চাৰিচকীয়া বাহন পাৰ্কিঙৰ বাবে আবণ্টন কৰি দিয়া হৈছে ৯ বিঘা ভূমি।
চাৰিচকীয়া বাহন পাৰ্কিঙৰ বাবে আবণ্টন কৰি দিয়া হৈছে ৯ বিঘা ভূমি।
অসম চৰকাৰৰ ক্ৰীড়ামন্ত্ৰী বিমল বৰাৰ উপস্থিতিত দিশপুৰ ৰাজহ চক্ৰ বিষয়াই অসম ক্ৰিকেট সংস্থালৈ হস্তান্তৰ কৰে ৯ বিঘা ২ কঠা ১৮ লেচা ভূমি। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰিকেট খেল অনুস্থিত হ’লে মহানগৰীৰ ৰাজপথসমূহত হৈ পৰে তীব্ৰ জানজঁট। খেল উপভোগ কৰিবলৈ অহা দৰ্শকৰ বাহনেৰে ভৰি পৰে ৰাজপথ। চাৰিচকীয়া বাহন পাৰ্কিঙৰ ব্যৱস্থা নথকাৰ বাবে হৈ পৰে তীব্ৰ জানজঁট।
চাৰিচকীয়া বাহন পাৰ্কিঙৰ বাবে আবণ্টন কৰি দিয়া হৈছে ৯ বিঘা ভূমি। বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামৰ দক্ষিণ পুবফালে থকা চৰকাৰী ১১ বিঘা ভূমিৰ ৯ বিঘা হস্তান্তৰ কৰা সময়ত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছিল অঞ্চলটোত। ভূমি হস্তান্তৰৰ পিছতে ক্ষুব্ধ হৈ পৰে তাত বসবাস কৰা ২৫টা হৰিজন সম্প্ৰদায়ৰ পৰিয়াল। ২২০ মিটাৰ দৈৰ্ঘ্য আৰু ২০০ মিটাৰ প্ৰস্থৰ ভুমিডোখৰ আবণ্টন দিয়াৰ পিছতে তীব্ৰ ক্ষোভৰ সৃষ্টি হয় অঞ্চলটোত।
১৯৯৯ চনতে আজি আবণ্টিত কৰা ভূমিডোখৰ তেতিয়াৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই ৫ বিঘা ভূমি হৰিজন সম্প্ৰদায়ৰ লোকক, ৩ বিঘা ভূমি দক্ষিণ গুৱাহাটী হাইস্কুলক আৰু ৩ বিঘা ভুমি আবণ্টন দিছিল শ্মশান কমিটীক। বিগত ২২ বছৰ ধৰি ২৫ ঘৰ হৰিজন সম্প্ৰদায়ৰ লোকে বসবাস কৰি অহাৰ পিছত সেই ভূমি হস্তান্তৰ হোৱাত পৰিয়ালসমূহে তীব্ৰ ক্ষোভ প্ৰকাশ কৰাৰ লগতে মুখ্যমন্ত্ৰীগৰাকীক হস্তান্তৰ নকৰিবলৈ অনুৰোধ জনায়।
একেদৰে বিদ্যালয়ৰ নামত আবণ্টিত হোৱা ভূমি পুনৰ ক্ৰিকেট সংস্থালৈ আবণ্টন দিয়াত ক্ষোভিত হৈ পৰে বিদ্যালয়ৰ শিক্ষক–শিক্ষয়ত্ৰীসকলো। হৰিজন সম্প্ৰদায়ৰ লোকসকলক যদি উচ্ছেদ কৰা হয় তেতিয়াহ’লে আত্মহত্যা কৰিবলৈ সাজু বুলি জনায়।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|