অন্ধ্ৰ প্ৰদেশৰ পৰা হাওৰালৈ চাইকেলেৰে, তাৰ পৰা ৰে’লেৰে গুৱাহাটীত উপস্থিত ৭ অসমীয়া যুৱক

News18 Assam | News18-Assam
Updated:May 22, 2020, 4:49 PM IST
অন্ধ্ৰ প্ৰদেশৰ পৰা হাওৰালৈ চাইকেলেৰে, তাৰ পৰা ৰে’লেৰে গুৱাহাটীত উপস্থিত ৭ অসমীয়া যুৱক
৫ দিন চাইকেল মাৰি প্ৰায় ১১০০ কিলোমিটাৰ চাইকেল চলাই ১৯ মে’ত যুৱকেইজন উপস্থিত হ’ল পশ্চিম বংগৰ হাওৰাত৷

৫ দিন চাইকেল মাৰি প্ৰায় ১১০০ কিলোমিটাৰ চাইকেল চলাই ১৯ মে’ত যুৱকেইজন উপস্থিত হ’ল পশ্চিম বংগৰ হাওৰাত৷

  • Share this:
লকডাউনৰ বাবে অন্ধ প্ৰদেশৰ পশ্চিম গোদাবৰী জিলাত কৰ্মৰত ৭ অসমীয়া যুৱকৰ কষ্টকৰ যাত্ৰাৰ অন্ত৷ লকডাউনৰ বাবে বহিঃৰাজ্যত থকা কেইবালক্ষাধিক লোক আবদ্ধ হৈ থাকিবলগা হৈছিল৷ সেই লোকসকলক অসমলৈ ঘূৰাই অনাৰ বাবে চৰকাৰে বাছ, ৰে’লৰ সুবিধা দিছে পৰ্যায়ক্ৰমে৷ কিন্তু এতিয়াও দেশৰ বিভিন্ন প্ৰান্তত বহু লোক আছে যিয়ে চৰকাৰৰ সুবিধাৰ পৰা বঞ্চিত হৈ আছে৷ যাৰ বাবে অন্ধ্ৰ প্ৰদেশত মীন পামত কৰ্মৰত ৭ যুৱকে ১৫ মে’ত চাইকেলেৰে যাত্ৰা আৰম্ভ কৰিলে গৃহভূমি অসম অভিমুখে ৷

৫ দিন চাইকেল মাৰি প্ৰায় ১১০০ কিলোমিটাৰ চাইকেল চলাই ১৯ মে’ত যুৱকেইজন উপস্থিত হ’ল পশ্চিম বংগৰ হাওৰাত৷ হাওৰাত উপস্থিত হোৱাৰ সময়তে ৭ যুৱক সন্মুখীন হৈছিল ঘূৰ্ণীবতাহ আমফানৰ৷ তাতে যুৱককেইজনে অসমলৈ অহা ৰে’লত বুকিং কৰিলে নিজৰ নিজৰ চাইকেলকেইখন৷ তাতেই RPFৰ বিষয়াৰ নজৰত আহিল যুৱককেইজন আৰু তেওঁলোকক উঠাই দিলে গুৱাহাটী অভিমুখী ৰে’লত৷

গুৱাহাটীত উপস্থিত হোৱাৰ পিছতে যুৱককেইজনক প্ৰশাসনে বাছযোগে ধেমাজিলৈ যোৱাৰ ব্যৱস্থা কৰি দিয়ে। আনহাতে, বহিঃৰাজ্যত আবদ্ধ হৈ থকা অসমৰ লোকসকল যিদৰে অসমলৈ আহিছে, তেনেদৰে অসমৰ পৰাও অসম চৰকাৰে আৰম্ভ কৰিছে আবদ্ধ হৈ থকা বহিঃৰাজ্যৰ শ্ৰমিকসকলক নিজ ৰাজ্যলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা৷ আজি প্ৰথমটো গোট শ্ৰমিক এক্সপ্ৰেছযোগে প্ৰেৰণ কৰিছে উত্তৰ প্ৰদেশলৈ৷

ডিব্ৰুগড় আৰু গুৱাহাটীৰ পৰা প্ৰায় ৮০০তকৈ অধিক অসমত থকা উত্তৰ প্ৰদেশৰ লোকে আজি যাত্ৰা কৰিছে নিজ ৰাজ্যলৈ। ASTC, অসম আৰক্ষী, স্বাস্থ্য বিভাগৰ লোকে যুটীয়াভাৱে যাত্ৰীসকলক প্ৰথমতে স্ক্ৰীণিং কৰাৰ পিছত প্ৰদান কৰে টিকট৷ তাৰ লগতে উত্তৰ প্ৰদেশ নোপোৱালৈকে প্ৰশাসনে সকলোকে প্ৰদান কৰিব খাদ্য সামগ্ৰী।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading