হাইলাকান্দি আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৭টাকৈ বিৰল প্ৰজাতিৰ ক'লা বান্দৰ বা Ape। সোমবাৰে নিশা আনুমানিক ৯ বজাত স্থানীয় জামিৰা আৰক্ষী চকীৰ নাকা চেকিঙত এখন ট্ৰাকৰ ভিতৰৰ পৰা উদ্ধাৰ হৈছে বান্দৰকেইটা। মিজোৰামৰ পৰা অহা এখন ট্ৰাকৰ ভিতৰত চাৰিটা বাকচৰ ভিতৰত লুকুৱাই সৰবৰাহ কৰি থকা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰে বান্দৰকেইটা।
পশু চিকিৎসকে স্বাস্থ্য পৰীক্ষা কৰাৰ পিছত বন বিভাগক হস্তান্তৰ কৰা হয় বান্দৰকেইটা। লগতে ট্ৰাকৰ চালক আৰু তেওঁৰ লগতে থকা আন এগৰাকী ব্যক্তিক আটক কৰিছে আৰক্ষীয়ে। বৰ্তমানে সোধা-পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে। আন্তৰ্জাতিক চোৰাং বজাৰত এই বিলুপ্ত প্ৰজাতিৰ বান্দৰৰ মূল্য কেইবাকোটি টকা হ'ব বুলি অনুমান কৰা গৈছে বুলি জনাইছে হাইলাকান্দিৰ আৰক্ষী অধীক্ষক নৱনীত মহন্তই। আনহাতে, উদ্ধাৰ হোৱা পশুকেইটাক গুৱাহাটী চিৰিয়াখানালৈ প্ৰেৰণ কৰা হ'ব বুলি জনাইছে হাইলাকান্দি বন বিভাগে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|