ডিমৌৰ ভয়ংকৰ দুৰ্ঘটনাত নিহতসকলক চিনাক্ত, নিহতৰ ভিতৰত দুজন একে পৰিয়ালৰ ভাই–ককাই

দুৰ্ঘটনাত নিহতসকলৰ মৃতদেহ ৰখা হৈছে ডিমৌ আদৰ্শ চিকিৎসালয় আৰু ডিমৌ আৰক্ষী থানাত ৰখা হৈছে।

News18-Assam
Updated:September 23, 2019, 8:10 PM IST
ডিমৌৰ ভয়ংকৰ দুৰ্ঘটনাত নিহতসকলক চিনাক্ত, নিহতৰ ভিতৰত দুজন একে পৰিয়ালৰ ভাই–ককাই
দুৰ্ঘটনাত নিহতসকলৰ মৃতদেহ ৰখা হৈছে ডিমৌ আদৰ্শ চিকিৎসালয় আৰু ডিমৌ আৰক্ষী থানাত ৰখা হৈছে।
News18-Assam
Updated: September 23, 2019, 8:10 PM IST
ডিমৌৰ থাওৰাদলত আজি পুৱা সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। যাত্ৰীবাহী আলট্ৰা বাছ আৰু ট্ৰেভেলাৰৰ মুখামুখি সংঘৰ্ষৰ ফলত থিতাতে নিহত হয় ৯জন যাত্ৰী। এই দুৰ্ঘটনাত আহত হয় আন কেইবাজনো লোক। দুৰ্ঘটনাত নিহতসকলৰ মৃতদেহ ৰখা হৈছে ডিমৌ আদৰ্শ চিকিৎসালয় আৰু ডিমৌ আৰক্ষী থানাত ৰখা হৈছে।

নিহত ৯জনক চিনাক্ত কৰা হৈছে।
চিনাক্ত হোৱাসকল ক্ৰমে ধেমাজি জিলা আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা হিৰণ্য জ্যোতি চেতিয়া, তিনিচুকীয়া আই টি আইৰ কৰ্মচাৰী পূৰ্ণকান্ত শৰ্মা, ডিব্ৰুগড়ৰ চিয়াৰিং চাপৰিৰ সুব্ৰতা বৰা, শিৱসাগৰৰ ভতিয়াপাৰৰ সৌৰভ শৰ্মা, ডিব্ৰুগড়ৰ বিকি কলিতা চাউলখোৱা (ট্ৰেভেলাৰৰ চালক), ধেমাজিৰ চিলাপথাৰৰ বিনয় বৈদ্য আৰু ডিমৌৰ নৰেন ভৰালী, ধেমাজি চিলাপথাৰৰ নিখিল বৈদ্য আৰু যোৰহাট টীয়কৰ ৰাজীৱ বৰা। বিনয় বৈদ্য আৰু নিখিল বৈদ্য দুয়ো ককাই-ভাই।


আনহাতে, দুৰ্ঘটনাটোত আহত হয় কেইবাজনো লোক। ইয়াৰ ভিতৰত সামান্যভাৱে আহত কেইবাজনকো প্ৰাথমিক চিকিৎসাৰৰ অন্তত যাবলৈ দিয়া হয়। চিকিৎসাধীন হৈ আছে দেৰগাঁৱৰ ৰশ্মিৰেখা কছাৰী, ডিব্ৰুগড়ৰ ইছলাম আহমেদ, ডিমৌৰ প্ৰদীপ দিহিঙীয়া, ফৰকাটিঙৰ দেহা সিং নাথ, কাকজানৰ বিপুল তামুলী, মৰিগাঁৱৰ মহম্মদ কুদ্দুছ আলী আৰু ডিমৌৰ ভোগেশ্বৰ বৰুৱা।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি