স্কুলীয়া ছাত্ৰীক অশ্লীল ইংগিত আৰু অশালীন মন্তব্য কৰি গ্ৰেপ্তাৰ হ'ল ৭ গৰাকী যুৱক। হাইলাকান্দি জিলাৰ লালা থানা এলেকাৰ চন্দ্ৰপুৰত সংঘটিত হৈছে এই ঘটনা। যোৱা শনিবাৰে চন্দ্ৰপুৰ উচ্চ প্ৰাথমিক বিদ্যালয়ত পাঠদান চলি থকা সময়তে এখন মেকচিমো (Maximo) গাড়ীত কেইজনমান যুৱক বিদ্যালয়ৰ সন্মুখত উপস্থিত হয়।
যুৱককেইজনে বিদ্যালয়ৰ ছাত্ৰীসকলক উদ্দেশ্যি অশালীন আৰু কুৰুচিকৰ মন্তব্য কৰিবলৈ আৰম্ভ কৰে। বিদ্যালয়ৰ শিক্ষকসকলে বাধা দিয়াৰ চেষ্টা কৰিও বিফল হোৱাৰ পিছত খবৰ দিয়ে আৰক্ষীক। পিছদিনা বিদ্যালয়ৰ প্ৰধান শিক্ষকে লালা থানাত এই সন্দৰ্ভত এটা গোচৰ ৰজু কৰে । আৰু এই গোচৰৰ ভিত্তিত তদন্ত কৰি যোৱানিশা অসম–মিজোৰাম সীমান্তৱৰ্তী বিলাইপুৰ গাঁওৰ পৰা ৭ গৰাকী যুবকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
গ্ৰেপ্তাৰ হোৱা এই যুৱককেইজন হ'ল কাচিম উদ্দিন, ৰেজাউল ইছলাম, কৰিম উদ্দিন, সমীৰ উদ্দিন, ছাইফুদ্দিন, আফজল হুচেইন আৰু নজমুল হক। লগতে তেওঁলোকে ব্যবহাৰ কৰা মেক্সিমো গাড়ীখনো জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষী। এই যুৱককেইজনক POCSO আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে বুলি জনাইছে লালা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অলংবাৰ বসুমতাৰীয়ে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|