মুখ্যপৃষ্ঠা »খবৰ »অসম »উত্তৰ প্ৰদেশৰ বৃন্দাবনলৈ ‘পুণ্য ধাম যাত্ৰা’, তীৰ্থযাত্ৰালৈ সাজু অসমৰ ৭০ গৰাকী তীৰ্থযাত্ৰী

উত্তৰ প্ৰদেশৰ বৃন্দাবনলৈ ‘পুণ্য ধাম যাত্ৰা’, তীৰ্থযাত্ৰালৈ সাজু অসমৰ ৭০ গৰাকী তীৰ্থযাত্ৰী

জ্যেষ্ঠ নাগৰিকসকলৰ মাজৰ পৰা বাছনি কৰা তীৰ্থযাত্ৰীসকলক শুভ বিদায়ৰ নিমিত্তে শনিবাৰে শুভেচ্ছামূলক অনুষ্ঠানৰ আয়োজন কৰা হয় অসম পৰ্যটন উন্নয়ন নিগমৰ মুখ্য কাৰ্যালয়ত।

  • Share this:
অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ অধীনস্থ অসম জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ উদ্যোগত আৰু অসম পৰ্যটন উন্নয়ন নিগমৰ সৌজন্যত উত্তৰ প্ৰদেশৰ বৃন্দাবনলৈ "পুণ্য ধাম যাত্ৰাৰ" বাবে সাজু হৈছে ৭০ গৰাকী তীৰ্থযাত্ৰী। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা তীৰ্থ যাত্ৰীসকল শনিবাৰে পুৱা সমবেত হয় পল্টনবজাৰৰ অসম পৰ্যটন উন্নয়ন নিগমৰ মুখ্য কাৰ্যালয়ত।

জ্যেষ্ঠ নাগৰিকসকলৰ মাজৰ পৰা বাছনি কৰা তীৰ্থযাত্ৰীসকলক শুভ বিদায়ৰ নিমিত্তে শনিবাৰে শুভেচ্ছামূলক অনুষ্ঠানৰ আয়োজন কৰা হয় অসম পৰ্যটন উন্নয়ন নিগমৰ মুখ্য কাৰ্যালয়ত।

অনুষ্ঠানত উপস্থিত থাকে জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ অধ্যক্ষ ড০ প্ৰদীপ ঠাকুৰীয়া, উপাধ্যক্ষ অশোক বৰঠাকুৰ, অসম পৰ্যটন উন্নয়ন নিগমৰ বিষয়ববীয়া। পল্টন বজাৰৰ অসম পৰ্যটন উন্নয়ন নিগমৰ মুখ্য কাৰ্যালয়ত তীৰ্থ যাত্ৰী সকলক স্বাস্থ্য পৰীক্ষা কৰোৱা হয়, লগতে প্ৰয়োজনীয় দৰৱ পাতি প্ৰদান কৰা হয়।

অসমৰ বিভিন্ন জিলাৰ পৰা দুটা গ্ৰুপত ৭০জন তীৰ্থ যাত্ৰীক নিৰ্বাচন কৰা হৈছে। ৫০ বছৰৰ পৰা ৬৫ বছৰৰ ভিতৰৰ জ্যেষ্ঠ নাগৰিকক নিৰ্বাচন কৰা হৈছে। ৬ দিনীয়া যাত্ৰাৰ অন্তত ৩১ মাৰ্চত আহি গুৱাহাটীত উপস্থিত হ'ব তীৰ্থ যাত্ৰীসকল। ব্ৰহ্মপুত্ৰ মেইলযোগে গুৱাহাটী ৰে’ল ষ্টেচনৰ পৰা দিনৰ ২ বজাত যাত্ৰা আৰম্ভ কৰিব তীৰ্থযাত্ৰীসকলে।

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি