অসম প্ৰদেশ বিজেপিৰ বাবে এখন বন্ধাই থ'ব পৰা ফটো৷ আজিৰ তাৰিখত যিমান ফটোখনে গুৰুত্ব লাভ কৰিব সেই ফটোখনৰ গুৰুত্ব ভৱিষ্যৎ দিনত বহুগুণে বৃদ্ধি পোৱাতো একপ্ৰকাৰ খাটাং৷ ফটোখন কিয় প্ৰাসংগিক আজিৰ তাৰিখত সেই কথা ক'বলৈ গ'লে আমি উভতি চাব লাগিব ৮০ৰ দশকলৈ৷
ভিন্ন সংগ্ৰামৰ মাজেৰে অসমত সাহসিকতাৰে অসম প্ৰদেশ বিজেপি আনুষ্ঠানিকভাৱে আৰম্ভ হৈছিল৷ যাৰ আহ্বায়ক আছিল প্ৰয়াত লক্ষেশ্বৰ গোহাঁই (ADVISER LAKHESWAR GOHAIN) আৰু কবিন্দ্ৰ পুৰকায়স্থ (KABINDRA PURKAYASTHA)৷ সেই নতুন সমিতিখনৰ দায়িত্ব লাভ কৰিছিল ১৯৮০ৰ পৰা ৮৩লৈ প্ৰয়াত উমা নাথ শৰ্মাই৷ তিনিবছৰীয়া কাৰ্যকাল উমানাথ শৰ্মাৰ সমাপ্ত হোৱাত ১৯৮৩-৮৫লৈ সভাপতিৰ দায়িত্ব লৈছিল দলটোৰ অসম প্ৰদেশৰ আহ্বায়ক লক্ষেশ্বৰ গোহাঁয়ে৷ লক্ষেশ্বৰ গোঁহাইৰ পিছত চক্ৰেশ্বৰ শইকীয়া, ডাঃ যোগেশ্বৰ মহন্তই ১৯৮৯ চনলৈকে চম্ভালিলে কাৰ্যকাল৷ ইয়াৰ পিছতে ১৯৮৯চনৰ পৰা তিনিটা কাৰ্যকাল ১৯৯৫লৈ সমাপন কৰা দেখা গ'ল প্ৰবীণ বৰুৱাক৷
সদ্যপ্ৰয়াত বিজেপিৰ ৰাজ্যিক সভাপতি ইন্দ্ৰমণি বৰাৰ কাৰ্যকাল ১৯৯৫-৯৭ আৰু ২০০৩-০৬৷ ইন্দ্ৰমণি বৰাৰ এই দুটা কাৰ্যকালৰ মাজত ১৯৯৭-৯৯লৈ নাৰায়ণ চন্দ্ৰ বৰকটকী আৰু ১৯৯৯ৰ পৰা ২০০৩লৈ সভাপতি আছিল ৰাজেন গোহাঁই৷ ইয়াৰ পিছতে অৰ্থাৎ প্ৰয়াত ইন্দ্ৰমণি বৰা যিহেতু ৰাজেন গোহাঁইৰ পিছৰ কাৰ্যকালৰো সভাপতি আছিল সেই হিচাপেৰে ২০০৬ৰ পিছত ৰমেন ডেকা এবাৰ, ৰঞ্জিত দত্ত এবাৰ, সিদ্ধাৰ্থ ভট্টাচাৰ্য এবাৰ, সৰ্বানন্দ সোণোৱাল দুবাৰ, ৰণজিৎ দাস দুবাৰকৈ সভাপতি হৈছে৷
বৰ্তমান অসম প্ৰদেশ বিজেপিৰ সভাপতি ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতা৷ ভৱেশ কলিতাৰ কাৰ্যকালৰ প্ৰথমখন কাৰ্যনিৰ্বাহক অনুষ্ঠিত হৈছে উত্তৰ গুৱাহাটীত৷ তাতে দেখা গৈছে অসম প্ৰদেশ বিজেপিৰ সাতোজন সভাপতি লগ হৈ উঠা এখন বিৰল ফটো৷ য'ত বিজেপিৰ ছজন প্ৰয়াত সভাপতি আৰু বৰ্তমান বাৰ্ধক্যজনিত কাৰণত অনুপস্থিত থকা একমাত্ৰ নাৰায়ণ চন্দ্ৰ বৰকটকীহে নাই৷ ফটোখনত আছে ৰাজেন গোঁহাই, ৰমেন ডেকা, ৰঞ্জিত দত্ত, সৰ্বানন্দ সোণোৱাল, সিদ্ধাৰ্থ ভট্টাচাৰ্য, ৰণজিৎ দাস আৰু ভৱেশ কলিতা৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|