মুখ্যপৃষ্ঠা »খবৰ »অসম »HSLC Results 2023: পুনৰ উজলিল শিক্ষাৰ নৱদ্বীপ নলবাৰী, সৰ্বমুঠ ৮গৰাকীয়ে লাভ কৰিলে স্থান

HSLC Results 2023: পুনৰ উজলিল শিক্ষাৰ নৱদ্বীপ নলবাৰী, সৰ্বমুঠ ৮গৰাকীয়ে লাভ কৰিলে স্থান

7candidate get position from Nalbari

7candidate get position from Nalbari

আজি ঘোষণা কৰা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল । ৮ টাকৈ স্থান লাভেৰে উজলিল শিক্ষাৰ নৱদ্বীপ নলবাৰী । 

  • Share this:
নলবাৰী, ২২ মে': আজি ঘোষণা কৰা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল । ৮ টাকৈ স্থান লাভেৰে উজলিল শিক্ষাৰ নৱদ্বীপ নলবাৰী । নলবাৰী চহৰৰ কেইবাখনো বিদ্যালয়ৰ লগতে টিহুৰো এখন বিদ্যালয়ৰ ছাত্ৰই স্থান লাভ কৰিবলৈ সক্ষম হ'ল ।

ঘোষিত ফলাফল অনুসৰি সৰ্বমুঠ ৫৯৩ নম্বৰেৰে দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে নলবাৰীৰ আনন্দ বিদ্যা নিকেতনৰ মধুস্মিতা শৰ্মা আৰু লাকী দেবী চৌধুৰীয়ে । সৰ্বমুঠ ৫৯২নম্বৰ লাভেৰে তৃতীয় স্থান লাভ কৰিলে শংকৰদেৱ শিশু নিকেতন, বাহাৰঘাটৰ মৃগাংক ভট্টাচাৰ্যই ।

সৰ্বমুঠ ৫৮৯ নম্বৰ লাভেৰে ষষ্ঠ স্থান লাভ কৰিলে লিটিল ফ্লাৱাৰ স্কুল,নলবাৰীৰ ৰশ্মিতা মহন্তই । ৫৮৭নম্বৰ লাভেৰে অষ্টম স্থান লাভ কৰিলে নলবাৰীৰ লুইত একাডেমী হাইস্কুলৰ ৰাজদ্বীপ কলিতাই ।

৫৮৬ নম্বৰ লাভেৰে নৱম স্থান লাভ কৰিলে নলবাৰীৰ অসম একাডেমীৰ বিপাশা শৰ্মা আৰু লিটিল ফ্লাৱাৰ স্কুলৰ হৃষিকেশ কলিতাই । ৫৮৫ নম্বৰ লাভেৰে নলবাৰী জিলাৰ টিহুৰ বিবেকানন্দ বিদ্যা নিকেতনৰ ছাত্ৰ প্ৰজ্ঞান শৰ্মাই দশম স্থান লাভ কৰে ।

নলবাৰী জিলাখনৰ পৰা সৰ্বমুঠ ৮গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান লাভ কৰা বিষয়টোৱে জিলাখনৰ শৈক্ষিক দিশটোলৈ শুভ বাৰ্তা আগবঢ়াইছে । ইয়াৰ পূৰ্বেও প্ৰতিবছৰে জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ পৰা ছাত্ৰ ছাত্ৰীয়ে স্থান লাভ কৰিছে ।

শেহতীয়া বাতৰি