গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানৰ ভয়াৱহ সমস্যা ৰোধ কৰিবলৈ এইবাৰ প্ৰশাসনে হাতত লৈছে আন এক কঠোৰ সিদ্ধান্ত৷ গুৱাহাটীত বাহিনী নৈৰ ওপৰত নিৰ্মিত ৮৯খন কংক্ৰিটৰ ব্ৰীজ ভাঙি পেলোৱাৰ সিদ্ধান্ত লৈছে প্ৰশাসনে ৷
পানীৰ প্ৰাকৃতিক প্ৰৱাহত বাধাৰ সৃষ্টি কৰা বুলি চিনাক্ত কৰি GMCৰ উপায়ুক্তই দাখিল কৰা বাহিনী নদীৰ ওপৰত ৮৯খন দলঙৰ তালিকাক লৈ এক নিৰ্দেশনা জাৰি কৰিছে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তই ৷ Guwahati Municipal Curporationএ পানীৰ প্ৰাকৃতিক প্ৰৱাহত বাধাৰ সৃষ্টি কৰি বাহিনী নদীৰ পাৰৰ বিভিন্ন স্থানত পানী লগিং সমস্যাৰ সৃষ্টি কৰা বুলি দাখিল কৰিছে ৮৯খন দলঙৰ তালিকা ৷
উপায়ুক্ত পল্লৱ গোপাল ঝাই নিৰ্দেশনাখনত লিখিছে, "মোৰ বিবেচিত মতামত যে যদি এই কাঠামোসমূহ তৎক্ষণাত ভাঙি পেলোৱা নহয়, বাহিনী নদীৰ কাষ বানমুক্তকৰণৰ বাবে কৰি থকা কামসমূহ ফলপ্ৰসূ নহ'ব, ফলত বাসিন্দাসকলৰ অপৰিসীম কষ্ট হ'ব ৷ ৰুক্মিণীগাঁও, হাতীগাঁও, বেলতলা, বশিষ্ঠ, দ্বাৰকা নগৰ ডাউন টাউন, জুৰিপাৰ, ভি আই পি ৰোড আদিৰ পানী ৰৈ যোৱাৰ বাবে বিস্তীৰ্ণ অঞ্চল প্ৰভাৱিত হৈ আহিছে কৃত্ৰিম বানৰ ৷"
উপায়ুক্ত পল্লৱ গোপাল ঝাই বাৰিষাত পানীৰ সু-প্ৰবাহৰ বাবে এই ব্ৰীজসমূহ তৎক্ষণাত ভাঙি পেলাবলৈ জি এম চিক নিৰ্দেশ দিছে, যাতে সাধাৰণ জনসাধাৰণক গুৰুতৰ পানী লগিঙৰ সমস্যাৰ পৰা প্ৰয়োজনীয় সকাহ প্ৰদান কৰিব পৰা যায়। জিএমচিৰ কাম সম্পন্ন কৰাৰ সময়ত সহায় কৰিবলৈ চক্ৰ বিষয়া, দিছপুৰ ৰাজহ চক্ৰকো নিৰ্দেশ দিয়া হৈছে।
তদুপৰি, এই কামসমূহ কাৰ্যকৰী কৰাৰ সময়ত ৰাজহুৱা হস্তক্ষেপ বা বাধাক জনসেৱাত বাধা হিচাপে গণ্য কৰা হ’ব আৰু আইনী ব্যৱস্থা লোৱা হ'ব বুলিও সকীয়াই দিয়া হৈছে ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।