• Home
  • »
  • News
  • »
  • assam
  • »
  • দেশজুৰি পুনৰ PFIৰ বিৰুদ্ধে অভিযান, অসমত আটক ৮জন PFI নেতা–কৰ্মী

দেশজুৰি পুনৰ PFIৰ বিৰুদ্ধে অভিযান, অসমত আটক ৮জন PFI নেতা–কৰ্মী

সমগ্ৰ দেশত ১৭০জনৰো অধিক পিএফআই কৰ্মীক আটক কৰিছে আৰক্ষীয়ে। অসমত মুঠ ৮জন পিএফআই কৰ্মীক আটক।

সমগ্ৰ দেশত ১৭০জনৰো অধিক পিএফআই কৰ্মীক আটক কৰিছে আৰক্ষীয়ে। অসমত মুঠ ৮জন পিএফআই কৰ্মীক আটক।

সমগ্ৰ দেশত ১৭০জনৰো অধিক পিএফআই কৰ্মীক আটক কৰিছে আৰক্ষীয়ে। অসমত মুঠ ৮জন পিএফআই কৰ্মীক আটক।

  • Share this:
দেশজুৰি পুনৰ পিএফআইৰ বিৰুদ্ধে অভিযান। দেশৰ ৭খন ৰাজ্য ক্ৰমে উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, গুজৰাট, অসম, কৰ্ণাটক, দিল্লী, মহাৰাষ্ট্ৰত পিএফআইৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ। সমগ্ৰ দেশত ১৭০জনৰো অধিক পিএফআই কৰ্মীক আটক কৰিছে আৰক্ষীয়ে। অসমত মুঠ ৮জন পিএফআই কৰ্মীক আটক।

সোমবাৰে নিশা চলা অভিযানত পুনৰ জালত পৰিল ৮জন PFIৰ নেতা–সদস্য। দক্ষিণ কামৰূপৰ কেইবাটাও অঞ্চলত চলিল আৰক্ষীৰ অভিযান। আটক খুৰশ্বেদ আলম, ছহিদুল ইছলাম, ৰুহুল আমিন, সদাগৰ আলী, ছালেমা য়াছমিতা, ৰফিকুল ইছলাম আৰু আছিক ইকবালক। ইফালে, দৰং জিলাৰ সভাপতি আনিছ আহমেদকো আটক কৰে আৰক্ষীয়ে। ২০১৫–২০১৬লৈ PFIৰ সভাপতি আছিল আনিছ আহমেদ। দলগাঁৱৰ পৰা আটক আনিছ আহমেদক। অসম আৰক্ষীৰ বিশেষ গোটে আটক কৰে আটাইকে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি