কাকপথাৰৰ টঙনাত ৭ বছৰীয়া কিশোৰীক বলাৎকাৰ কৰি হত্যা কৰাৰ সন্দেহ! অভিযুক্তই ক’লে – ‘মাৰি পেলাইছো’

News18 Assam | News18-Assam
Updated:September 14, 2020, 10:24 AM IST
কাকপথাৰৰ টঙনাত ৭ বছৰীয়া কিশোৰীক বলাৎকাৰ কৰি হত্যা কৰাৰ সন্দেহ! অভিযুক্তই ক’লে – ‘মাৰি পেলাইছো’
অভিযুক্ত বাদনা গোৱালাই মুকেশ তাঁতী নামৰ এজন যুৱকৰ লগ হৈ কিশোৰীগৰাকীক হত্যা কৰা বুলি আৰক্ষীৰ আগত অৱগত কৰিছে যদিও অঞ্চলটোত তেনে কোনো যুৱক নাই বুলি আৰক্ষীয়ে জনাইছে৷

অভিযুক্ত বাদনা গোৱালাই মুকেশ তাঁতী নামৰ এজন যুৱকৰ লগ হৈ কিশোৰীগৰাকীক হত্যা কৰা বুলি আৰক্ষীৰ আগত অৱগত কৰিছে যদিও অঞ্চলটোত তেনে কোনো যুৱক নাই বুলি আৰক্ষীয়ে জনাইছে৷

  • News18 Assam
  • Last Updated: September 14, 2020, 10:24 AM IST
  • Share this:
তিনিচুকীয়া জিলাৰ কাকপথাৰৰ টঙনাৰ হুলুং লাইনত এগৰাকী নাবালিকা শুকুৰবাৰৰ পৰা সন্ধানহীন হৈ থকাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত৷ তৃতীয় শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীগৰাকীক ঘৰৰ ওচৰৰে বাদনা গোৱালা নামৰ যুৱকজনে ফুচুলাই কাষৰেই ডুমডুমা বনাঞ্চললৈ নি বালাৎকাৰ কৰি হত্যা কৰা বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে ৷

ইতিমধ্যে অভিযুক্ত বাদনা গোৱালাক আৰক্ষীয়ে আটক কৰি সোধা–পোষা অব্যাহত ৰাখিছে৷ অভিযুক্তই কিশোৰীগৰাকীক "মাৰি পেলাইছো" বুলি আৰক্ষীক জনাইছে যদিও বলাৎকাৰ কৰি হত্যা কৰাৰ বিষয়টো স্পষ্টকৈ প্ৰকাশ কৰা নাই৷

বাদনা গোৱালাৰ ভাষ্যৰ ভিত্তিত টঙনা আৰু বৰডুমচা আৰক্ষীৰ সহযোগত তিনিচুকীয়া আৰক্ষীৰ বৃহৎ এটা দলে ডুমডুমা বনাঞ্চলত স্নিফাৰ ডগৰ সহায়ত অভিযান চলাই যদিও কিশোৰীগৰাকীৰ কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই৷

অভিযুক্ত বাদনা গোৱালাই মুকেশ তাঁতী নামৰ এজন যুৱকৰ লগ হৈ কিশোৰীগৰাকীক হত্যা কৰা বুলি আৰক্ষীৰ আগত অৱগত কৰিছে যদিও অঞ্চলটোত তেনে কোনো যুৱক নাই বুলি আৰক্ষীয়ে জনাইছে৷ এগৰাকী কিশোৰী বিগত তিনিদিনে সন্ধানহীন হৈ থকাৰ লগতে সন্দেহবশত ধৰ্ষণ কৰি হত্যা কৰাৰ ঘটনাক লৈ উত্তপ্ত পৰিস্থিত সৃষ্টি হয় টঙনাৰ হুলুং গাৱঁত৷
Published by: Sanjay Kumar Das
First published: September 14, 2020, 10:06 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading