এটা দুটা নহয়, অসমৰ থানা আৰু আদালতত জনপ্ৰতিনিধিৰ বিৰুদ্ধে ৰুজু হৈ আছে ৭১টাকৈ গোচৰ। পশ্চিম গোৱালপাৰা সমষ্টিৰ কংগ্ৰেছ বিধায়ক আব্দুৰ ৰচিদ মণ্ডলে আজি বিধানসভাত লিখিত ৰূপত প্ৰশ্ন কৰে- ২০১৭ চনৰ পৰা অসমৰ কোন কোন বর্তমানৰ আৰু প্ৰাক্তন জনপ্ৰতিনিধিৰ বিৰুদ্ধে কিমান গোচৰ পেণ্ডিং হৈ আছে থানা আৰু আদালতত ৷ ইয়াৰ উত্তৰ দিয়ে গৃহ বিভাগে ( Case against public representatives)৷
উত্তৰত প্ৰকাশ পোৱা তথ্য মতে, পেণ্ডিং গোচৰৰ তালিকাত বহুকেইজন শাসকীয় দলৰ মন্ত্ৰী-বিধায়ক থকাৰ লগতে বিৰোধীৰো আছে বহু বিধায়ক। সাংসদৰ বিৰুদ্ধেও আছে গোচৰ৷ খোদ প্ৰশ্নকৰ্তা বিধায়কৰ বিৰুদ্ধেও ৰুজু হৈ আছে জালুকবাৰীত গোচৰ।
মন্ত্ৰী-বিধায়কৰ বিৰুদ্ধে থকা ৭১টা পেণ্ডিং গোচৰ সন্দৰ্ভত গৃহ বিভাগৰ উত্তৰ অনুসৰি, সৰ্বাধিক গোচৰ পেণ্ডিং হৈ আছে হোজাইৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱৰ বিৰুদ্ধে। মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ বিৰুদ্ধে ২টা, প্ৰাক্তন বিধায়ক আমিনুল হক লস্কৰৰ বিৰুদ্ধে ৪টা, ৰকিবুল হুছেইনৰ বিৰুদ্ধে ৪টা, ধিঙৰ বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে ৩টা, শ্বেৰমান আলীৰ বিৰুদ্ধে ৪টা, ছিদ্দিক আহমেদৰ বিৰুদ্ধে ৫টা, সাংসদ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে ৩টা, বিজেপি নেত্ৰী আঙুৰলতা ডেকাৰ বিৰুদ্ধে এটা।
ইয়াৰ উপৰি প্ৰাক্তন মন্ত্ৰী অকণ বৰা, ৰাণা গোস্বামী, প্ৰাক্তন সাংসদ বিজয়া চক্ৰৱৰ্তী, দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা, ৰমাকান্ত দেউৰী, জয়ন্ত বসুমতাৰী,নুৰুল হুদাকে ধৰি শাসক-বিৰোধী বহু বৰ্তমান আৰু প্ৰাক্তন মন্ত্ৰী-বিধায়ক-সাংসদৰ বিৰুদ্ধে পেণ্ডিং হৈ আছে গোচৰ ৷ লক্ষণীয়ভাৱে প্ৰশ্নকৰ্তা বিধায়কগৰাকীৰ বিৰুদ্ধেই পেণ্ডিং হৈ আছে জালুকবাৰী থানাত এটা গোচৰ৷
Published by: Gautam Barman
FIRST PUBLISHED : March 20, 2023, 18:35 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।