বড়ো জনগোষ্ঠীৰ পিতৃস্বৰূপ বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ ওপজা দিন উপলক্ষে আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত ছাত্ৰ দিৱসত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিত্তমন্ত্ৰী অজন্তা নেওগ, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, BTR প্ৰধান প্ৰমোদ বড়ো, ৰাজ্য চৰকাৰৰ শিক্ষা উপদেষ্টা ড০ ননীগোপাল মহন্ত, BTRৰ অধ্যক্ষ কাতিৰাম বড়ো।
অনুষ্ঠানত ছাত্ৰ- ছাত্ৰীসকলকৰ বাবে আৰ্থিক ঋণ আদিৰ আঁচনি মুকলি কৰাৰ লগতে কেইবাখনো শৈক্ষিক আঁচনি ঘোষণা কৰা হয়। অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে শিক্ষাসেতু নামৰ এটা এপছ বিদ্যালয়সমূহত প্ৰৱৰ্তন কৰা হ'ব। ইয়াৰ উদ্দেশ্যে ৫১,৮৫৮ টেবলেট বিতৰণ কৰা হ'ব বিদ্যালয়সমূহত। আজিৰ অনুষ্ঠানতেই শুভাৰম্ভণি কৰা হয় এই কাৰ্যসূচীৰ।
মুখ্যমন্ত্ৰীয়ে সৰ্বশ্ৰেষ্ঠ ৰাষ্ট্ৰ হোৱাৰ সপোন দেখাৰ কথা উল্লেখ কৰি কয় যে প্ৰথমবাৰৰ বাবে আন্দোলন বিবৰ্জিত পৰিৱেশৰ সূচনা হৈছে অসমত, যোৱা দুটা বছৰত অসমত আন্দোলন হোৱা নাই। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই লগতে কয়- যি ভাষাই উপাৰ্জনৰ পথ দিয়ে, সেই ভাষা শিকি লোৱাটো দায়িত্ব। কৰ্ণাটকত ১০ বছৰ থাকিলে কৰ্ণাটকৰ ভাষা শিকি লোৱাটো দায়িত্ব। অসমীয়া ভাষাই সৰ্বশ্ৰেষ্ঠ ভাষা বুলি ভাবি নাথাকি অন্যান্য ভাষাও শিকিব লাগে। তেওঁ যিকোনো জনজাতীয় ভাষা এটা শিকিবলৈ যত্নপৰ হ'বলৈও আহ্বান জনায়।
চৰকাৰে ঘোষণা কৰা অনুসৰি উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীসকলক কিতাপ কিনিবলৈ এতিয়াৰে পৰা ১,৪৫০ টকাকৈ দিব চৰকাৰে। আজিৰ অনুষ্ঠানতেই এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰীয়ে। ৩ লাখ ৪১ হাজাৰ ৬৬৪ ছাত্ৰ-ছাত্ৰীলৈ আগবঢ়োৱা হ'ব এই পুঁজি। ইয়াৰ লগতে হোষ্টেলত থকা ছাত্ৰ-ছাত্ৰীৰ বাবে ১১ কোটি ৯৯ লাখ টকা মুকলি কৰি দিয়া হয় আজিৰ অনুষ্ঠানতেই। হোষ্টেলত থকা প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়ে ৭১৫৮ টকাকৈ পাব । অহাবাৰ এই পুঁজিৰ পৰিমাণ ১০,০০০ টকালৈ বৃদ্ধি কৰিবলৈ আহ্বান জনায় শিক্ষামন্ত্ৰীক।
আনহাতে, ৩৩৭খন বিদ্যালয়ত বিনামূলীয়া নামভৰ্তিৰ বাবে যিমান টকাৰ প্ৰয়োজন সেই আটাইখিনি টকা দি দিয়া হ'ব চৰকাৰৰ তৰফৰ পৰা।
ঘৰৰ পৰা অহা-যোৱা কৰি Post graduate পঢ়ি থকা ৭,৭২৩ গৰাকী ছাত্ৰীক আজি ১০,০০০ টকাকৈ দিয়া হয়। ডিগ্ৰী পঢ়া ছোৱালীসকলক অহাবাৰৰ পৰা ১০,০০০ টকাকৈ দিয়াৰ ব্যৱস্থা কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে প্ৰতিমাহে দিয়াৰ ব্যৱস্থা কৰিবলৈ চেষ্টা কৰাৰো প্ৰতিশ্ৰুতি দিয়ে।
ইয়াৰ লগতে সংখ্যালঘু ছাত্ৰীসকলক minority scholarshipৰ উপৰি উচ্চতৰ মাধ্যমিকত পঢ়ি থকা ছাত্ৰীক ২০০০ টকা, স্নাতক পঢ়ি থকা ছাত্ৰীক ৪০০০ টকা আৰু স্নাতোকত্তৰ পঢ়ি থকা ছাত্ৰীক ৪০০০কৈ টকা দিয়া হ'ব। মুঠ ২৬,০০০ ছাত্ৰ-ছাত্ৰীক এই বৃত্তি দিয়া হ'ব। ভৱিষ্যতে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি হ'ব।
ইয়াৰ লগতে যিসকলে বেংকৰ পৰা লোণ লৈ পঢ়িছিল, তেওঁলোকক ৫০,০০০ টকা লোনৰ ছাবছিডী হিচাপে দিয়াৰ ব্যৱস্থা কৰা হৈছিল। এইবাৰো দিয়া হ'ব। ইতিমধ্যে প্ৰক্ৰিয়া আৰম্ভ হৈছে।
Published by: Gautam Barman
FIRST PUBLISHED : March 31, 2023, 19:22 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।