ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ উত্তৰ-পূব সাংস্কৃতিক কেন্দ্ৰৰ (North East Zone Cultural Centre) তৰফৰ পৰা যুৱ প্ৰতিভা ৰাষ্ট্ৰীয় বঁটা ঘোষণা কৰা হৈছে।
সত্ৰীয়া নৃত্যত অসমৰ দুগৰাকী নৃত্যশিল্পীয়ে লাভ কৰিছে ২০২২-২৩ বৰ্ষৰ বাবে এই বঁটা। অসমৰ নূপুৰ তালুকদাৰ আৰু শিৱাংগী ৰত্না বৰুৱালৈ আগবঢ়োৱা হৈছে বঁটা।
দুয়োগৰাকী গুৱাহাটীৰ নৰ্তন কলা নিকেতনৰ ছাত্ৰী আৰু সত্ৰীয়া নৃত্যগুৰু ৰামকৃষ্ণ তালুকদাৰৰ শিষ্যা।
ইয়াৰ লগতে পৰম্পৰাগত বাদ্য খেলত এই বঁটা লাভ কৰিছে অৰিঞ্জিতা বৰা, চিত্ৰশিল্পত নিশান্ত মল্ল বুজৰবৰুৱা, লোকসংগীতত হীৰকজ্যোতি শৰ্মা, মূকাভিনয়ত ৰোচন হক আৰু মীনাংক ডেকা, বাঁহশিল্পত দীপজ্যোতি বৰাই। উল্লেখ্য, উত্তৰ পূব ভাৰতত এই বঁটা ২৪গৰাকীলৈ আগবঢ়োৱা হয়।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।