ডবকাত মহিলাৰ পৰা দুৰ্বৃত্তই কাঢ়ি নিলে ৭০ হাজাৰ টকাৰ লগতে মোবাইল, এটিএম কাৰ্ড

News18 Assam | News18-Assam
Updated:September 14, 2020, 7:01 PM IST
ডবকাত মহিলাৰ পৰা দুৰ্বৃত্তই কাঢ়ি নিলে ৭০ হাজাৰ টকাৰ লগতে মোবাইল, এটিএম কাৰ্ড
মহিলাগৰাকীৰ বেগত ৭০ হাজাৰ টকাৰ লগতে ATM, মোবাইল আছিল বুলি মহিলাগৰাকীয়ে জানিবলৈ দিয়ে।

মহিলাগৰাকীৰ বেগত ৭০ হাজাৰ টকাৰ লগতে ATM, মোবাইল আছিল বুলি মহিলাগৰাকীয়ে জানিবলৈ দিয়ে।

  • News18 Assam
  • Last Updated: September 14, 2020, 7:01 PM IST
  • Share this:
হোজাই জিলাৰ ডবকাত এগৰাকী মহিলাৰ পৰা চিলনী চোৰে ৭০ হাজাৰ টকাৰ লগতে মোবাইল, ATM, পাছবুক কাঢ়ি লৈ যোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ডবকা নগৰৰ মাজমজিয়াত সংঘটিত হৈছে এই ঘটনা। ডবকাৰ নাহৰ গাঁৱৰ ৰেজিয়া বেগম নামৰ মহিলাগৰাকীয়ে ডবকা SBIৰ পৰা টকা লৈ ঘৰলৈ যাওঁতেই ডবকা নগৰৰ মাজমজিয়াত থকা হোজাই জিলাৰ অগপৰ সভাপতি ৰেজাউল কৰিম চৌধুৰীৰ বাসগৃহৰ সন্মুখৰ পৰা দুই দুৰ্বৃত্তই পালছাৰ বাইকেৰে আহি মহিলাগৰাকীৰ হাতৰ পৰা টকাৰ বেগ কাঢ়ি লৈ উধাও হয়।

মহিলাগৰাকীৰ বেগত ৭০ হাজাৰ টকাৰ লগতে ATM, মোবাইল আছিল বুলি মহিলাগৰাকীয়ে জানিবলৈ দিয়ে। মহিলাগৰাকীয়ে কোৱা মতে, বেংকৰ পৰা টকা উলিয়াওতে এজন যুৱকে বাৰে বাৰে প্ৰতক্ষ্য কৰি আছিল। টকা লৈ বেংকৰ পৰা ৫০০ মিটাৰ মান যোৱাৰ পিছতেই দুই দুৰ্বৃত্তই এই ঘটনাটো সংঘটিত কৰে। ভুক্তভোগী মহিলাগৰাকীয়ে ঘটনা সন্দৰ্ভত ডবকা SBIৰ শাখা পৰিচালকক অৱগত কৰাৰ লগতে আৰক্ষীক খবৰ দিয়াত ঘটনা সংক্ৰান্তত  ডবকা আৰক্ষীয়ে আৰাম্ভ কৰিছে তদন্ত। এই ঘটনাই ডবকাত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।
Published by: Sanjay Kumar Das
First published: September 14, 2020, 7:01 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading