• Home
  • »
  • News
  • »
  • assam
  • »
  • প্ৰথমখন শ্ৰমিক এক্সপ্ৰেছযোগে মৰিয়নীত উপস্থিত ৮৯জন লোক

প্ৰথমখন শ্ৰমিক এক্সপ্ৰেছযোগে মৰিয়নীত উপস্থিত ৮৯জন লোক

এই যাত্ৰীসকলক প্ৰথমে অস্থায়ী স্বাস্থ্যকেন্দ্ৰত স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে প্ৰশাসনে যাৱতীয় তথ্য সংগ্ৰহ কৰে৷

এই যাত্ৰীসকলক প্ৰথমে অস্থায়ী স্বাস্থ্যকেন্দ্ৰত স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে প্ৰশাসনে যাৱতীয় তথ্য সংগ্ৰহ কৰে৷

এই যাত্ৰীসকলক প্ৰথমে অস্থায়ী স্বাস্থ্যকেন্দ্ৰত স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে প্ৰশাসনে যাৱতীয় তথ্য সংগ্ৰহ কৰে৷

  • Share this:
দেওবাৰে চেন্নাই-ডিব্ৰুগড় অভিমুখী প্ৰথমখন শ্ৰমিক এক্সপ্ৰেছযোগে মৰিয়নীত উপস্থিত ৮৯জন লোক। পুৱা ১০.৫০ বজাত মৰিয়নী ৰে'ল ষ্টেচনত উপস্থিত হয় ৰে'লখন৷ ইয়াৰ পিছতে ৰে'লখন ডিব্ৰুগড় অভিমুখে ৰাওনা হয়। মৰিয়নীত ৰে'লখনৰ পৰা গোলাঘাট জিলাৰ ৬৬ গৰাকী, যোৰহাট জিলাৰ ১০ গৰাকী, শিৱসাগৰ জিলাৰ ৫ গৰাকী, চৰাইদেউ জিলাৰ এগৰাকী, নগাঁও জিলাৰ ৫ গৰাকী আৰু নগালেণ্ডৰ ২ গৰাকী লোক নামে৷

এই যাত্ৰীসকলক প্ৰথমে অস্থায়ী স্বাস্থ্যকেন্দ্ৰত স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে প্ৰশাসনে যাৱতীয় তথ্য সংগ্ৰহ কৰে৷ ইয়াৰ পিছতে ৫খন জিলা আৰু নগালেণ্ডৰ পৰা দণ্ডাধীশ আহি যাত্ৰীসকলক বাছযোগে নিজ নিজ জিলাৰ কোৱাৰেণ্টাইন চেণ্টাৰলৈ লৈ যায়৷ যোৰহাট জিলাৰ যাত্ৰীসকলক প্ৰশাসনে ৰজাবাৰীৰ নেচনেল ইনষ্টিটিউট অব ডিজাইনত স্থাপন কৰা কোৱাৰেণ্টাইন চেণ্টাৰলৈ লৈ যায়।

পুৱাৰে পৰা মৰিয়নী ৰে'ল ষ্টেচনত উপস্থিত থাকে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, তিতাবৰ মহকুমাধিপতি আয়ুস গাৰ্গ, যোৰহাট জিলাৰ অতিৰিক্ত উপায়ুক্ত, মৰিয়নী ৰাজহ চক্ৰ বিষয়াকে ধৰি প্ৰায় কেইখন জিলাৰ জৰুৰীকালীন ব্যৱস্থাৰ লগত জড়িত বিষয়া–কৰ্মচাৰী। আনহাতে শ্ৰমিক এক্সপ্ৰেছযোগে মৰিয়নীত উপস্থিত হোৱা যাত্ৰীসকলে অভিযোগ কৰে যে, পশ্চিম বংগত প্ৰৱেশ কৰা পিছতে ৰে’ল যাত্ৰীসকলৰ বাবে আহাৰ আৰু পানীৰ যোগান বন্ধ হৈ পৰে। কেইবাঘণ্টা ধৰি অনাহাৰে থাকিব লগীয়া হয় যাত্ৰীসকল।
First published: