• Home
  • »
  • News
  • »
  • assam
  • »
  • Preetilata Baruah: কনকলতা বৰুৱাৰ বান্ধবী প্ৰীতিলতা বৰুৱাৰ খবৰ ৰাখিছেনে কোনোবাই?

Preetilata Baruah: কনকলতা বৰুৱাৰ বান্ধবী প্ৰীতিলতা বৰুৱাৰ খবৰ ৰাখিছেনে কোনোবাই?

বৃটিছ আৰক্ষীৰ গুলীত কনকলতা বৰুৱা  ঢলি পৰা দৃশ্য নিজ চকুৰে প্ৰত্যক্ষ কৰিছিল প্ৰীতিলতা বৰুৱাই।

বৃটিছ আৰক্ষীৰ গুলীত কনকলতা বৰুৱা  ঢলি পৰা দৃশ্য নিজ চকুৰে প্ৰত্যক্ষ কৰিছিল প্ৰীতিলতা বৰুৱাই।

বৃটিছ আৰক্ষীৰ গুলীত কনকলতা বৰুৱা  ঢলি পৰা দৃশ্য নিজ চকুৰে প্ৰত্যক্ষ কৰিছিল প্ৰীতিলতা বৰুৱাই।

  • Share this:
নিজ দেশ মাতৃৰ বাবে জীবন আহুতি দিয়া অলেখ স্বাধীনতা সংগ্ৰামী (Freedom Fighter)ৰ অন্যতম আছিল  কনকলতা বৰুৱা । ১৯৪২ চনৰ ২০ ছেপ্তেম্বৰত ভাৰত ত্যাগ আন্দোলনত স্বাধীনতা সেনানী গহপুৰৰ জীয়াৰী কনকলতা বৰুৱা (Kanaklata Baruah)ই দেশৰ বাবে ইংলিছ আৰক্ষীৰ বুলেট বুকু পাতি লৈছিল । দেশৰ প্ৰতি থকা অকৃত্ৰিম ভালপোৱাৰ চানেকি হিচাপে মুমুৰ্ষূ অবস্থাতো পতাকা গুজি পৰিচয় দিছিল দেশপ্ৰেমিকৰ  ।  সেই গৰাকী বীৰাঙ্গনা কনকলতা বৰুৱাৰ বান্ধৱী প্ৰীতিলতা বৰুৱা (Preetilata Baruah)আজিও চাক্ষুষ বুৰঞ্জী হৈ জীৱিত  আছে । ৯৮ বছৰীয়া প্ৰীতিলতা বৰুৱাৰ আজিও মনত সজীৱ হৈ আছে গহপুৰ থানাৰ সমুখৰ ভয়াৱহ দৃশ্যৰ ।

স্বাধীনতা দিৱস (Independence Day)ৰ প্ৰাকক্ষণত তাহানিৰ দিনৰ গহপুৰৰ তেজলগা ইতিহাসৰ পৃষ্ঠা মেলিলে উচুপি উঠে প্ৰীতিলতা বৰুৱা নামৰ উত্তৰ গুৱাহাটী শিলসাঁকোৰ বৃদ্ধ আইতাগৰাকী । চকুৰ সমুখতে বৃটিছ আৰক্ষীৰ গুলীত কনকলতা বৰুৱা  ঢলি পৰা দৃশ্য নিজ চকুৰে প্ৰত্যক্ষ কৰিছিল প্ৰীতিলতা বৰুৱাই। পিছত পেহাকে প্ৰীতিলতা বৰুৱাক চাইকেলেৰে ঘৰলৈ লৈ আহিছিল । ভগা মাত, আৱেগ আৰু ক্ষোভৰ মাজেৰে ১৯৪২ চনৰ গহপুৰ থানাৰ সমুখৰ ইংৰাজৰ নিৰ্মম গুলীবৰ্ষণৰ কথা কৈ গ'ল স্বাধীনতা সেনানী প্ৰীতিলতা বৰুৱাই ।

অপ্ৰিয় সত্য যে কনকলতা বৰুৱাই হাতত লোৱা পতকাখন আছিল প্ৰীতিলতা বৰুৱাৰ । কনকলতা বৰুৱাই প্ৰীতিলতা বৰুৱাক সমদলকাৰীৰ শাৰীৰ পিছত থিয় কৰাই নিজে আগত আছিল আৰু প্ৰীতিলতা বৰুৱাৰ হাতৰ পতাকা লৈ কনকলতাই সমদলত আগবাঢ়িছিল । তাৰ পিছতেই ঘটিছিল ভয়ানক সেই আৰক্ষীৰ নিৰ্বিচাৰ গুলীবৰ্ষণৰ ঘটনা। আজিও সেই দিনটোৰ কথা মনত পৰিলে শিহৰিত হয় প্ৰীতিলতা বৰুৱা।

প্ৰীতিলতা বৰুৱাৰ ঘৰ চতিয়াৰ মুদৈবাৰীত আৰু কনকলতাৰ ঘৰ যথেষ্ট দুৰৈৰ গহপুৰত । কনকলতাৰ মোমায়েকৰ ঘৰ মুদৈবাৰীত যাওতেই প্ৰীতিলতাৰ সৈতে চিনাকি হয় আৰু পিছলৈ বন্ধুত্ব গঢ়ি উঠে । সমনীয়াৰ সতে দুয়ো বগৰী খোৱা ,খেলধেমালী কৰা আৰু পিছলৈ ভাৰত ত্যাগ আন্দোলনত পৰিয়ালৰ বাধা নেওচিও সোমাই পৰিছিল প্ৰীতিলতা বৰুৱা । বয়সত কনকলতা বৰুৱা প্ৰীতিলতাতকৈ সৰু আছিল যদিও দেশপ্ৰেমিক কনকলতা বৰুৱাই সকলো মহিলা যুৱতীক স্বাধীনতা আন্দোলনত ভাগ ল'বলৈ উদ্যোগ লৈছিল ।

পিছে স্বাধীনতা সেনানী প্ৰীতিলতা বৰুৱাক আজিও দিয়া হোৱা নাই উচিত সন্মান । আঢ়ৈশ টকীয়া পেঞ্চনৰ বাবে প্ৰখৰ ৰ'দকো নেওচি দুৰ্বল দেহাৰে লাখুটি লৈ বেংকলৈ বাটকুৰি বাইছে আইতাই । চিকিৎসা, খোৱা বোৱাৰ বাবেও ধন নাই অকলশৰীয়া প্ৰীতিলতা বৰুৱাৰ । উত্তৰ গুৱাহাটীৰ নাতিবোৱাৰীৰ সতে অকলশৰীয়া প্ৰতিলতা বৰুৱাই  কষ্টেৰে দিন নিয়াইছে ।

স্বাধীনতা  দিৱসৰ দিনটোতো  ৰজাঘৰৰ মনত নপৰে প্ৰীতিলতা বৰুৱাক । ৰোগাক্ৰান্ত হৈ পৰা স্বাধীনতা সংগ্ৰামী প্ৰীতিলতা বৰুৱাৰ স্বাস্থ্যৰ অৱনতি ঘটিছে । চিকিৎসাৰ বাবেও ধনৰ অভাৱত পৰা আইতা প্ৰীতিলতা বৰুৱাই নিজ দুখ দৈন্যতাৰ কথা কৈ গ'ল সাংবাদিকৰ আগত । ভাইভনীৰে ভৰা ঘৰখনৰ সকলো এটি এটিকৈ আঁতৰি যোৱাৰ পিছত আজি অসহায় অৱস্থা । চৰকাৰ প্ৰশাসনৰ সদিচ্ছা হ'বনে দেশৰ স্বাধীনতা সংগ্ৰামী প্ৰীতিলতা বৰুৱাৰ কিছু দায়িত্ব পালন কৰিবলৈ। কেৱল শৰাই গামোছাই পেট নভৰাই বুলিও আক্ষেপ কৰি মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক জনাবলৈও কাকুতি কৰিলে সাংবাদিকক ।
Published by:Manjumoni Borah
First published: