• Home
  • »
  • News
  • »
  • assam
  • »
  • সহজে ধন ঘটিবলৈ গৈ ৰঙাঘৰৰ আলহী হ’ল ৭ যুৱক, আজাৰা আৰক্ষীৰ জালত পৰা এই ৭ যুৱকে কি কৰিছিল?

সহজে ধন ঘটিবলৈ গৈ ৰঙাঘৰৰ আলহী হ’ল ৭ যুৱক, আজাৰা আৰক্ষীৰ জালত পৰা এই ৭ যুৱকে কি কৰিছিল?

আজাৰা আৰক্ষীৰ এক বিশেষ অভিযানত জব্দ এটা নকল টকা বনোৱা মেচিন, নকল টকা।

আজাৰা আৰক্ষীৰ এক বিশেষ অভিযানত জব্দ এটা নকল টকা বনোৱা মেচিন, নকল টকা।

আজাৰা আৰক্ষীৰ এক বিশেষ অভিযানত জব্দ এটা নকল টকা বনোৱা মেচিন, নকল টকা।

  • Share this:
মহানগৰ আৰক্ষীৰ আন এক সফলতা। মহানগৰীৰ পশ্চিম আৰক্ষী সংমণ্ডল আৰু আজাৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তপন কলিতাৰ নেতৃত্বত জব্দ কৰিলে নকল টকা বনোৱা মেচিন। আজাৰা আৰক্ষীৰ এক বিশেষ অভিযানত জব্দ এটা নকল টকা বনোৱা মেচিন, নকল টকা।

গোপন সূত্ৰৰ পম খেদি নিশা আজাৰা আৰক্ষীয়ে দীপৰ বিলৰ সমীপত কোনো লোকে নকল টকা বনোৱা মেচিন বিক্ৰী কৰাৰ খবৰৰ ভিত্তিতে বিশেষ বাহিনীৰ সৈতে মহানগৰীৰ আঠমাইলৰ গণেশ মন্দিৰৰ সমীপৰ পৰা আটক কৰে কেইবাজনো লোকক। আটকাধীন লোককেইজন হৈছে ক্ৰমে তন্ময় দাস, নাজিৰ আহমেদ, জুৱেল খান ওৰফে চুৱেল খান, বিমল দাস, হাবিবুৰ ৰহমান, হিফজুৰ বাৰি আৰু আক্ৰামুল আলী। আটাইকেইজনৰে ঘৰ লখিমপুৰ আৰু মহানগৰীৰ ভিন্ন প্ৰান্তৰ।

আটাইকেইজনৰ পৰা জব্দ কৰা হয় নকল টকা দুহেজাৰ, নকল টকা বনোৱা মেচিন, কেইবাটাও মোবাইল ফোন, AS 12AD 6632 নম্বৰৰ এখন ছুইফ্ট আৰু AS 01DG 8669 নম্বৰৰ এখন ৰয়েল এনফিল্ড। আজি আটাইকেইজনকে আজাৰা আৰক্ষীয়ে প্ৰেৰণ কৰে আদালতলৈ।
Published by:Sanjay Kumar Das
First published: