ৰাজ্যত প্ৰতিদিনে বাঢ়িছে কোৰোণাত আক্ৰান্তৰ সংখ্যা। এফালে ৰঙালী বিহুৰ উছাহ আনফালে ৰাজ্যখনত কৰোণা ভাইৰাছ দ্ৰুত সংক্ৰামণে ভয়ৱহ পৰিস্থিতিৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে৷
শেহতীয়াভাৱে সংখ্যালঘু অধ্যুষিত অঞ্চল দক্ষিণ কামৰূপৰ নগৰবেৰাত আঠজনকৈ ব্যক্তিৰ শৰীৰত ধৰা পৰিছে কৰোণা ভাইৰাছৰ অৱস্থিতি৷ অতি উদ্বেগজনকভাৱে নগৰবেৰা আৰু টুপামাৰীত একে দিনাই আঠজনৰ দেহত কোভিড ১৯ৰ অৱস্থিতি ধৰাৰ পৰাৰ পিছত আতংকিত কৰি তুলিছে বৃহত্তৰ সোণতলী, নগৰবেৰা,গৰৈমাৰী আদি অঞ্চলৰ ৰাইজক৷
প্ৰাপ্ত খবৰ অনুসৰি, টুপামাৰী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কোভিড আক্ৰান্ত হয় ছয়জনকৈ লোক ক্ৰমে ক্ৰমে জায়দা খাতুন, ছাত্তাৰ আলী, নুৰুদ্দিন, লিয়াকত আলী, স্বেখ আব্দুল মালেক আৰু তেওঁৰ ১২ বছৰীয়া পুত্ৰ ৰাব্বুল হাছান। আনহাতে সোমবাৰে নগৰবেৰাৰ আফজালুৰ ৰহমান আৰু কাছুমাৰাৰ এগৰাকী শিক্ষকৰ গাত ধৰা পৰিছে কোভিড–১৯ পজিটিভ৷
নগৰবেৰাৰ ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত মনোৱাৰ হুছেইন আৰু বিল্লাল হুছেইন নামৰ দুজনৰ দেহৰ পোৱা যায় কোভিড–১৯ পজিটিভ৷
উল্লেখ্য যে স্বাস্থ্য বিভাগৰ ৰেপিড টেষ্টত এইসকলৰ কোভিড পজিটিভ ধৰা পৰাত বিভাগীয়ভাৱে যাৱতীয় চিকিৎসা অব্যাহত ৰখাৰ লগতে হোম কোৱাৰেণ্টাইনত ৰখাৰ দিহা কৰা হৈছে৷
Published by: Sanjay Kumar Das
FIRST PUBLISHED : April 13, 2021, 17:44 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|