ক'ৰোনা ভাইৰাছৰ দ্বিতীয় ঢৌয়ে এতিয়ালৈকে ৭৩০ জন চিকিৎসকৰ প্ৰাণ কাঢ়িছে। ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনে (IMA) এই বিষয়ে জনায়। সংগঠনটোৱে প্ৰকাশ কৰা তালিকা অনুসৰি, বিহাৰত সৰ্বাধিক ১১৫ জন চিকিৎসকৰ মৃত্যু হৈছে।
ইয়াৰ পিছত দিল্লীত ১০৯ জন চিকিৎসকৰ মৃত্যু হৈছে। উত্তৰ প্ৰদেশত, কোভিডৰ ফলত ৭৯ জন আৰু পশ্চিম বংগত ৬২ জন চিকিৎসকে প্ৰাণ হেৰুৱাইছে। ৰাজস্থানত ৪৩ জন চিকিৎসকৰ মৃত্যু হৈছে। ঝাৰখণ্ডত ৩৯ জন, অন্ধ্ৰ প্ৰদেশত ৩৮ জন, গুজৰাট আৰু তেলেংগানা দুয়োখন ৰাজ্যতে ৩৭ জন চিকিৎসকে প্ৰাণ হেৰুৱাইছে।
তামিলনাডুত ৩২ জন, উৰিষ্যাত ৩১ জন, কেৰালাত ২৪ জন আৰু মহাৰাষ্ট্ৰত ২৩ জন আৰু মধ্য প্ৰদেশত ১৬ জন লোকৰ মৃত্যু হৈছে। অসমত এই ঢৌত ৯ জন চিকিৎসকৰ মৃত্যু হৈছে। যোৱা বছৰ, ভাৰতত ৭৪৮ জন চিকিৎসকে কোভিড-19-ত মৃত্যুবৰণ কৰিছিল, আনহাতে দ্বিতীয় ঢৌৰ সময়ত ৭৩০ জন চিকিৎসকে কম সময়ৰ ভিতৰতে প্ৰাণ হেৰুৱাইছে। ক'ৰোনা ভাইৰাছৰ দ্বিতীয় ঢৌ সমগ্ৰ দেশতে যথেষ্ট মাৰাত্মক প্ৰমাণিত হৈছে, যাৰ ফলত কম ঘটনা হোৱা স্বত্বেও মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে। অৱশ্যে দেশখনত এতিয়া নতুন ঘটনা হ্ৰাস দেখা গৈছে।
Published by: Kokil Sarma
FIRST PUBLISHED : June 16, 2021, 18:53 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।