মুখ্যপৃষ্ঠা »খবৰ »অসম »বাৰ্মিজ সেনাই খেদি পঠোৱা সাত আলফা (স্বাধীন) কেডাৰৰ আত্মসমৰ্পণ

বাৰ্মিজ সেনাই খেদি পঠোৱা সাত আলফা (স্বাধীন) কেডাৰৰ আত্মসমৰ্পণ

টা গাৰ বেছ-কেম্পৰ পৰা পলায়ন সহস্ৰাধিক বিদ্ৰোহী নেতা-কেডাৰৰ

টা গাৰ বেছ-কেম্পৰ পৰা পলায়ন সহস্ৰাধিক বিদ্ৰোহী নেতা-কেডাৰৰ

  • Share this:
News18: ম্যানমাৰৰ আভ্যন্তৰত দেশখনৰ সেনাই চলোৱা বিদ্ৰোহী বিৰোধী অভিযানৰ পৰা পলাই অহা সাতজন আলফা(স্বাধীন)ৰ কেডাৰে শেহতীয়াকৈ আত্মসমৰ্পণ কৰিছে ৷ তিনিচুকীয়া আৰক্ষী অধীক্ষ, সেনা আৰু আছাম ৰাইফলচৰ সন্মুখত আত্মসমৰ্পণ কৰা আলফা (স্বাধীন)ৰ কেডাৰ কেইজনে ছয়টা এইচ কে আৰু একে চিৰিজৰ ৰাইফল জমা দিয়ে৷ উল্লেখযোগ্য যে ম্যানমাৰৰ ছাগায়িঙ প্ৰদেশৰ নেনয়ুন জিলাৰ টা গা বস্তিত থকা আলফা(স্বাধীন),  এনএছচিএন(খাপলাং), কেএলঅ, এনডিএফবি(এছ) আৰু মণিপুৰী বিদ্ৰোহী সংগঠনসমূহৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছিল ম্যানমাৰ সেনা টাটমাডাউ-এ ৷

বিগত ২৯ জানুৱাৰীৰ পৰা আৰম্ভ কৰা টাটমাডাউৰ এই অভিযানত উৎখাত হৈছিল ভাৰতীয় মূলৰ বিদ্ৰোহী সংগঠনসমূহৰ সকলো শিবিৰ ৷ চাৰি শতাধিক সশস্ত্ৰ টাটমাদউয়ে চলোৱা অভিযানৰ পৰা ৰক্ষা পৰিবলৈ টা গাৰ বেছ-কেম্প পৰা যেনি-তেনি পলায়ন কৰিছিল সহস্ৰাধিক বিদ্ৰোহী নেতা-কেডাৰে ৷ টাটমাদাউৰ এই অভিযানৰ পৰা পলাই অহা দলৰে এটা দলে তিনিচুকীয়া জিলাৰ পেঙেৰীত আত্মসমৰ্পণ কৰে ৷

জিলা আৰক্ষী অধীক্ষক শিলাদিত্য চেতিয়াই সদৰি কৰা মতে ম্যানমাৰৰ পৰা পলায়ন কৰা আলফা (স্বাধীন)ৰ এই সাতজনীয়া দলটোৱে ম্যানমাৰ সীমান্ত অতিক্ৰম কৰি প্ৰৱেশ কৰিছিল অৰুণাচল প্ৰদেশত ৷ পিছত দলটো আহি উপস্থিত হয় তিনিচুকীয়াৰ পেঙেৰীত ৷ আৰু তাৰ পিছতে সেনা-আৰক্ষীৰ সন্মুখত মাৰণাস্ত্ৰসহ আত্মসমৰ্পণ কৰে ৷

সেনা, আছাম ৰাইফলচ, CRPF আৰু তিনিচুকীয়াৰ আৰক্ষী অধীক্ষকে বিশেষ সুত্ৰৰ পম খেদি অসমত প্ৰৱেশ কৰা আলফা(স্বাধীন)ৰ দলটোক কৰায়ত্ত কৰিবলৈ অভিযান চলাইছিল আৰু এই যৌথ অভিযানতেই আলফা(স্বাধীন)ৰ দলটোৱে আত্মসমৰ্পণ কৰে বুলি জনায় আৰক্ষী অধীক্ষক শিলাদিত্য চেতিয়াই ৷

আত্মসমৰ্পণ কৰা দলটোত আছে ২০১১ত যোগদান কৰা বৃন্দাবন মৰাণ ওৰফে বৰুণ অসম,মনজিত মৰাণ ওৰফে বসন্ত অসম,ধনেশ্বৰ মৰাণ ওৰফে সনঞ্জন অসম, লোহিত গোঁহাই ওৰফে উৎপল অসম, সনঞ্জিত মৰাণ ওৰফে শেষৰজ্যোতি অসম, শত্ৰুবন দহোতীয়া ওৰফে নিনজা অসম আৰু দিগন্ত মৰাণ ওৰফে অমৰ অসম ৷ আত্মসমৰ্পণৰ সময়ত আলফা(স্বাধীন)ৰ কেডাৰ কেইজনে দুটা এইচকে, চাৰিটা একে চিৰিজৰ ৰাইফল, এটা গ্ৰেণেড, সত্তৰটা মেগজিন আৰু ছয় শতাধিক গুলী জমা দিয়ে ৷

শেহতীয়া বাতৰি