কবিতাৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্য চৰকাৰখনত সমালোচনাৰে থকা-সৰকা কৰা কংগ্ৰেছৰ সভাপতিগৰাকী এতিয়া বিজেপিৰ প্ৰতিগৰাকী নেতা মন্ত্ৰী বিধায়কৰ বাবেই হৈ পৰিছে আক্ৰমণৰ লক্ষ্য।
কবিতাৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্য চৰকাৰখনত সমালোচনাৰে থকা-সৰকা কৰা কংগ্ৰেছৰ সভাপতিগৰাকী এতিয়া বিজেপিৰ প্ৰতিগৰাকী নেতা মন্ত্ৰী বিধায়কৰ বাবেই হৈ পৰিছে আক্ৰমণৰ লক্ষ্য।
'মই কবিতা লিখিছো, ৰাইজে ভাল পাইছে, বিজেপিয়ে বেয়া পোৱাটো স্বাভাৱিক। পীয়ুষ হাজৰিকাৰ দেউতাক আজন্ম কংগ্ৰেছী। দেউতাকৰ মৃতদেহৰ ওপৰতো কংগ্ৰেছৰ পতাকা পাৰি দিয়া হৈছিল। কংগ্ৰেছৰ ৮০ শতাংশ চোৰ-ডকাইট বুলি কৈ পিতৃৰ আত্মাকো আঘাত দিছে।'- এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ।
কবিতাৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্য চৰকাৰখনত সমালোচনাৰে থকা-সৰকা কৰা কংগ্ৰেছৰ সভাপতিগৰাকী এতিয়া বিজেপিৰ প্ৰতিগৰাকী নেতা মন্ত্ৰী বিধায়কৰ বাবেই হৈ পৰিছে আক্ৰমণৰ লক্ষ্য। ভূপেন বৰাৰ লগতে কংগ্ৰেছ দলক সমালোচনা কৰিবলৈ গৈ মন্ত্ৰী পীয়ুষ হাজৰিকাই কংগ্ৰেছ দলৰ বৰ্তমানৰ ৮০ শতাংশ লোকেই চোৰ-ডকাইত বুলি মন্তব্য কৰিছিল। আৰু তাৰ প্ৰত্যুত্তৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে এনেদৰে কয়।
বৰাই লগতে কয় যে,' মুখ্যমন্ত্ৰীৰ ভালৰ কাৰণে ৰাজ্যত জ্বলি থকা জুই দেখুৱাই দিছো কবিতাৰ মাধ্যমেৰে। মই ছাত্ৰ অৱস্থাত সাহিত্য চৰ্চা কৰিছিলো। কিন্তু এই কবিতাটোৰ বাবে বহুতে মোক কবি বুলি সম্বোধন কৰিছে, ভাল পাইছো। ৰাজনীতিৰ পাছত কবিতা চৰ্চা পুনৰ আৰম্ভ কৰিম। বৰ্তমান ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা কি সকলোৱে জানে। ঋণ লৈ চলিবলগীয়া হৈছে। বেলেগ দলত বিনিয়োগ কৰা বুলি মুখ্যমন্ত্ৰীয়ে কৈছে। গতিকে মন্ত্ৰীসকলৰ পুঁজিৰ বাবে ধন ক'ত থাকিব।'
ইফালে আগন্তুক ৰাজ্যসভা নিৰ্বাচন প্ৰতিগৰাকী বিৰোধী বিধায়কৰ বাবে অগ্নি পৰীক্ষা বুলি মন্তব্য কৰে ভূপেন বৰাই। বৰাই কয় যে,'বিজেপিয়ে বিধানসভা নিৰ্বাচনতো ১০০+ বুলি কৈছিল, একেদৰে ৰাজ্যসভাৰো দুখন আসনেই পাম বুলি কৈছে। ৰাজ্যসভাৰ নিৰ্বাচন প্ৰতিগৰাকী বিধায়কৰ বাবে অগ্নিপৰীক্ষা, বিৰোধী একগোট হৈ অগ্নিপৰীক্ষাত অৱতীৰ্ণ হ'ব লাগে।'
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|