মুখ্যপৃষ্ঠা »খবৰ »অসম »সৰুপথাৰত মৰিগাঁৱলৈ খোজকাঢ়ি আহি থকা অৱস্থাত ৭ শ্ৰমিকক আটক, কোৱাৰেণ্টাইন গৃহলৈ প্ৰেৰণ

সৰুপথাৰত মৰিগাঁৱলৈ খোজকাঢ়ি আহি থকা অৱস্থাত ৭ শ্ৰমিকক আটক, কোৱাৰেণ্টাইন গৃহলৈ প্ৰেৰণ

মৰিগাঁৱৰ পৰা কাঠ মিস্ত্ৰী আৰু পকা মিস্ত্ৰীৰ কাম কৰিবলৈ আহি বৰপথাৰ অঞ্চলত আবদ্ধ হৈ আছিল যুৱককেইজন৷

মৰিগাঁৱৰ পৰা কাঠ মিস্ত্ৰী আৰু পকা মিস্ত্ৰীৰ কাম কৰিবলৈ আহি বৰপথাৰ অঞ্চলত আবদ্ধ হৈ আছিল যুৱককেইজন৷

  • Share this:
গোলাঘাট জিলাৰ সৰুপথাৰৰ পৰা খোজকাঢ়ি নিজ জিলা মৰিগাঁৱলৈ যাত্ৰা কৰা ৭ যুৱকক আটক কৰি প্ৰেৰণ কৰা হৈছে কোৱাৰেণ্টাইন গৃহলৈ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত আবদ্ধ হৈ থকা লোকসকলক তিনিদিনৰ বাবে আন্তঃজিলা যাতায়াতৰ সুবিধা প্ৰদান কৰিছে যদিও এই ক্ষেত্ৰত বাধা আৰোপ কৰিছে ৰেড জ’নত অন্তৰ্ভুক্ত জিলা ৫খনক৷ ফলত গোলাঘাট জিলাত আবদ্ধ হৈ থকা কোনো লোক যাব পৰা নাই আন জিলালৈ৷ কিন্তু ইয়াৰ মাজতে চৰকাৰী নিৰ্দেশ উলংঘা কৰি গোলাঘাট জিলাৰ বৰপথাৰৰ পৰা মৰিগাঁৱলৈ খোজকাঢ়ি গৈ থকা অৱস্থাত সৰুপথাৰৰ নাওজানত আৰক্ষীয়ে আটক কৰিছে ৭ জন যুৱকক৷

মৰিগাঁৱৰ পৰা কাঠ মিস্ত্ৰী আৰু পকা মিস্ত্ৰীৰ কাম কৰিবলৈ আহি বৰপথাৰ অঞ্চলত আবদ্ধ হৈ আছিল যুৱককেইজন৷ খাদ্য সংকটে দেখা দিয়াত শনিবাৰে খোজকাঢ়ি বৰপথাৰৰ পৰা নিজ জিলা মৰিগাঁৱলৈ ৰাওনা হৈ নাওজান অঞ্চলত উপস্থিত হৈছিল যুৱকৰ দলটো। অচিনাকী যুৱকৰ দলটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে তেওঁলোকক আটক কৰে৷ পাছত ধনশিৰি প্ৰশাসনে বৰপথাৰ আদৰ্শ হিন্দী স্কুলত কোৱাৰেণ্টাইন গৃহৰ ব্যৱস্থা কৰি ৭ যুৱকক ৰখাৰ ব্যৱস্থা কৰেl

শেহতীয়া বাতৰি