোৱা অসমৰ শোণিতপুৰ আৰু হোজাইৰ ৰকবুল হুছেইন আৰু মফজুল হক নামৰ নাৰী দেহ ব্যৱসায়ী চক্ৰটোৰ সদস্য দুজনকো গ্ৰেপ্তাৰ কৰিছিল।

  • Share this:
অসম তথা হোজাই আৰক্ষীয়ে সুদূৰ কেৰালাত চলাইছিল এক সফল অভিযান। কেৰালাৰ দেহ ব্যৱসায়ৰ ঘাটিত চলাইছিল সেই সফল অভিযান। কেৰালাত অসমৰ কেইবাখনো জিলাৰ কেইবাগৰাকীও যুৱতী–মহিলাক বলপূৰ্বক দেহ ব্যৱসায়ত লিপ্ত কৰোৱা বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে লাভ কৰা এক তথ্যৰ ভিত্তিত অভিযান চলাবলৈ হোজাইৰ পৰা প্ৰেৰণ কৰিছিল ৮ জনীয়া আৰক্ষীৰ দল। উক্ত দলটোৱে স্থানীয় আৰক্ষীৰ সহযোগত দেহ ব্যৱসায়ৰ ঘাটিত অভিযান চলাই অসমৰ হোজাই, নগাঁও, মৰিগাঁও, শোণিতপুৰ আৰু কামৰূপ গ্রাম্যৰ ৯ গৰাকীকৈ যুৱতীক কৰিছিল উদ্ধাৰ। লগতে যুৱতীকেইগৰাকীক দেহ ব্যৱসায়ত লিপ্ত কৰোৱা অসমৰ শোণিতপুৰ আৰু হোজাইৰ ৰকবুল হুছেইন আৰু মফজুল হক নামৰ নাৰী দেহ ব্যৱসায়ী চক্ৰটোৰ সদস্য দুজনকো গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ পিছত হোজাই আৰক্ষীয়ে আটাইকে লগত লৈ বুধবাৰে নিশা উপস্থিত হৈছিল হোজাইত।

পৰৱৰ্তী সময়ত যুৱতীকেইগৰাকীক ডবকাৰ নাৰী সুৰক্ষা গৃহত ৰখাৰ বিপৰীতে ধৃত দুই যুৱকক ৰাখিছিল লংকা থানাত। ইপিনে আজি দুপৰীয়া লংকা আৰক্ষীয়ে ধৃত দুই যুৱকক হোজাইৰ শংকৰদেৱ নগৰ আদালতত হাজিৰ কৰায় পাঁচ দিনৰ জিম্মাত বিচাৰি কৰে আবেদন। সেইমতে আদালতে যুৱক দুজনক চাৰি দিনৰ লংকা আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে।

আনহাতে, এই সমগ্ৰ অভিযান সন্দৰ্ভত আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থই প্ৰকাশ কৰা মতে, উদ্ধাৰ হোৱা যুৱতীকেইগৰাকীক এটা চক্ৰই বিবাহ আৰু কাম দিয়াৰ প্ৰলোভেনেৰে নিয়াৰ পিছত লিপ্ত কৰাইছিল দেহ ব্যৱসায়ত। ইফালে ধৃত দুই যুৱকক জেৰা চলোৱাৰ পিছত আৰক্ষীয়ে নাৰী দেহ ব্যৱসায়ী  চক্ৰটোৰ সংক্ৰান্তত আৰু অধিক তথ্য লাভ কৰিবলৈ সক্ষম হব বুলি হোজাই আৰক্ষী আশাবাদী।
Published by: Sanjay Kumar Das
First published: July 22, 2021, 5:31 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি