বাক্সাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত বৃহত্তৰ কাউলীত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা। পুৰুষ-মহিলাৰ সমান্তৰালভাৱে এতিয়া ভয়াৱহ হাৰত এই ৰোগ সংক্ৰমিত হৈছে শিশুৰ দেহলৈ। তিনিদিনত ২৮টি শিশুৰ দেহত ধৰা পৰিছে এই ভাইৰাছ৷ আতংকিত হৈ পৰিছে এতিয়া অঞ্চলটোৰ জনসাধাৰণ৷
উল্লেখযোগ্য যে প্ৰশাসনৰ অজ্ঞাতে কাউলীৰ তৰুনগাঁৱৰ এটা পৰিয়ালত অনুষ্ঠিত বিবাহৰ অভ্যৰ্থনাৰ পৰাই অঞ্চলটোত বিয়পি পৰে কোভিডৰ সংক্ৰমণ৷ ইতিমধ্যে গাঁওখনক স্বাস্থ্য বিভাগে কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰি গাঁওখনলৈ অহা–যোৱা বন্ধ কৰি দিছে৷ তাৰ মাজতো একাংশ লোকে কোভিড বিধি উলংঘা কৰি কণ্টেইনমেণ্ট জ’নৰ পৰা ওলাই আহিব বিচৰাত স্থানীয় সচেতন লোকসকল শংকিত হৈ পৰিছে ৷
অঞ্চলটোত শিশুসহ ৮৯জন লোক এতিয়ালৈকে কোভিডত আক্ৰান্ত হোৱাৰ লগে লগে অঞ্চলটোৰ আশে পাশে থকা বজাৰ, হাট অনিৰ্দিষ্ট কাললৈ বন্ধ কৰাৰ উপৰিও বিনা কাৰণত বাহিৰলৈ ওলাই অহা লোকক আৰক্ষীয়ে শাস্তি প্ৰদান কৰা পৰিলক্ষিত হৈছে।
মঙলবাৰে আবেলি বাক্সা জিলা উপায়ুক্ত আয়ুষ গাৰ্গৰ লগতে জিলা আৰক্ষী অধীক্ষক ৰাজেন সিং, তামুলপুৰৰ মহকুমাধিপতি ডাঃ বেদাংগ তালুকদাৰ, চক্ৰ বিষয়া নীতিশা বৰা, মহকুমা আৰক্ষী বিষয়া ৰূপজ্যোতি কলিতাসহ প্ৰশাসনৰ এটা দলে স্থানীয় গাঁওবুঢ়াৰ সহযোগত কণ্টেইনমেণ্ট জ'ন তৰুনগাঁও পৰিদৰ্শন কৰি সমগ্ৰ কোভিড পৰিস্থিতিৰ বুজ লয়৷
জিলা উপায়ুক্তগৰাকীয়ে অঞ্চলটোত যাতে কোভিড সংক্ৰমণ বৃদ্ধি পাব নোৱাৰে তাৰ বাবে উপযুক্ত ব্যৱস্থা ল’বলৈ তামুলপুৰৰ চক্ৰ বিষয়াক নিৰ্দেশ দিয়ে। আনহাতে, স্বাস্থ্য বিভাগৰ লোকে বৃহত্তৰ অঞ্চলটোৰ কেবাঠাইটো স্থানীয় ৰাইজৰ কোভিড পৰীক্ষা সম্পন্ন কৰে৷ কণ্টেইনমেণ্ট জ’নৰ পৰা বহু লোক কোভিড বিধি ভংগ কৰি ওলাই অহাৰ অভিযোগ উত্থাপিত হোৱাত কণ্টেইনমেণ্ট জ’নত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|