অখিল গগৈৰ মুক্তি আৰু কা বাতিলৰ দাবীত মহানগৰীৰ ৰাজপথ কঁপালে ৭০টাকৈ জাতীয় সংগঠনে

News18 Assam | News18-Assam
Updated:August 3, 2020, 2:06 PM IST
অখিল গগৈৰ মুক্তি আৰু কা বাতিলৰ দাবীত মহানগৰীৰ ৰাজপথ কঁপালে ৭০টাকৈ জাতীয় সংগঠনে
কোৰোণা আতংকৰ মাজতে সোমবাৰে মহানগৰীৰ ৰাজপথ কঁপি উঠিল ৭০টাকৈ সংগঠনৰ প্ৰতিবাদতত ৷

কোৰোণা আতংকৰ মাজতে সোমবাৰে মহানগৰীৰ ৰাজপথ কঁপি উঠিল ৭০টাকৈ সংগঠনৰ প্ৰতিবাদতত ৷

  • Share this:
কোৰোণা আতংকৰ মাজতে সোমবাৰে মহানগৰীৰ ৰাজপথ কঁপি উঠিল ৭০টাকৈ সংগঠনৰ প্ৰতিবাদতত ৷ অখিল গগৈক বিনাচৰ্তে মুক্তি দিয়াৰ লগতে কা বাতিলৰ দাবীত বৰবাৰীৰ পদপথৰ ওপৰতে সামাজিক দূৰত্ব বজাই ৰাখি ৭০টাকৈ সংগঠনৰ নেতৃবৰ্গই সাব্যস্ত কৰিলে প্ৰতিবাদ৷



কা আন্দোলনত সবল নেতৃত্ব লোৱা অখিল গগৈ ৭মাহতকৈ অধিক সময় কাৰাবন্দী হৈ আছে ৷ একেদৰে কোৰোণাৰ বাবে বিগত ৪মাহে বন্ধ হৈ আছে কা বিৰোধী আন্দোলন। দেওবাৰে কৃষক মুক্তিকে ধৰি ৭০টাকৈ জাতীয় সংগঠনৰ নেতৃবৰ্গৰ যৌথ সভাৰ আলোচনাৰ মৰ্মে সোমবাৰে অখিল গগৈৰ মুক্তি আৰু কা বাতিলৰ দাবীত মহানগৰী চচলত প্ৰতিবাদ সাব্যস্ত কৰাৰ সিদ্ধান্ত লয় ৷



কিন্তু আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ বাবে চচলৰ পৰিৱৰ্তে বৰবাৰীত পদপথতে ৭০টা সংগঠনৰ নেতৃবৰ্গই সাব্যস্ত কৰিলে প্ৰতিবাদ ৷ অখিল গগৈক অতি শীঘ্ৰে মুক্তি নিদিলে প্ৰতিবাদ তীব্ৰতৰ কৰাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ৷ একেদৰে আজিৰে পৰা পুনৰ ৰাজ্যত কা’ বিৰোধী আন্দোলন তীব্ৰতৰ হৈ উঠিব বুলিও মন্তব্য আগবঢ়াই প্ৰতিবাদকাৰীসকলে ৷
Published by: Himangshu Bhuyan
First published: August 3, 2020, 1:58 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading