• Home
  • »
  • News
  • »
  • assam
  • »
  • আৰক্ষীৰ বাবে প্ৰত্যাহ্বান! মহানগৰীত এতিয়ালৈ কোৰোণাত আক্ৰান্ত ৮৩জনকৈ আৰক্ষী

আৰক্ষীৰ বাবে প্ৰত্যাহ্বান! মহানগৰীত এতিয়ালৈ কোৰোণাত আক্ৰান্ত ৮৩জনকৈ আৰক্ষী

আৰক্ষী আয়ুক্তই জনায় যে সমগ্ৰ পৰিস্থিতিক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰিছে গুৱাহাটী আৰক্ষীয়ে৷

আৰক্ষী আয়ুক্তই জনায় যে সমগ্ৰ পৰিস্থিতিক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰিছে গুৱাহাটী আৰক্ষীয়ে৷

আৰক্ষী আয়ুক্তই জনায় যে সমগ্ৰ পৰিস্থিতিক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰিছে গুৱাহাটী আৰক্ষীয়ে৷

  • Share this:
আৰক্ষীৰ বাবে প্ৰত্যাহ্বান হৈ পৰিছে কোৰোণা ভাইৰাছ৷ ৰাজ্যজুৰি কোৰোণা ৰোগীৰ সংখ্যা দিনক দিনে বৃদ্ধি পাই আহিছে৷ লাহে লাহে ৰাজ্যত বিশেষকৈ গুৱাহাটী মহানগৰীত আৰম্ভ হৈছে গণ সংক্ৰমণ৷ গুৱাহাটী মহানগৰীত বৰ্তমান দৈনিক গড়ে ১০০ৰ পৰা ১৫০জন লোকৰ দেহত কোভিড–১৯ পজিটিভ পোৱা গৈছে৷ ইয়াৰ সমান্তৰালকৈ কোৰোণা ভাইৰাছৰ সংক্ৰমণ হৈছে আৰক্ষীৰ মাজতো৷

গুৱাহাটী মহানগৰীতে কোভিড পজিটিভ ওলাইছে ৮৩জনকৈ আৰক্ষীৰ লোক৷ বিশেষকৈ পাণবজাৰ আৰক্ষী থানা এলেকা, সৰুসজাই স্ক্ৰীণিং চেণ্টাৰত কৰ্তব্যৰত আৰক্ষীৰ লোকৰ মাজত সংক্ৰমিত হৈছে কোভিড–১৯৷ পাণবজাৰ আৰক্ষী থানা চৌহদত থকা বেৰেকত বেটেলিয়নৰ ৪গৰাকী জোৱানৰ দেহত ধৰা পৰিছে কোৰোণা পজিটিভ৷ লগতে পজিটিভ পোৱা গৈছে যান–বাহন শাখাৰ এজন লোক৷

আৰক্ষী আয়ুক্তই জনায় যে সমগ্ৰ পৰিস্থিতিক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰিছে গুৱাহাটী আৰক্ষীয়ে৷ ইতিমধ্যে পজিটিভ হোৱা ৭৩ গৰাকীৰ ১৭ গৰাকী সুস্থ হৈছে৷ গুৱাহাটীত আৰক্ষীৰ মাজত বৃদ্ধি পোৱা কোভিড পজিটিভৰ বাবে মহানগৰ আৰক্ষীয়ে নিৰ্মাণ কৰিছে নিজাববীয়া কোৱাৰেণ্টাইন চেণ্টাৰ। য’ত কভিড পজিটিভ লোকৰ সংস্পৰ্শলৈ অহা লোকক কৰা হ’ব কোৱাৰেণ্টাইন।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি