• Home
  • »
  • News
  • »
  • assam
  • »
  • Independence Day | খানাপাৰাত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ, ভাষণত স্থান পালে ১ লাখ চাকৰি–ইংৰাজী মাধ্যমৰ প্ৰসংগই

Independence Day | খানাপাৰাত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ, ভাষণত স্থান পালে ১ লাখ চাকৰি–ইংৰাজী মাধ্যমৰ প্ৰসংগই

নগৰত থকা লোকসকলক মুখ্যমন্ত্ৰীৰ আহ্বান, বছৰত সপ্তাহ হ’লেও এবাৰ হ’লেও নিজৰ গাঁওখনলৈ উভতি যাওঁক। ল’ৰা–ছোৱালীক গাঁৱলৈ লৈ যাওক, মানৱীয়তাৰ প্ৰমূল্যবোধ শিকিব।

নগৰত থকা লোকসকলক মুখ্যমন্ত্ৰীৰ আহ্বান, বছৰত সপ্তাহ হ’লেও এবাৰ হ’লেও নিজৰ গাঁওখনলৈ উভতি যাওঁক। ল’ৰা–ছোৱালীক গাঁৱলৈ লৈ যাওক, মানৱীয়তাৰ প্ৰমূল্যবোধ শিকিব।

নগৰত থকা লোকসকলক মুখ্যমন্ত্ৰীৰ আহ্বান, বছৰত সপ্তাহ হ’লেও এবাৰ হ’লেও নিজৰ গাঁওখনলৈ উভতি যাওঁক। ল’ৰা–ছোৱালীক গাঁৱলৈ লৈ যাওক, মানৱীয়তাৰ প্ৰমূল্যবোধ শিকিব।

  • Share this:
খানাপাৰাত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। জাতিৰ পিতা মহাত্মা গান্ধীৰ লগতে স্বাধীনতা সংগ্ৰামত সৰ্বস্ব উজাৰি দি দেশপ্ৰেমৰ বিৰল নিদৰ্শন দাঙি ধৰা প্ৰতিগৰাকী শ্বহীদ আৰু মুক্তিযুঁজাৰুলৈ সশ্ৰদ্ধ প্ৰণিপাত জনাই মুখ্যমন্ত্ৰীয়ে। ড০ শৰ্মাই কয়, ৯ দশকৰ দাসত্ব আৰু অজস্ৰজনৰ ত্যাগৰ ফলত ১৯৪৭ চনৰ ১৫ আগষ্টত পৰাধীনতাৰ শিকলি চিঙি দেশে স্বাধীনতা লাভ কৰিছিল। ভাৰতৰ নীল আকাশত তিনিবৰণীয়া জাতীয় পতাকা জিলিকি উঠিছিল।

ভাৰত প্ৰাচীন কালৰে পৰা জ্ঞান, প্ৰজ্ঞা আৰু ঐতিহ্যৰ সম্ভাৰেৰে সমৃদ্ধ। ভাৰতবৰ্ষৰ এক গৰিমামণ্ডিত ইতিহাস আছে। ভাৰতীয় সভ্যতা পৃথিৱীৰ প্ৰাচীনতম সভ্যত্যসমূহৰ অন্যতম। প্ৰাচীন কালৰে পৰা ভাৰতবৰ্ষ জ্ঞান চৰ্চাৰ অন্যতম কেন্দ্ৰ হিচাপে বিবেচিত হৈ আহিছে। ভাষণ ক’লে মুখ্যমন্ত্ৰীগৰাকীয়ে।

ড০ হিমন্ত বিশ্ব শৰ্মাই নিজৰ ভাষণত কয়, আমি সকলো এই মহান ভাৰতীয় সভ্যতাৰ সন্তান। আমাৰ ভৱিষ্যৎ প্ৰজন্মও এই সভ্যতাৰ বাৰ্তাবাহক। স্বাধীনতাৰ এই অমৃত মহোৎসৱৰ সময়ত প্ৰতিগৰাকী ভাৰতীয় সংস্কৃতিৰ মহত্বৰ বিষয়ে প্ৰতিগৰাকী ভাৰতীয় অৱগত হোৱা উচিত। ব্ৰিটিছৰ বিৰুদ্ধে ভাৰতীয় বিদ্ৰোহৰ ইতিহাস অধ্যয়ন কৰিলে আমি দেখিবলৈ পাওঁ যে দেশৰ স্বাধীনতা আন্দোলনৰ সূত্ৰপাত হোৱাৰ পূৰ্বে অসমত ব্ৰিটিছবিৰোধী জুই জ্বলিছিল।১৮৫৭ চনত চিপাহী বিদ্ৰোহে আমাৰ দেশত স্বাধীনতা আন্দোলনৰ সূত্ৰপাত হৈছিল। কিন্তু ইয়াৰ প্ৰায় তিনি দশক পূৰ্বে ব্ৰিটিছে অসমত পোন প্ৰথমে লাইখুটা পোতোতেই ব্ৰিটিছ শাসন ওফৰাবলৈ চেষ্টা কৰিছিল। অসমত ব্ৰিটিছ বিৰোধী সংগ্ৰামৰ এক অনন্য অধ্যায় হৈছে স্বাধীনতা সংগ্ৰামৰ আৰম্ভণিতে ব্ৰিটিছৰ বিৰুদ্ধে অসমৰ জনজাতীয় লোকসকলৰ বিদ্ৰোহ।

আনহাতে, ভাৰতৰ স্বাধীনতাৰ প্ৰথম সংগ্ৰাম ৰূপে খ্যাত চিপাহী বিদ্ৰোহৰ জুই ১৮৫৭ চনৰ ছেপ্টেম্বৰ মাহত বংগ দেশ পাৰ হৈ অসমৰ সীমাত জ্বলি উঠিছিল। সেই সময়তে মণিৰাম দেৱানে উজনি আৰু মধ্য অসমৰ ঠায়ে ঠায়ে ৰাইজক বিদ্ৰোহ কৰাৰ বাবে সংঘবদ্ধ কৰি ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহৰ পাতনি মেলিছিল। এই বিদ্ৰোহত নেতৃত্ব দিয়াৰ অভিযোগত ১৮৫৮ চনৰ ফেব্ৰুৱাৰীত মণিৰাম দেৱান আৰু তেওঁৰ সহযোগী পিয়লি বৰুৱাক ফাঁচি দিয়া হৈছিল। অসমত ব্ৰিটিছবিৰোধী সংগ্ৰামৰ আন এক অধ্যায় হ’ল কৃষক বিদ্ৰোহ।

স্বাধীনতা লাভ কৰাৰ পিছতে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ নেতৃত্বত আধুনিক অসমৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছিল। কিন্তু সেই সময়তে ১৯৫০ চনৰ বলিয়া ভূঁইকঁপ, দেশ বিভাজনৰ ফলত, অসমৰ যাতায়াত ব্যৱস্থাৰ বিধ্বস্ত আৰু স্বাধীনতাৰ পূৰ্বে ভয়াৱহ ৰূপ লোবা প্ৰব্ৰজন আদিয়ে অসমক অস্থিৰ কৰি তুলিছিল। তাৰ পৰৱৰ্তী সময়তো অসমত বিদেশী বহিষ্কাৰ আন্দোলন, বিভিন্ন ধৰণৰ সংগ্ৰামী আন্দোলন আৰু একপ্ৰকাৰ ক’বলৈ গ’লে হিংসাত্মক আন্দোলনসমূহো আধুনিক অসমৰ নিৰ্মাণত প্ৰচণ্ড বাধাৰ সৃষ্টি কৰিছিল। কিন্তু তৎসত্ত্বেও যোৱা ৭৫ বছৰত অসমে বিকাশৰ অনিৰুদ্ধ গতিৰে আগবাঢ়িল। যোৱা ৭৫টা বছৰত ভাৰতত এনে এখন ৰাজ্য নাই, যিখন ৰাজ্যই একেলগে সন্ত্ৰাসবাদৰো সন্মুখীন হৈছে, একেলগে বান সমস্যাৰো সন্মুখীন হৈছে, একেৰাহে বিভিন্ন আন্দোলন সন্মুখীন হৈছে, পাৰ্টিচনৰ ফলত যাতায়াত ব্যৱস্থা বিধ্বস্ত হৈছে, বৰভূঁইকঁপে আমাৰ অৰ্থনীতি ধ্বংস কৰিছে, কিন্তু তাৰ পিছতো অসমীয়া জাতি আৰু অসমবাসীয়ে উন্নয়নৰ পথলৈ আগবাঢ়িছে। অসমে যোৱা কেইটামান বছৰত শান্তিৰ এক নতুন দূতলৈ পৰিগণিত হৈছে। অসমৰ মুঠ ঘৰুৱা উৎপাদন ৫ লাখ কোটি টকা অতিক্ৰম কৰিবলৈ ধাৱমান হৈছে। আমাৰ ৰাজ্যখনত উন্নয়ন আৰু পৰিৱৰ্তনৰ এক নতুন যুগৰ সৃষ্টি হৈছে।

ভাষণত ড০ শৰ্মাই কয়, স্বাধীনতাৰ এই ৭৫ বছৰৰ অমৃত মহোৎসৱত আমি আমাৰ ৰাজ্যখনক ভাৰতৰ ভিতৰতে এখন শ্ৰেষ্ঠ ৰাজ্য হিচাপে নিৰ্মাণ কৰি তুলিব লাগিব। ভাৰতক পৰম বৈভৱৰ উচ্চতম শিখৰলৈ লৈ যোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৫টা বছৰ অমৃত কালৰূপে পালন কৰিবলৈ ৰাইজক আহ্বান জনাইছে। স্বাধীনতাৰ ৭৫ তম বৰ্ষ পালন কৰাৰ লগে লগে আমাৰ ৰাষ্ট্ৰৰ অমৃত কাল আৰম্ভ হ’ল। অনাগত ২৫টা বছৰত প্ৰতিজনেই সমৰ্পণৰ মনোভাৱেৰে কাম কৰিম। অসমখনক ভাৰতৰ ভিতৰতে এখন শ্ৰেষ্ঠতম ৰাজ্য হিচাপে এক নতুন শিখৰলৈ লৈ যাম।

যোৱা এটা বছৰত ৰাজ্যখনক আগুৱাই লৈ যাবৰ বাবে আমি নতুন দিনৰ নতুন সপোন ৰচনা কৰি মোদীৰ নেতৃত্বত আগুৱাই গৈছো। বান পৰিস্থিতিৰ মাজতো ৰাইজৰ লগত থিয় হৈছো আৰু অসমবাসী ৰাইজে বানপীড়িত ৰাইজক পুনৰ এবাৰ জীৱন সংগ্ৰাম আৰম্ভ কৰিবলৈ প্ৰেৰণা যোগাইছে। অসমৰ বানাক্ৰান্ত ৰাইজৰ ওচৰত শ্ৰদ্ধা নিবেদন কৰিছো, আৰু তেওঁলোকৰ লগত থকাৰ সংকল্প ঘোষণা কৰিছো।

মুখ্যমন্ত্ৰীয়ে কয়, যোৱা এটা বছৰত অসমৰ জাতীয় জীৱনলৈ উন্নয়নৰ নতুন প্ৰবাহ দেখিবলৈ পালো। মিছন বসুন্ধৰাৰ মাজেৰে ৭ লাখ লোকৰ ভূমিৰ সমস্যা সমাধান হ’ল। মিছন সদ্ভাৱনাৰ জৰিয়তে চৰকাৰী কাৰ্যালয়ত জমা হৈ থকা নথি–পত্ৰই প্ৰাণ পালে, হাজাৰজনৰ সমস্যা সমাধান হ’ল। মিছন ভূমিপুত্ৰৰ জৰিয়তে অসমৰ জনজাতীয় লোকসকলে তেওঁলোকৰ স্বঅধিকাৰ আৰু গৰিমাই ওভতাই পালে। বড়ো চুক্তি, কাৰ্বি চুক্তিৰ জৰিয়তে শান্তিৰ এক নতুন শৌধ নিৰ্মাণ কৰা হ’ল। অসমৰ প্ৰশাসন ব্যৱস্থাক ৰাইজৰ কাষলৈ চেষ্টা কৰিছো।

প্ৰতিটো দিশতে ডিজিটেল আৰ্কিটেকচাৰৰ জৰিয়তে জনতাক নিজৰ পদুলিতে সেৱা আগবঢ়োৱাৰ সংকল্প লোৱাৰ দিশে ধাৱমান হৈছো। প্ৰথমবাৰৰ বাবে অসমৰ কৃষকৰ পৰা সমৰ্থিত মূল্যত ধান ক্ৰয় কৰি অসমৰ কৃষি অৰ্থনীতিত আমাৰ চৰকাৰখনে এক নতুন প্ৰাণৰ সঞ্চাৰ কৰিলে। অৰুণোদয়ৰ দৰে আঁচনিক আৰু অধিক জনব্যাপী আৰু সৰ্বব্যাপী কৰি তোলাৰ সিদ্ধান্তই অসমৰ দৰিদ্ৰজনক আত্মবিশ্বাসৰ নতুন বিশ্বাসেৰে বান্ধি তুলিলে। তিনি হাজাৰ মেগাৱাট সৌৰশক্তিৰ উৎপাদনেৰে বিদ্যুতৰ চাহিদা পূৰণৰ সংকল্পই অসমক আধুনিক ৰাজ্যসমূহৰ স্থানলৈ আগুৱাই লৈ গ’ল। অসমক সকলো ক্ষেত্ৰতে আত্মনিৰ্ভৰশীল হোৱাৰ পথত আগবাঢ়িছো।

অসমত প্ৰায় ১০ হাজাৰ কিলোমিটাৰ পকী পথ নিৰ্মাণৰ সংকল্পৰে আমি ধাৱমান হৈছো। গুৱাহাটী–উত্তৰ গুৱাহাটীৰ মাজত নিৰ্মাণ কৰা নতুন দলঙে হওক, কলিয়াভোমোৰাৰ ওপৰত সম্পূৰ্ণ হোৱা নতুন দলঙে হওক, মাজলীত নিৰ্মাণ হোৱা ব্ৰহ্মপুত্ৰৰ ওপৰত দলঙে হওক, পলাশবাৰী–শুৱালকুছিৰ ওপৰত হ’বলগীয়া দলঙেই হওক, নাৰেংগী–কুৰুৱাৰ ওপৰত নতুন ব্ৰহ্মপুত্ৰৰ দলঙেই হওক, কাজিৰঙাত ৩২ কিলোমিটাৰ এলিভেটেড কৰিড’ৰেই হওক বা ২৪খন মেডিকেল কলেজৰ সপোনেই হওক বা ১৬খন বিশ্ববিদ্যালয়ৰ সপোনেই হওক, আজি আমি স্বাধীনতাৰ অমৃত মহোৎসৱত এখন নতুন অসম নিৰ্মাণ কৰাৰ বিদ্যুৎ গতিৰে আগুৱাই গৈছো বুলি কয় মুখ্যমন্ত্ৰীয়ে।

ড০ শৰ্মাই কয়, প্ৰধানমন্ত্ৰীৰ জন আৰোগ্য যোজনা, আয়ুষ্মান ভাৰত আঁচনিয়ে ২৭ লাখ দৰিদ্ৰ লোকক ইউনিভাৰ্ছেল হেল্থ কেয়াৰ অৰ্থাৎ ৫ লাখ পৰ্যন্ত স্বাস্থ্য বীমা আঁচনিৰ সুবিধা দিয়ে। আমি আয়ুস্মান ভাৰত আঁচনি অসমৰ ৰেছন কাৰ্ড থকা ৫৮ লাখ পৰিয়াললৈ সম্প্ৰসাৰিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো।

অহা সপ্তাহত অসমে আৰু এক নতুন দৃষ্টান্ত দাঙি ধৰিবলৈ গৈ আছে বুলি কয় মুখ্যমন্ত্ৰীয়ে। ড০ শৰ্মাই কয়, ১ লাখ চৰকাৰী চাকৰি নিকা আৰু সম্পূৰ্ণ স্বচ্ছতাৰে দিয়াৰ সংকল্পৰে আমি ধাৱমান হৈছো। ৩০ হাজাৰ চৰকাৰী চাকৰি ইতিমধ্যে আমি নিকা নিয়মেৰে দিব পাৰিছো। ১০ হাজাৰ চাকৰি আমি ছেপ্টেম্বৰ মাহত দিম। সমান্তৰালভাৱে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ প্ৰায় ৩০ হাজাৰ চৰকাৰী চাকৰি প্ৰদান কৰাৰ লক্ষ্যৰে আমাৰ অ’ৰেল আৰু লিখিত পৰীক্ষা এই মাহৰ পৰা আৰম্ভ হ’ব। অসমৰ বাদে ভাৰতৰ কোনো ৰাজ্যতে এনেদৰে সংঘবদ্ধ প্ৰচেষ্টাৰ জৰিয়তে ১ লাখ চাকৰি দিয়াৰ দৃষ্টান্ত নাই।

তেওঁ কয়, আমি অসমখনক এখন আধুনিক, শক্তিশালী, অৰ্থনৈতিক বুনিয়াদেৰে নিৰ্মিত এখন মহান ৰাজ্য বনাব বিচাৰিছো। টেকন’লজীৰ নতুন নতুন শিক্ষাৰে জাতিটোক জিলিকাই তুলিব খুজিছো। শিক্ষাৰ ক্ষেত্ৰত আমি এক নতুন আঁচনি হাতত ল’ব খুজিছো। অসমত চাৰি হাজাৰ হাইস্কুল–হায়াৰ ছেকেণ্ডাৰী স্কুল আছে। এই হাইস্কুল–হায়াৰ ছেকেণ্ডাৰী স্কুলসমূহত অহা বছৰৰ পৰা অসমীয়াৰ লগতে সমান্তৰালভাৱে ইংৰাজী পাঠ্যক্ৰমো আৰম্ভ হ’ব। এই বিদ্যালয়সমূহ পুনৰনিৰ্মাণ কৰাৰ বাবে ১০ হাজাৰ কোটি টকাৰ আঁচনিৰ কথা ঘোষণা কৰিছো। এই ১০ হাজাৰ কোটি টকা ব্যয়েৰে অসমৰ প্ৰতিখন হাইস্কুল আৰু হায়াৰ ছেকেণ্ডাৰী স্কুলত আধুনিক শিক্ষাৰ পূৰ্ণতা প্ৰাপ্তিৰ লক্ষ্যৰে আন্তঃগাঁথনি নিৰ্মাণৰ ক্ষেত্ৰত আগুৱাই লৈ যাম।

শক্তিৰ ক্ষেত্ৰত আমি ছ’লাৰ পাৱাৰ, গ্ৰীন পাৱাৰেৰে সমৃদ্ধ হ’ব খুজিছো। ২০৩৫ চনৰ ভিতৰত অসমে যাতে গ্ৰীন পাৱাৰৰ ক্ষেত্ৰত, ছ’লাৰ পাৱাৰ ক্ষেত্ৰত এক মহাশক্তিত পৰিণত হয়, তাৰ বাবে প্ৰচেষ্টা হাতত লৈছো। প্ৰতিজন সফল ব্যক্তিয়ে একো একোটা অংগনৱাড়ী কেন্দ্ৰ এড’প্ট কৰক।

নগৰত থকা লোকসকলক মুখ্যমন্ত্ৰীৰ আহ্বান, বছৰত সপ্তাহ হ’লেও এবাৰ হ’লেও নিজৰ গাঁওখনলৈ উভতি যাওঁক। ল’ৰা–ছোৱালীক গাঁৱলৈ লৈ যাওক, মানৱীয়তাৰ প্ৰমূল্যবোধ শিকিব। অসমৰ প্ৰত্যেকখন গাঁৱক গাঁওখনৰ জন্মদিন পালন কৰিবলৈ অনুৰোধ জনাম, যাতে সেই গাঁওখনৰ জন্মদিনটোত অসমৰ প্ৰতিটো প্ৰান্তত বাস কৰা সেই গাঁওখনৰ লোকসকল গাঁৱলৈ উভতি যাব পাৰে। তিনিটা দিন গাঁৱৰ নান্দনিক পৰিৱেশৰ মাজত থাকি আমাৰ হেৰাই যোৱা শিপাৰ লগত সম্পৰ্ক প্ৰতিষ্ঠা কৰিব পাৰো।

অৰ্গেনিক ফাৰ্মিং আমাৰ বাবে এক মহান অস্ত্ৰ। অসমৰ আনাৰস গৈ ডুবাই পাইছেগৈ, তেজপুৰৰ লিচু লণ্ডনৰ বজাৰ পাইছে, কাৰ্বি আংলঙৰ আদাই বিশ্বৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। মই আপোনালোকক আহ্বান জনাম যে অসমৰ কৃষকে যাতে অৰ্গেনিক ফাৰ্মিঙৰ ওপৰত গুৰুত্ব দিয়ে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি