• Home
  • »
  • News
  • »
  • assam
  • »
  • ৭৬ তম পুৰুষ আৰু ১৫ তম মহিলা সৰ্বভাৰতীয় ৰে'লৱে বক্সিং চেম্পিয়নশ্বিপৰ শুভাৰম্ভ

৭৬ তম পুৰুষ আৰু ১৫ তম মহিলা সৰ্বভাৰতীয় ৰে'লৱে বক্সিং চেম্পিয়নশ্বিপৰ শুভাৰম্ভ

এই চেম্পিয়নশ্বিপ ২৩ নৱেম্বৰ, ২০২২ তাৰিখে গুৱাহাটীৰ মালিগাঁওৰ উত্তৰ-পূৱ সীমান্ত ৰে'লৱে ষ্টেডিয়ামত আৰম্ভ হয়।

এই চেম্পিয়নশ্বিপ ২৩ নৱেম্বৰ, ২০২২ তাৰিখে গুৱাহাটীৰ মালিগাঁওৰ উত্তৰ-পূৱ সীমান্ত ৰে'লৱে ষ্টেডিয়ামত আৰম্ভ হয়।

এই চেম্পিয়নশ্বিপ ২৩ নৱেম্বৰ, ২০২২ তাৰিখে গুৱাহাটীৰ মালিগাঁওৰ উত্তৰ-পূৱ সীমান্ত ৰে'লৱে ষ্টেডিয়ামত আৰম্ভ হয়।

  • Share this:
উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ দ্বাৰা ৭৬ তম পুৰুষ আৰু ১৫ তম মহিলা সৰ্বভাৰতীয় ৰে'লৱে বক্সিং চেম্পিয়নশ্বিপ, ২০২২-২৩ আয়োজন কৰা হৈছে। এই চেম্পিয়নশ্বিপ ২৩ নৱেম্বৰ, ২০২২ তাৰিখে গুৱাহাটীৰ মালিগাঁওৰ উত্তৰ-পূৱ সীমান্ত ৰে'লৱে ষ্টেডিয়ামত আৰম্ভ হয়।

উত্তৰ-পূৱ সীমান্ত ৰে'লৱে ক্ৰীড়া সংস্থাৰ (এনএফআৰএছএ) সাধাৰণ সম্পাদকে এই স্পোৰ্টচ ইভেন্টৰ উদ্বোধন কৰে য'ত এনএফআৰএছএৰ অন্যান্য বিষয়াবৰ্গও উপস্থিতিত থাকে। চেম্পিয়নশ্বিপটো চাৰি দিনৰ বাবে চলিব আৰু ২৬ নৱেম্বৰ, ২০২২ তাৰিখে সমাপ্ত হ'ব। চেম্পিয়নশ্বিপত পুৰুষৰ বাবে ১৩ টা শাখা আৰু মহিলাৰ বাবে ১২ টা শাখা থাকিব।

অংশগ্ৰহণকাৰীসকল ভাৰতীয় ৰেলৱেৰ ১৩ টা বিভিন্ন জ'নৰ যেনে এছচিআৰ (দক্ষিণ মধ্য ৰে'লৱে, চেকেন্দ্ৰাবাদ), চিআৰ (মধ্য ৰে'লৱে, মুম্বাই), এছইআৰ (দক্ষিণ-পূব ৰে'লৱে, কলকাতা), ইআৰ (পূৱ ৰে'লৱে, কলকাতা), এনআৰ (উত্তৰ ৰে'লৱে, দিল্লী) আৰু ঘৰুৱা দল এনএফআৰ (উত্তৰ-পূব সীমান্ত ৰে'লৱে, মালিগাঁও)। এই চেম্পিয়নশ্বিপত মুঠ ৭৫ জন পুৰুষ খেলুৱৈ, ৩৭ গৰাকী মহিলা খেলুৱৈ, প্ৰশিক্ষক, জ্যেষ্ঠ খেলুৱৈ, ৰেফাৰী আৰু বিচাৰকে অংশগ্ৰহণ কৰিব।

দক্ষিণ ৰে'লৱেৰ অলিম্পিয়ান আৰু অৰ্জুন বঁটাপ্ৰাপ্ত ভি দেৱৰাজন, পূব ৰেলৱেৰ অলিম্পিয়ান দিবাকৰ প্ৰসাদ, পূব ৰেলৱেৰ দ্ৰোণাচাৰ্য আৰু অৰ্জুন বঁটা প্ৰাপ্ত মোঃ আলী কামাৰ, উত্তৰ ৰেলৱে আৰু উত্তৰ পশ্চিম ৰেলৱেৰ পৰা ক্ৰমে দ্ৰোণাচাৰ্য বঁটা প্ৰাপ্ত জয়দেৱ বিষ্ট আৰু সাগৰ মাল ধায়াল আৰু ইষ্ট কোষ্ট ৰেলৱেৰ ধ্যান চান্দ বঁটা প্ৰাপ্ত এন উষাই এই চেম্পিয়নশ্বিপত উপস্থিত থাকে।

শৰীৰ আৰু মন স্বাস্থ্যসন্মত কৰি ৰখাৰ বাবে ক্ৰীড়া হৈছে জীৱনৰ বাবে এক অবিচ্ছেদ্য অংগ। উত্তৰ পূব সীমান্ত ৰে'লৱেই বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি ক্ৰীড়া ক্ষেত্ৰত নতুন প্ৰতিভা সৃষ্টি আৰু বিকাশৰ উদ্দেশ্যৰে অবিৰত প্ৰয়াস চলাই আহিছে যাৰ পৰিণামস্বৰূপে ভাৰতীয় ৰে'লৱেই গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হব। এনে ধৰণৰ চেম্পিয়নশ্বিপৰ আয়োজনে উঠি অহা নৱ প্ৰজন্মৰ সামগ্ৰীক বিকাশ ত্বৰান্বিত কৰি তুলিব।
Published by:Sehnaz Begum
First published:

শেহতীয়া বাতৰি