உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • CWRC: কেনে আছে টংলাৰ পৰা উদ্ধাৰ কৰা ৮৩টা বগলী পোৱালি? কিউ কিউ মাতেৰে মুখৰিত কৰিছে কাজিৰঙাৰ বাকৰি

    CWRC: কেনে আছে টংলাৰ পৰা উদ্ধাৰ কৰা ৮৩টা বগলী পোৱালি? কিউ কিউ মাতেৰে মুখৰিত কৰিছে কাজিৰঙাৰ বাকৰি

    টংলাৰ পৌৰসভাই অবিবেচকভাৱে দিয়া নিৰ্দেশৰ ফলত অতি কৰুণভাৱে মৃত্যুক সাৱটি ল'ব লগা হৈছিল প্ৰায়  ১৫০টা বগলী আৰু পানীকাউৰী।

    টংলাৰ পৌৰসভাই অবিবেচকভাৱে দিয়া নিৰ্দেশৰ ফলত অতি কৰুণভাৱে মৃত্যুক সাৱটি ল'ব লগা হৈছিল প্ৰায়  ১৫০টা বগলী আৰু পানীকাউৰী।

    টংলাৰ পৌৰসভাই অবিবেচকভাৱে দিয়া নিৰ্দেশৰ ফলত অতি কৰুণভাৱে মৃত্যুক সাৱটি ল'ব লগা হৈছিল প্ৰায়  ১৫০টা বগলী আৰু পানীকাউৰী।

    • Share this:

    কাজিৰঙাৰ পাণবাৰীত থকা বন্যপ্ৰাণী উদ্ধাৰ, প্ৰতিপালন তথা পুনৰ সংস্থাপন কেন্দ্ৰত টংলাৰ পৰা অনা আহত ৮৩টা বগলী আৰু পানীকাউৰী প্ৰতিপালিত হৈ আছে ৷ কেন্দ্ৰৰ চৌপাশ এতিয়া পোৱালিকেইটাৰ কিউ কিউ মাতেৰে মুখৰিত হৈ আছে ৷ ওদালগুৰি জিলাৰ টংলাৰ পৰা কাজিৰঙাৰ পাণবাৰীত অৱস্থিত বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰলৈ চিকিৎসাৰ বাবে অনা হৈছিল ৮৮টা আহত বগলী আৰু পানীকাউৰীৰ পোৱালি। অতি পৰিতাপৰ কথা যে চিকিৎসাৰ বাবে অনা তাৰে ৫টা আহত বগলী পোৱালিৰ ইতিমধ্যে কাজিৰঙালৈ অনাৰ পথত  মৃত্যু হৈছে।


    ইফালে উক্ত কেন্দ্ৰটোৰ পশু চিকিৎসক চামচুল আলীয়ে জানিবলৈ দিয়া মতে, বৰ্তমান কেন্দ্ৰত ৮৩টা বগলী আৰু পানীকাউৰীৰ পোৱালিৰ চিকিৎসা কৰি থকা হৈছে যদিও ৫০টা পোৱালিৰ অৱস্থা অতি  সংকটজনক। চিকিৎসকজনে আৰু জানিবলৈ দিয়া মতে, বগলী পোৱালিকেইটা অতি দুৰ্বল হোৱাৰ উপৰি কেন্দ্ৰলৈ অনাত পলম হ'ল, যাৰ বাবে উপযুক্ত সময়ত চিকিৎসা কৰিব পৰা নগ'ল। বহুকেইটা গছৰ পৰা পৰি আহতও হৈছে । আনহাতে কিছু পোৱালি কণী ফুটি জন্ম হোৱাৰ বেছি দিন হোৱা নাই । অতি সৰু হৈ আছে । মাতৃ বগলীয়ে যি ধৰণে পোৱালিক প্ৰাকৃতিকভাৱে পোহ–পাল কৰিব ঠিক সেই ধৰণে মানুহে লালন–পালন কৰি সকলোকেইটাক ডাঙৰ–দীঘল কৰাটো অসম্ভৱ বুলিও পশু চিকিৎসকে মত প্ৰকাশ কৰিছে।


    তথাপি পশু চিকিৎসকৰ লগতে উক্ত কেন্দ্ৰৰ সহকৰ্মীয়ে অতি যত্ন কৰি পৰিচৰ্যা কৰি আছে। পশু চিকিৎসক চামচুল আলীয়ে আৰু জানিবলৈ দিয়া মতে, বগলী আৰু পানী কাউৰীৰ পোৱালিকেইটাই প্ৰায় তিনি দিন অনাহাৰে থাকিব লগা হোৱাত অতি দুৰ্বল হৈ পৰিছে। টংলাৰ পৰা পোৱালিকেইটা উক্ত কেন্দ্ৰত অনাৰ পিছৰ পৰা কেন্দ্ৰটোৰ পশু চিকিৎসকৰ পৰা আৰম্ভ কৰি সকলো সহকাৰীয়ে বৰ্তমান জীৱিত অতি সৰু পোৱালিকেইটাক প্ৰধানকৈ খাদ্য খুওৱাত ব্যস্ত হৈ থাকিব লগা হৈছে। কেন্দ্ৰটোৰ চাৰিওফালে এতিয়া কেৱল কণ কণ চৰাইৰ পোৱালিকেইটাৰ কিউ কিউ মাতৰ শব্দৰ বাদে পশু চিকিৎসা কৰ্মীয়ে আৰু কোনো শব্দ শুনা নাই বুলিও জানিব পৰা গৈছে।


    বৰ্তমান পোৱালিকেইটাক চিকিৎসা কৰাতকৈ খাদ্য খুৱাই কিছু সুস্থ কৰাটো প্ৰধান কাম বুলি পশু চিকিৎসকে জনাইছে । কেন্দ্ৰটোৰ পশু চিকিৎসক আৰু সহকাৰীয়ে কালিৰ পৰা দিনে - নিশাই দুৰ্বল আৰু মাতৃহাৰা আহত পোৱালিকেইটাৰ পৰিচৰ্যাত লাগি থাকিব লগা হৈছে। ওদালগুৰি জিলাৰ টংলাৰ পৌৰসভাই অবিবেচকভাৱে দিয়া নিৰ্দেশৰ ফলত অতি কৰুণভাৱে মৃত্যুক সাৱটি ল'ব লগা হৈছিল প্ৰায়  ১৫০ টা বগলী আৰু পানীকাউৰী। এই ঘটনাৰ পিছতেই সমগ্ৰ ৰাজ্যত প্ৰকৃতিপ্ৰেমীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাত ৰাজ্য চৰকাৰে তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে।


    উল্লেখ্য যি সময়ত বন আৰু বন্যপ্ৰাণী সংৰক্ষণৰ কাৰণে চৰকাৰৰ লগতে বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন তথা প্ৰকৃতিপ্ৰেমীয়ে অহৰহ চেষ্টা অব্যাহত ৰাখিছে, ঠিক তেনে সময়তে টংলা পৌৰসভাই দিয়া জাননীৰ ওপৰত ভিত্তি কৰি নিৰ্দয়ভাৱে হত্যা কৰিলে প্ৰায় ডেৰ শতাধিক বগলী আৰু পানীকাউৰী । নিৰীহ পক্ষী হত্যা কৰা ঘটনাটোক কোনো সভ্য সমাজে মানি নলয় বুলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন বিষয়াই মত প্ৰকাশ কৰিছে।

    Published by:Gautam Barman
    First published: