உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • নাগৰিকত্বৰ বাবেই পুত্ৰৰ মৃত্যু, এটা দশকৰ পিছত মাতৃক ভাৰতীয় নাগৰিক হিচাপে ঘোষণা

    নাগৰিকত্বৰ বাবেই পুত্ৰৰ মৃত্যু, এটা দশকৰ পিছত মাতৃক ভাৰতীয় নাগৰিক হিচাপে ঘোষণা

    অবৈধ বিদেশী নহয় বুলি প্ৰমাণ কৰিবলৈ কোৱা বাবেই অকল ৰাণীৰ পুত্ৰই হতাশাত ভুগি ২০১২ চনত আত্মহননৰ পথ বাচি লোৱাৰ অভিযোগ উঠিছিল।

    অবৈধ বিদেশী নহয় বুলি প্ৰমাণ কৰিবলৈ কোৱা বাবেই অকল ৰাণীৰ পুত্ৰই হতাশাত ভুগি ২০১২ চনত আত্মহননৰ পথ বাচি লোৱাৰ অভিযোগ উঠিছিল।

    অবৈধ বিদেশী নহয় বুলি প্ৰমাণ কৰিবলৈ কোৱা বাবেই অকল ৰাণীৰ পুত্ৰই হতাশাত ভুগি ২০১২ চনত আত্মহননৰ পথ বাচি লোৱাৰ অভিযোগ উঠিছিল।

    • Share this:
    অসমৰ কাছাৰ জিলাৰ এগৰাকী ৮৩ বছৰীয়া বৃদ্ধাক অৱশেষত বিদেশী ন্যায়াধীকৰণৰ জাননী পোৱাৰ এটা দশকৰ অন্তত ভাৰতীয় নাগৰিক হিচাপে ঘোষণা কৰা হয়। বিদেশী ন্যায়াধীকৰণে মহিলাগৰাকীক তেওঁ যে অবৈধ বিদেশী নহয় সেয়া প্ৰমাণ কৰিবলৈ জাননী জাৰি কৰিছিল।

    ‘‘অকল ৰাণী নমশুদ্ৰই তেওঁৰ গোচৰটো যথোপযুক্ত, নিৰ্ভৰযোগ্য আৰু সঠিক তথ্যৰে প্ৰমাণিত কৰিছে। তেওঁ স্পষ্টকৈ প্ৰমাণিত কৰিবলৈ সক্ষম হয় যে তেওঁ অসম তথা ভাৰতৰ এগৰাকী প্ৰকৃত বাসিন্দা আৰু ০১.০১.১৯৬৬ চনৰ পৰাই বাস কৰি আহিছে। সেয়ে মই বিবেচনা কৰো যে অকল ৰাণী নমশুদ্ৰ এগৰাকী ভাৰতীয় নাগৰিক আৰু তেওঁ বিদেশী নহয়।’’ – বিদেশী ন্যায়াধীকৰণৰ সদস্য ধৰ্মেন্দ্ৰ দেৱে এইদৰে কয়।

    উল্লেখযোগ্য যে অবৈধ বিদেশী নহয় বুলি প্ৰমাণ কৰিবলৈ কোৱা বাবেই অকল ৰাণীৰ পুত্ৰই হতাশাত ভুগি ২০১২ চনত আত্মহননৰ পথ বাচি লোৱাৰ অভিযোগ উঠিছিল।

    ২০১৪ চনৰ সাধাৰণ নিৰ্বাচনৰ প্ৰচাৰত ভাৰতীয় জনতা পাৰ্টীয়ে অকল ৰাণীৰ পুত্ৰৰ আত্মহত্যাৰ প্ৰসংগ উত্থাপন কৰিছিল। সেই সময়ত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী নৰেন্দ্ৰ মোদীয়ে এই দুৰ্ভাগ্যজনক ঘটনাৰ প্ৰসংগ উত্থাপন কৰিছিল।
    Published by:Sanjay Kumar Das
    First published: