• Home
  • »
  • News
  • »
  • assam
  • »
  • বঙাইগাঁও ৰে’ল ষ্টেচনত অঘটন, শ্বেড ভাঙি গুৰুতৰভাৱে আহত ৭জন শ্ৰমিক

বঙাইগাঁও ৰে’ল ষ্টেচনত অঘটন, শ্বেড ভাঙি গুৰুতৰভাৱে আহত ৭জন শ্ৰমিক

শ্বেড নিৰ্মাণ কৰি থকাৰ সময়তে শ্বেড ভাঙি সাতজনকৈ শ্ৰমিক গুৰুতৰভাৱে আহত হয়৷

শ্বেড নিৰ্মাণ কৰি থকাৰ সময়তে শ্বেড ভাঙি সাতজনকৈ শ্ৰমিক গুৰুতৰভাৱে আহত হয়৷

শ্বেড নিৰ্মাণ কৰি থকাৰ সময়তে শ্বেড ভাঙি সাতজনকৈ শ্ৰমিক গুৰুতৰভাৱে আহত হয়৷

  • Share this:
বঙাইগাঁও ৰে’লৱে ষ্টেচনত অঘটন৷ বঙাইগাঁও ৰে’লৱে ষ্টেচনৰ ২নং প্লেটফৰ্মত শ্বেড নিৰ্মাণ কৰি থকাৰ সময়তে শ্বেড ভাঙি সাতজনকৈ শ্ৰমিক গুৰুতৰভাৱে আহত হয়৷ আহতসকল ক্ৰমে মৰিগাঁৱৰ বিফুল বৰদলৈ (২৪) আৰু যতীন বৰদলৈ (১৯), বঙাইগাঁও জিলাৰ ৰাখালডুবিৰ বেণু ৰায় (৪৫ ), চিৰাং জিলাৰ বিজনীৰ গোপাল বৰ্মন আৰু চিৰাং জিলাৰ ছাতিপুৰৰ মনোৰঞ্জন বৰ্মন।

আহতসকলক বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ উল্লেখযোগ্য যে ৰে’লৱে ট্ৰেক তথা ষ্টেচনৰ মাজেৰে প্ৰবাহিত হৈছে উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰ৷ নিয়ম মতে, ৰে’লৱে বিভাগৰ কাম–কাজ কৰোতে বৈদ্যুতিক তাঁৰৰ বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰি ল’ব লাগে৷ আনহাতে, কামত নিয়োজিতসকলে ছেফ্‌টি বেল্ট পৰিধান কৰিব লাগে৷ কিন্তু নিৰ্মাণকাৰী সংস্থাই শ্ৰমিকক সুৰক্ষাৰ দিশটো সম্পূৰ্ণৰূপে উলাই কৰাৰ অভিযোগ উত্থাপন হৈছে৷
Published by:Sanjay Kumar Das
First published: