உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • দৰং জিলাত পুনৰ সক্ৰিয় আলফা, আৰক্ষীৰ প্ৰচেষ্টাত গ্ৰেপ্তাৰ ৭ আলফা স্বাধীনৰ নেতা

    দৰং জিলাত পুনৰ সক্ৰিয় আলফা, আৰক্ষীৰ প্ৰচেষ্টাত গ্ৰেপ্তাৰ ৭ আলফা স্বাধীনৰ নেতা

    বহু যুৱকৰ সৈতে ধৃত আলফাৰ দলটোৱে আলফা স্বাধীনত নতুন সদস্য ভৰ্তি কৰিবলৈ যোগাযোগ কৰিছিল। 

    বহু যুৱকৰ সৈতে ধৃত আলফাৰ দলটোৱে আলফা স্বাধীনত নতুন সদস্য ভৰ্তি কৰিবলৈ যোগাযোগ কৰিছিল। 

    বহু যুৱকৰ সৈতে ধৃত আলফাৰ দলটোৱে আলফা স্বাধীনত নতুন সদস্য ভৰ্তি কৰিবলৈ যোগাযোগ কৰিছিল। 

    • Share this:
    দৰং জিলা আৰক্ষীয়ে জিলাখনৰ লগতে চুবুৰীয়া ওদালগুৰি আৰু কামৰূপ মহানগৰীত চলোৱা অভিযানত নিষিদ্ধঘোষিত আলফাৰে সম্পৰ্ক ৰখাৰ অভিযোগত আলোচনাপন্থী আলফাৰ নেতাসহ মুঠ সাতজনকৈ আলফা নেতাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। বৃহস্পতিবাৰে দৰং জিলাৰ আৰক্ষী অধীক্ষক অমৃত ভূঞাই অনুস্থিত কৰা এক সংবাদ মেলত দৰং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, উপ–আৰক্ষী অধীক্ষকৰ নেতৃত্বত আৰু অসম আৰক্ষীৰ শীৰ্ষ বিষয়াৰ পৰ্যবেক্ষণত য়োৱা এসপ্তাহ ধৰি চলোৱা এই অভিযানৰ পিছত বৃহস্পতিবাৰে অন্তিমজন লোকক গ্ৰেপ্তাৰ কৰাৰ পিছত আৰক্ষীৰ বৃহত সফলতা বুলি দাবী কৰিছে।

    আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোককেইজন হৈছে ছিপাঝাৰ থানাৰ অন্তৰ্গত কমাৰগাঁৱৰ খনিন্দ্ৰ কলিতা ওৰফে জ্যোতিষ (২৯), হিৰেণ কলিতা (৩৫), নাপ্তাপাৰা গাঁৱৰ ধৰ্মেন্দ্ৰ ডেকা (২৬), ওদালগুৰি জিলাৰ হৰিশিঙা থানা এলেকাৰ বৰঙ্গাবাৰীৰ বলেন ডেকা (৩৮) আৰু আমলাগুৰি গাঁৱৰ ধ্ৰুৱজ্যোতি বৈশ্য (৩৭), মঙলদৈ কবিকাৰাৰ আলোচনাপন্থী আলফা সদস্য প্ৰসন্ন শইকীয়া ওৰফে প্ৰাণজিত চলিহা (৫৮) আৰু গুৱাহাটী পাণ্ডুৰ ৰে’লৱে কোৱাৰ্টাৰৰ আবাসী অসীম অধিৰীকা ওৰফে ৰাজ দত্ত (২৭)।

    ছিপাঝাৰ থানাৰ গোচৰ নং-১৪/২০২১ মৰ্মে ভাৰতীয় দণ্ডবিধি আইনৰ ১২০(বি),২২১,৩৪ ধাৰা আৰু ইউ এ পি আইনৰ ১০/১৩ ধাৰাৰ অধীনত উক্ত লোককেইজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। দৰঙৰ আৰক্ষী অধীক্ষকে সাংবাদিকক জনোৱা মতে, গোপন সূত্ৰৰ পম খেদি খনিন্দ্ৰ কলিতা ওৰফে জ্যোতিষ, হিৰেণ কলিতা আৰু ধৰ্মেন্দ্ৰ ডেকাক গ্ৰেপ্তাৰ কৰি তেওঁলোকৰ মবাইল কল পৰীক্ষাৰ অন্তত ম্যানমাৰস্থিত আলফা নেতাৰ সৈতে যোগাযোগ ৰখাৰ তথ্য লাভ কৰে।

    উক্ত যুৱকেইজনৰ তথ্যৰ ভিত্তিত পিছলৈ হৰিশিঙাৰ পৰা আন দুজনক গ্ৰেপ্তাৰ কৰে। আনহাতে বৃহস্পতিবাৰে সন্ধিয়া আলোচনাপন্থী আলফা নেতা প্ৰসন্ন শইকীয়াক গ্ৰেপ্তাৰ কৰিৰ বিপৰীতে অসীম অধিৰীকাক বৃহস্পতিবাৰে গুৱাহীৰ পৰা গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে দাবী কৰা মতে, গ্ৰেপ্তাৰ কৰা লোককেইজনৰ ভিতৰত কেইজনমানে আলফাত দুখীয়া ঘৰৰ লোকক সদস্য ভৰ্তিৰ চেষ্টা কৰিছিল আৰু চাৰিজনকৈ যুৱকক ডিমাপুৰলৈ প্ৰশিক্ষণৰ বাবে প্ৰেৰণ কৰিছিল আৰু  প্ৰশিক্ষণ এৰি পলায়ন কৰিছিল চাৰি যুৱক। আৰু এই খবৰৰ ভিত্তিত দৰং আৰক্ষীয়ে আৰম্ভ কৰিছিল অভিযান।

    এই অভিযানত পোহৰলৈ আহিছিল ম্যানমাৰ আলফা স্বাধীনৰ শীৰ্ষ নেতাৰ সৈতে যোগাযোগ কৰাৰ তথ্য। কেইবাগৰাকীও ব্যৱসায়ীক দিবলৈ সাজু কৰা পেডত লিখা ধন দাবী পত্ৰ তিনিখন জব্দ কৰিবলৈ সক্ষম হোৱাৰ লগতে এটা গুৰুত্বপূৰ্ণ ডায়েৰী আৰু সাতটাকৈ মোবাইল ফোন জব্দ কৰে আৰক্ষীয়ে।

    আৰক্ষীয়ে জানিবলৈ দিয়া মতে, বহু যুৱকৰ সৈতে ধৃত আলফাৰ দলটোৱে আলফা স্বাধীনত নতুন সদস্য ভৰ্তি কৰিবলৈ যোগাযোগ কৰিছিল। উক্ত লোককেইজন আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত বহু দুখীয়া ঘৰৰ যুৱকৰ জীৱন ৰক্ষা পৰা বুলি আৰক্ষী অধীক্ষক অমৃত ভূঞাই দাবী কৰিছে।
    Published by:Sanjay Kumar Das
    First published: