বিধায়ক অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলৰ পৰা ৭০টা সংগঠনে সমৰ্থন প্ৰত্যাহাৰ কৰে। সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেলৰ জৰিয়তে সমৰ্থন প্ৰত্যাহাৰৰ কথা অৱগত কৰে এনে দলসমূহৰ নেতৃত্বই।
আনহাতে ৰাইজৰ দলৰ কেন্দ্ৰীয় উপ–সভাপতি টংকেশ্বৰ মৰাণ, কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰুবুল দাস, সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি ফুকনকে ধৰি কেইবাজনো নেতাই দল ত্যাগ কৰে। এই ৭০টা সংগঠনৰ ভিতৰত সদৌ অসম একত্ৰিত যুৱ পৰিষদ, আহোম জাতীয় গণমঞ্চ, অনুসূচিত জাতি যুৱ পৰিষদ, বৃহত্তৰ অসমীয়া মঞ্চ, অসম সুৰক্ষা সেনা অন্যতম।
ৰাইজৰ দলৰ শেহতীয়া কাৰ্যপ্ৰণালীক লৈ ক্ষুণ্ণ এনে সংগঠনৰ নেতৃত্বই দলটোত গণতন্ত্ৰ বৰ্তি নথকাৰ অভিযোগ উত্থাপন কৰে। আমছু নেতাক ৰাইজৰ দলত স্থান দিয়া কাৰ্যক গৰিহণা দিয়াৰ লগতে ছিপাঝাৰ কাণ্ডক লৈও দলটোৰ প্ৰতি ক্ষোভ প্ৰকাশ কৰে নেতৃত্বই।
আনহাতে ৭০ সংগঠনৰ বোনাৰত সংবাদমেল অনুষ্ঠিত কৰি দলত্যাগ কৰা নেতাকেইগৰাকীৰ প্ৰসংগত আজি ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়াই কয় যে এই কাৰ্যই দলটোক সুখী কৰিছে। কিয়নো যিকেইগৰাকী সংগঠনৰ নেতাই ৰাইজৰ দল ত্যাগ কৰা বুলি প্ৰকাশ কৰিছে, তেওঁলোকৰ বেছিভাগেই ৰাইজৰ দলৰ কাম–কাজত নিষ্ক্ৰিয় আছিল। ইয়াৰে বেছিভাগকে দলৰ পৰা নিলম্বন কৰা হৈছিল আৰু কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছিল।
শইকীয়াৰ মতে, এনে নেতাসকলে ৰাইজৰ দলৰ ক্ষেত্ৰত নেতিবাচক ভূমিকা গ্ৰহণ কৰি আহিছিল, যি দলটোক ক্ষতিগ্ৰস্ত কৰিছে। গতিকে দলবিৰোধী কাৰ্যত লিপ্ত এনে সংগঠনে ৰাইজৰ দললৈ সমৰ্থন প্ৰত্যাহাৰ কৰা কাৰ্যক ৰাইজৰ দলে আদৰণি জনোৱা বুলি ব্যক্ত কৰে ভাস্কো ডি শইকীয়াই।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|