ভয়ংকৰ দুৰ্ঘটনা, ওৰাঙত বিবাহযাত্ৰীৰ বাহন দুৰ্ঘটনাত পতিত, থিতাতে নিহত ৮জন

News18-Assam
Updated:November 20, 2019, 11:28 AM IST
ভয়ংকৰ দুৰ্ঘটনা, ওৰাঙত বিবাহযাত্ৰীৰ বাহন দুৰ্ঘটনাত পতিত, থিতাতে নিহত ৮জন
বিয়া খাই তেজপুৰলৈ উভতি যোৱাৰ পথত গেলাবিলত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো।

বিয়া খাই তেজপুৰলৈ উভতি যোৱাৰ পথত গেলাবিলত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো।

  • News18 Assam
  • Last Updated: November 20, 2019, 11:28 AM IST
  • Share this:
ওৰাঙত নিশা সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। এখন ৰৈ থকা ট্ৰাকত বিবাহযাত্ৰীৰ বাহনে খুন্দা মৰাৰ ফলত থিতাতে নিহত হয় ৮জন লোক। তেজপুৰৰ পৰা বাইহাটা চাৰিআলিত বিয়া খাবলৈ আহিছিল বিবাহযাত্ৰীৰ দলটো।

বিয়া খাই তেজপুৰলৈ উভতি যোৱাৰ পথত গেলাবিলত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো। গাড়ীৰ ভিতৰতে আবদ্ধ হৈ আছে নিহত লোককেইজন। দুৰ্ঘটনাত পতিত আৰ্টিগা বাহনখনৰ নম্বৰ AS–12B–2022।

তেজপুৰৰ তেলেৰীয়াৰ নয়ন নামৰ যুৱকজনৰ বিয়া খাবলৈ আহিছিল দলটো। দুৰ্ঘটনা সংঘটিত হোৱা স্থানত পূৰ্বে সংঘটিত হৈছিল আন এটা দুৰ্ঘটনা। যাৰ বাবে ৰৈ আছিল এখন ট্ৰাক। এই ৰৈ থকা ট্ৰাকখনতে খুন্দা মাৰে বিবাহযাত্ৰীৰ বাহনখনে।

নিহতসকল হ’ল গাড়ীখনৰ চালক দিগন্ত শইকীয়া (জোন), নাৰায়ণ দাস, পিংকু বৰা, ৰঞ্জিত ডেকা, ৰিংকু শইকীয়া, কমল দেৱনাথ, পাৰ্থ কুৰি আৰু মনোৰঞ্জন শৰ্মা।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি