• Home
  • »
  • News
  • »
  • assam
  • »
  • ভাল খবৰ : যোৰহাটত ৭৭% লোকক কোভিডৰ ভেকচিন প্ৰদান, ব্যক্তিগত খণ্ডটো ভেকচিন প্ৰদান আৰম্ভ

ভাল খবৰ : যোৰহাটত ৭৭% লোকক কোভিডৰ ভেকচিন প্ৰদান, ব্যক্তিগত খণ্ডটো ভেকচিন প্ৰদান আৰম্ভ

কোভিড সংক্ৰমণৰ হাৰ বৃদ্ধি হৈ থকা বাবে যোৰহাট জিলাত ব্যাপক হাৰত ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰা হৈছিল।

কোভিড সংক্ৰমণৰ হাৰ বৃদ্ধি হৈ থকা বাবে যোৰহাট জিলাত ব্যাপক হাৰত ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰা হৈছিল।

কোভিড সংক্ৰমণৰ হাৰ বৃদ্ধি হৈ থকা বাবে যোৰহাট জিলাত ব্যাপক হাৰত ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰা হৈছিল।

  • Share this:
কণ্টেইনমেণ্ট জিলাৰ তালিকাত থকা যোৰহাটত ক্ৰমাৎ উন্নত হ’বলৈ ধৰিছে কোভিড পৰিস্থিতি। আনহাতে, কোভিডৰ সংক্ৰমণৰ হাৰে যোৰহাটবাসীক জৰ্জৰিত কৰিলেও ইয়াৰ সমান্তৰালকৈ যোৰহাটবাসীলৈ আছে আন এটা ভাল খবৰ। যোৰহাট জিলাত বিগত সময়ছোৱাত ব্যাপক হাৰত হৈছে কোভিডৰ টিকাকৰণ। বৰ্তমান জিলাখনত ১৮ বছৰ ঊৰ্ধ্বৰ প্ৰায় ৭৭% লোকক ভেকচিন প্ৰদান কৰা হৈছে। আনহাতে, নগৰ অঞ্চলত ইতিমধ্যে ভেকচিন প্ৰদানৰ নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰিছে।

কোভিড সংক্ৰমণে জৰ্জৰিত কৰিলেও যোৰহাটবাসীয়ে কোভিডৰ টিকাকৰণক লৈ সন্তুষ্টি লাভ কৰিব পাৰে। ইতিমধ্যে বৈজ্ঞানিক অনুসন্ধানৰ তথ্য অনুসৰি, ভেকচিন নোলোৱা লোকৰ শৰীৰত কোভিড–১৯ ভাইৰাছৰ সহজে মিউটেশ্যন ঘটিব পাৰে। সেয়েহে বিশেষজ্ঞসকলে কোভিডৰ টিকাকৰণৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰি আহিছে।

বিগত কিছুদিনত যোৰহাটত ব্যাপক হাৰত কোভিডৰ টিকাকৰণ হৈছিল। বৰ্তমান যোৰহাটৰ নগৰ অঞ্চলত ভেকচিন প্ৰদানে নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰিছে। যোৰহাটত ২৪ জুলাই পৰ্যন্ত ১৮ বছৰৰ ঊৰ্ধ্বৰ ৩,৭৮,৮৪৩ গৰাকী লোকক ভেকচিন প্ৰদান কৰা হৈছে। ইয়াৰে ৩,০৯,৬২৬ গৰাকী লোকক ভেকচিনৰ প্ৰথম পালি আৰু ৬৯,২১৭ গৰাকী লোকক দ্বিতীয় পালি প্ৰদান কৰা হৈছে। যোৰহাট জিলাত ২৪ জুলাই পৰ্যন্ত ১৮ বছৰ ঊৰ্ধ্বৰ নিৰ্ধাৰিত লক্ষ্যৰ ৭৭.৮% লোকক ভেকচিন প্ৰদান কৰা হৈছে।

কোভিড সংক্ৰমণৰ হাৰ বৃদ্ধি হৈ থকা বাবে যোৰহাট জিলাত ব্যাপক হাৰত ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰা হৈছিল। জিলাখনৰ ৬৬টা চৰকাৰী ভেকচিন কেন্দ্ৰ আৰু এটা বেচৰকাৰী ভেকচিন কেন্দ্ৰত দৈনিক ভেকচিন প্ৰদান কৰি অহা হৈছে। সংক্ৰমণ ৰোধ কৰাৰ ক্ষেত্ৰত ভেকচিনেও এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। যোৰহাট জিলাত বৰ্তমানলৈকে ৭৭% কৈয়ো অধিক লোকক ভেকচিন প্ৰদান কৰাটো নিশ্চয় এক সুখবৰ। ভেকচিনৰ যোগান নিয়মীয়া হৈ থাকিলে জুলাইৰ ভিতৰতে এই হাৰ ৯০% ৰ অধিক হোৱাটো নিশ্চিত হৈ পৰিছে।

"যোৰহাটত আমাৰ ৬৬টা চৰকাৰী কেন্দ্ৰত দৈনিক ভেকচিন প্ৰদান কৰি অহা হৈছে। ২৪ জুলাইৰ দিনটোতে আমি ১১,০৮৩ গৰাকী লোকক ভেকচিন প্ৰদান কৰিছো। জিলাখনত আমাক নিৰ্ধাৰণ কৰি দিয়া লক্ষ্যৰ ৭৭% লোকক ইতিমধ্যে ভেকচিন প্ৰদান কৰা হৈছে। ভেকচিনৰ যোগান অব্যাহত থাকিলে অতি সোনকালে আমি যোৰহাটত ১৮ বছৰ ঊৰ্ধ্বৰ ভেকচিন প্ৰদানৰ নিৰ্ধাৰিত লক্ষ্য সম্পূৰ্ণ কৰিবলৈ সক্ষম হম।", যোৰহাটৰ জিলা প্ৰতিষেধক বিষয়া ডাঃ মঞ্জুলা হাজৰিকাই এনেদৰে কয়।

আনহাতে, শেহতীয়াকৈ যোৰহাটত এপ'ল' হাস্পতালৰ দ্বাৰা ব্যাক্তিগত খণ্ডত ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। যোৰহাটৰ তৰাজানস্থিত এপ'ল' ইনফৰমেশ্যন চেণ্টাৰত ইচ্ছুক লোকসকলে ভেকচিনৰ মূল্য পৰিশোধ কৰি ভেকচিন ল’ব পাৰিব। কোভিশ্বিল্ড আৰু কোভাক্সিন এই দুয়োবিধ ভেকচিনেই উক্ত চেণ্টাৰত চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া মূল্যৰ বিনিময়ত প্ৰদান কৰা হৈছে।
Published by:Sanjay Kumar Das
First published: