உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • লামডিঙৰ ৰাষ্ট্ৰীয় ঘাইপথত বাগৰিল বলেৰ' পিক–আপ, আহত  ৬জন

    লামডিঙৰ ৰাষ্ট্ৰীয় ঘাইপথত বাগৰিল বলেৰ' পিক–আপ, আহত  ৬জন

    স্থানীয় ৰাইজ তথা পথচাৰীৰ তৎপৰতাত  উদ্ধাৰ কৰি প্ৰেৰণ কৰা হৈছে  চিকিৎসালয়লৈ।

    স্থানীয় ৰাইজ তথা পথচাৰীৰ তৎপৰতাত  উদ্ধাৰ কৰি প্ৰেৰণ কৰা হৈছে  চিকিৎসালয়লৈ।

    স্থানীয় ৰাইজ তথা পথচাৰীৰ তৎপৰতাত  উদ্ধাৰ কৰি প্ৰেৰণ কৰা হৈছে  চিকিৎসালয়লৈ।

    • Share this:

    লামডিঙৰ ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ এছ ট্ৰানিঙত মঙলবাৰে বিয়লি সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। নগাঁও অভিমুখী  AS 02 CC 5927 নম্বৰৰ বলেৰ' পিক–আপ গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই পথত বাগৰি পৰাৰ ফলত গাড়ীখনত থকা ৬জনকৈ লোক কম–বেছি পৰিমাণে আহত হয়।


    সামান্য পৰিমাণে আহত হোৱাকেইজন হৈছে নগাঁও টুকটুকী গাঁৱৰ  জিয়াৰুল হক, আওজুল হক, ৰিয়াবুল হক। ইপিনে গুৰুতৰভাৱে আহত হোৱাকেইজন হৈছে ডবকা উদমাৰী গাঁৱৰ আব্দুল, হুছেইন আহমেদ আৰু জাকিৰ হুছেইন ৷


    দুৰ্ঘটনাত আহত  হোৱাসকলক স্থানীয় ৰাইজ তথা পথচাৰীৰ তৎপৰতাত  উদ্ধাৰ কৰি প্ৰেৰণ কৰা হৈছে  চিকিৎসালয়লৈ।

    Published by:Gautam Barman
    First published: