• Home
  • »
  • News
  • »
  • assam
  • »
  • পলাশবাৰী সমষ্টিৰ সাতখন গাঁৱৰ বাসিন্দা শীঘ্ৰে চামিল হ’ব মেঘালয়ত

পলাশবাৰী সমষ্টিৰ সাতখন গাঁৱৰ বাসিন্দা শীঘ্ৰে চামিল হ’ব মেঘালয়ত

যাতায়াত, শিক্ষা, খোৱাপানী, বিজুলী আদি বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ অহাৰ পিছতো কোনো এখন চৰকাৰে দিয়া নাই গুৰুত্ব।

যাতায়াত, শিক্ষা, খোৱাপানী, বিজুলী আদি বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ অহাৰ পিছতো কোনো এখন চৰকাৰে দিয়া নাই গুৰুত্ব।

যাতায়াত, শিক্ষা, খোৱাপানী, বিজুলী আদি বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ অহাৰ পিছতো কোনো এখন চৰকাৰে দিয়া নাই গুৰুত্ব।

  • Share this:
দক্ষিণ কামৰূপৰ সাতখন গাঁৱৰ বাসিন্দাই শীঘ্ৰে চামিল হ’ব মেঘালয়ত। দেশে স্বাধীনতা লাভ কৰা ৭৪ বছৰ পিছতো সৰ্বদিশতে অৱহেলিত হৈ অৱশেষত মেঘালয়ত চামিল হোৱাৰ সিদ্ধান্ত ল’লে এইকেইখন গাঁৱৰ বাসিন্দাই। পলাশবাৰী সমষ্টিৰ অধীনৰ অসম–মেঘালয় সীমান্তৱৰ্তী অঞ্চলসমূহৰ প্ৰতি অসম চৰকাৰ সদায়ে নিৰ্বিকাৰ।পৰিণতিত মেঘালয়ে চলে বলে কৌশলে আগ্ৰাসন অব্যাহত ৰাখিছে। কিন্তু এইবাৰ পলাশবাৰী বিধানসভা সমষ্টিৰ গৰুবন্ধা ,বেচীমাৰি, দেৱানবিল, বৰগৰং, বা‌ংগেলিবিলা, কটৰাবাৰী, শান্তিবিল আদি অঞ্চলৰ লোকসকলে নিজে সিদ্ধান্ত লৈছে মেঘালয়ৰ সৈতে চামিল হোৱাৰ।

যাতায়াত, শিক্ষা, খোৱাপানী, বিজুলী আদি বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ অহাৰ পিছতো কোনো এখন চৰকাৰে দিয়া নাই গুৰুত্ব। পৰিণতি শনিবাৰে চৰকাৰবিৰোধী বিভিন্ন শ্লোগান দি এই লোকসকলে প্ৰতিবাদ সাব্যস্ত কৰি মেঘালয়ত শীঘ্ৰে চামিল হোৱাৰ হুংকাৰ দিয়ে।

সময় থাকোতেই ভোট বেংক হিচাপে নাভাবি চৰকাৰ কিম্বা জনপ্ৰতিনিধিয়ে অঞ্চলবাসীৰ সমস্যাৰ প্ৰতি গুৰুত্ব নিদিলে এটা বৃহত্তৰ অঞ্চল মেঘালয়ৰ হাতলৈ গুচি যাব। পলাশবাৰীৰ বিজেপি বিধায়ক প্ৰণৱ কলিতায়ো নিৰ্বিকাৰ হৈ থকাৰ বাবে সমাগত নিৰ্বাচনত ভোট বৰ্জন কৰাৰ হুংকাৰ দিয়ে অঞ্চলবাসীয়ে।
Published by:Sanjay Kumar Das
First published: