মঙলবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত উচ্চ শিক্ষা আৰু মাধ্যমিক শিক্ষা সঞ্চালকালয় (Directorate of Higher Education and Secondary Education)ৰ অধীনত ৭২৩গৰাকী প্ৰাৰ্থীক নিযুক্তিপত্ৰ (Appointment letters) বিতৰণ কৰা হয়। ইয়াৰে ১৪০গৰাকী প্ৰাৰ্থীক সহকাৰী অধ্যাপক পদত, ১৬গৰাকীক মহাবিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ পদত, ১৯গৰাকীক অনুকম্পামূলক নিযুক্তি আৰু প্ৰাদেশিকীকৰণযোগে ৮৮খন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৫৬০গৰাকী প্ৰাৰ্থীক নিযুক্তিপত্ৰ প্ৰদান কৰা হয়।
উল্লেখ্য, ৰাজ্যত প্ৰাদেশীকৃত মহাবিদ্যালয়ত প্ৰায় ১৫০০ পদ খালী হৈ আছে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই উল্লেখ কৰে যে অহা ১ বছৰৰ ভিতৰত এক লাখ নিযুক্তি সম্পন্ন হ'ব। আনহাতে অহা বছৰতে ৭০০ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান গঢ় দিয়া হ'ব৷ গঢ় দিয়া হ'ব নতুনকৈ কেইবাখনো বিশ্ববিদ্যালয়। ১০ মে'ৰ ভিতৰত শিক্ষা বিভাগত ২২ হাজাৰ নিযুক্তি হ'ব।
মুখ্যমন্ত্ৰী ড০ শৰ্মাই শিক্ষাৰ্থীৰ সমান্তৰালকৈ শিক্ষক-অধ্যাপকৰ মূল্যাংকন পৰীক্ষা হ'ব বুলি জানিবলৈ দিয়ে। তেওঁ কয় যে শিক্ষক নিযুক্তি হোৱাৰ পিছতো শিক্ষাৰ মান উন্নত হোৱা নাই, গতিকে এইবাৰ শিক্ষাৰ্থীৰ লগতে শিক্ষকৰো মূল্যাংকন কৰা হ'ব। তেওঁ কয় যে শিক্ষকৰ দৰমহা মানে দুখীয়া মানুহৰ ওপৰত আৰোপ কৰা কৰ, চৰকাৰৰ নিজৰ টকাৰ গছ নাই, য'ৰ পৰা দৰমহা প্ৰদান কৰিছে। গতিকে জিৰণি লোৱাৰ সময় আঁতৰি গৈছে, হাতে কামে কৰাৰ সময় আহি পৰিছে। এজন অযোগ্য শিক্ষকে ২০ বছৰ শিক্ষাৰ্থীৰ জীৱন ধ্বংস কৰে।
অনুষ্ঠানতে শিক্ষামন্ত্ৰীয়ে (Education Minister Ranoj Pegu) জানিবলৈ দিয়ে যে অচিৰেই প্ৰকাশ পাব সদ্য অনুষ্ঠিত হোৱা টেট (TET)ৰ ফলাফল। লগতে ১০ মে'ৰ পূৰ্বে নিৰ্ধাৰিত পদসমূহ পূৰণ কৰা সম্ভৱ হ'ব। এইক্ষেত্ৰত সকলো ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে। আনহাতে এতিয়াৰ পৰা প্ৰতিখন মহাবিদ্যালয়ত নাকৰ পৰিদৰ্শন বাধ্যতামূলক কৰা হ'ব, এইক্ষেত্ৰত কোনো মহাবিদ্যালয়ে অৱজ্ঞা কৰিব নোৱাৰিব। অনুষ্ঠানত শিক্ষা বিভাগৰ উপদেষ্টা ড০ ননী গোপাল মহন্ত আৰু লখিমপুৰৰ বিধায়ক শ্ৰীমানৱ ডেকাও উপস্থিত থাকে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|