লখিমপুৰত দৰাসহ প্ৰি–মেৰেজ পাৰ্টীত অংশ লোৱা ৮জনৰ কোভিড–পজিটিভ, বাতিল বিহুৰ সাংস্কৃতিক শোভাযাত্ৰা

News18 Assam | News18-Assam
Updated:April 20, 2021, 4:14 PM IST
লখিমপুৰত দৰাসহ প্ৰি–মেৰেজ পাৰ্টীত অংশ লোৱা ৮জনৰ কোভিড–পজিটিভ, বাতিল বিহুৰ সাংস্কৃতিক শোভাযাত্ৰা
আজি জিলা উপায়ুক্তৰ কনফাৰেঞ্চ হলত আনুষ্ঠিত এক সংবাদমেলত এই কথা ঘোষণা কৰে জিলা প্ৰশাসনৰ তৰফৰ পৰা৷

আজি জিলা উপায়ুক্তৰ কনফাৰেঞ্চ হলত আনুষ্ঠিত এক সংবাদমেলত এই কথা ঘোষণা কৰে জিলা প্ৰশাসনৰ তৰফৰ পৰা৷

  • Share this:
লখিমপুৰত বাতিল কৰা হ’ল কেন্দ্ৰীয় ৰঙালী বিহুৰ সাংস্কৃতিক শোভাযাত্ৰা। জিলাখনত কোৰোণাৰ সংক্ৰমণ ৰোধ কৰাৰ বাবেই আয়োজক সমিতি আৰু জিলা প্ৰশাসনৰ আলোচনামৰ্মে গ্ৰহণ কৰা হয় এই সিদ্ধান্ত৷ আজি জিলা উপায়ুক্তৰ কনফাৰেঞ্চ হলত আনুষ্ঠিত এক সংবাদমেলত এই কথা ঘোষণা কৰে জিলা প্ৰশাসনৰ তৰফৰ পৰা৷

উল্লেখযোগ্য যে বিহু প্ৰতিযোগিতা আৰু নিশা সাংস্কৃতিক অনুষ্ঠান উদযাপনৰ ক্ষেত্ৰতো জাৰি কৰিছে কিছু নিৰ্দ্দেশনা৷ সামাজিক দূৰত্ব বজাই ৰাখিব পৰাকৈ বাঁহৰ বেৰিকেড ঘনাই দিয়া আৰু দৰ্শক সকলৰ বাবে মক্স বাধ্যতামূলক কৰিছে প্ৰশাসনে৷ ইয়াৰ ওপৰি শিল্পীসকলে এটা গান পৰিৱেশৰ অন্তত দৰ্শকক কোভিড প্ৰটকল মানি চলিবলৈ আহ্বান জনোৱাটো বাধ্যতামূলক কৰিছে প্ৰশাসনে৷

আনহাতে, লখিমপুৰত পুনৰ এটা প্ৰি–মেৰেজ পাৰ্টী কোৰোণা সংক্ৰমণৰ কাৰণ হৈ পৰিছে বুলি অভিযোগ উঠিছে৷ সেই পাৰ্টীত অংশ লোৱা দৰাসহ আঠজনৰ দেহত ধৰা পৰিছে কোৰোণা। নগৰখনৰ গোপীনগৰ কলনীৰ লোহীয়া পৰিয়ালৰ প্ৰি–মেৰেজ পাৰ্টীত দৰাৰ দেহতে কোৰোণা ধৰা পৰাৰ পিছত আক্ৰান্ত হৈছে ইজনৰ পিছত সিজন৷ যোৱা বছৰো লখিমপুৰৰ এখন বিয়াই কাল হৈ পৰিছিল কোৰোণা সংক্ৰমণৰ ক্ষেত্ৰত৷ লোহিয়া পৰিয়ালৰ পাৰ্টী খাবলৈ যোৱাসকলৰ পৰীক্ষা অভিযান চলাই আছে স্বাস্থ্য বিভাগে৷ আজিৰ দিনত লখিমপুৰত ৫৮জনৰ দেহত কোৰোণা ধৰা পৰিছে যদিও এই সংখ্যা শীঘ্ৰে বৃদ্ধি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷
Published by: Sanjay Kumar Das
First published: April 20, 2021, 4:14 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি