உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • এগৰাকী অশীতিপৰ ভাস্কৰ্য শিল্পী লোকেশ্বৰ বৰদলৈ, যাৰ সৃষ্টি এশিঙীয়া গঁড় পালেগৈ ইংলেণ্ড

    এগৰাকী অশীতিপৰ ভাস্কৰ্য শিল্পী লোকেশ্বৰ বৰদলৈ, যাৰ সৃষ্টি এশিঙীয়া গঁড় পালেগৈ ইংলেণ্ড

    বাল্যকালৰে পৰা ভাস্কৰ্য শিল্পৰ প্ৰতি আগ্ৰহী অশীতিপৰ লোকেশ্বৰ বৰদলৈয়ে কাঠেৰে নিৰ্মাণ কৰিছে কনকলতা-মুকুন্দ কাকতিৰ প্ৰতিমূৰ্তিও

    বাল্যকালৰে পৰা ভাস্কৰ্য শিল্পৰ প্ৰতি আগ্ৰহী অশীতিপৰ লোকেশ্বৰ বৰদলৈয়ে কাঠেৰে নিৰ্মাণ কৰিছে কনকলতা-মুকুন্দ কাকতিৰ প্ৰতিমূৰ্তিও

    বাল্যকালৰে পৰা ভাস্কৰ্য শিল্পৰ প্ৰতি আগ্ৰহী অশীতিপৰ লোকেশ্বৰ বৰদলৈয়ে কাঠেৰে নিৰ্মাণ কৰিছে কনকলতা-মুকুন্দ কাকতিৰ প্ৰতিমূৰ্তিও

    • Share this:

    গহপুৰ মহকুমাৰ এগৰাকী অশীতিপৰ শিল্প সাধকৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে বিয়াল্লিছৰ শ্বহীদ বীৰাংগনা কনকলতা বৰুৱা আৰু শ্বহীদ বীৰ পুৰুষ মুকুন্দ কাকতি। উজলি উঠিছে অসমৰ এশিঙীয়া গঁড়। কোৰোণা কালতো সেইগৰাকী আশীৰ ঊৰ্ধ্বৰ ব্যক্তিয়ে নিৰলসভাৱে ইগৰাকীৰ পাছত সিগৰাকীক শৈল্পিক প্ৰাণ দি গৈছে কাঠৰ টুকুৰাত। প্ৰাণ দি গৈছে বীৰ-বীৰাংগনাৰ লগতে দেৱ-দেৱীক।


    ঘৰখনেই এতিয়া একপ্ৰকাৰৰ শিল্প-সংস্কৃতিৰ সংগ্ৰহালয় হৈ পৰিছে। বহুসংখ্যক ভাস্কৰ্য সজাই-পৰাই তোলা ঘৰখন গহপুৰ মহকুমাৰ বৰঙাবাৰীস্থিত ডিপৰাৰ তেলেনীত অৱস্থিত। কোৰোণা কালৰ জটিল পৰিস্থিতিত নিজৰ শিল্পসত্তাক জীয়াই ৰাখিছে সেইগৰাকী ব্যক্তিয়ে। অঞ্চলটোৰ অতি চিনাকি নাম লোকেশ্বৰ বৰদলৈ। তেলেনীৰ এইগৰাকী ব্যক্তিৰ হাতৰ পৰশত পূৰ্ণতা লাভ কৰিছে কাঠেৰে নিৰ্মিত বিভিন্ন মূৰ্তিসমূহে। বাল্যকালৰে পৰা ভাস্কৰ্য শিল্পৰ প্ৰতি আগ্ৰহী  অশীতিপৰ লোকেশ্বৰ বৰদলৈয়ে তেতিয়াৰ পৰাই নিৰ্মাণ কৰি আহিছে অগণন শিল্প।


    এখন বজাৰ দখল কৰিবলৈও সক্ষম হোৱা এইগৰাকী ব্যক্তিয়ে এতিয়ালৈকে শতাধিক ভাস্কৰ্য নিৰ্মাণ কৰিছে। শ্বহীদ কনকলতা বৰুৱা, সতিসাধিনী, মুকুন্দ কাকতি, এশিঙীয়া গঁড়কে ধৰি বিবিধ মূৰ্তি নিৰ্মাণ কৰি দাঙি ধৰিছে নিপুণ কৰ্মপটুতাৰ পৰিচয়। বয়সে হাৰ মনাব নোৱাৰা এইগৰাকী লোকেশ্বৰ বৰদলৈৰ আছে মনত অদম্য কৰ্মস্পৃহা। ফলস্বৰূপে এই বৃদ্ধ বয়সতো নিজৰ শিল্পকৰ্মৰ জৰিয়তে দুপইচা উপাৰ্জন কৰি চলাই নিছে পৰিয়াল।


    লোকেশ্বৰ বৰদলৈয়ে কাঠেৰে নিৰ্মাণ কৰি উলিওৱা এশিঙীয়া গঁড় ইংলেণ্ডৰ পৰ্যটকেও ক্ৰয় কৰি নিছে, ফলত এতিয়া দুগুণ উৎসাহেৰে ভাস্কৰ্য শিল্পৰ লগত এই বয়সতো জড়িত হৈ নিৰ্মাণ কৰি গৈছে ন ন মূৰ্তি। কোৰোণা কালৰ জটিল পৰিস্থিতিৰ মাজতো শিল্প কলাৰ প্ৰতি থকা আগ্ৰহৰ বাবেই এনেদৰে ন ন মূৰ্তি তৈয়াৰ কৰি তাৰ পৰা দুপইচা অৰ্জন কৰিবলৈ সক্ষম হৈছে এইগৰাকী বৰেণ্য অশীতিপৰ শিল্পীয়ে।

    Published by:Gautam Barman
    First published: